তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?

Share This Article

কাবুলত প্ৰৱেশ কৰাৰ পাছতে  প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷

ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম কাৰাগাৰ আছিল আমেৰিকাৰ সেনাবাহিনীৰ হাতত ৷ কিন্তু আফগানিস্তানৰ পৰা আমেৰিকাই নিজৰ সেনা প্ৰত্যাহাৰ কৰাৰ পাছত কাৰাগাৰটোৰ দায়িত্ব দিয়া হয় আফগান সেনাক ৷কেৱল বগৰম কাৰাগাৰেই নহয় , যিসমূহ প্ৰদেশ তালিবানে দখল কৰিছে , তাৰ কাৰাগাৰসমূহৰ বন্দীসকলক ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে ৷

তালিবানে দেওবাৰে কাবুল প্ৰায় দখল কৰাৰ পাছত চৰকাৰী ভৱনসমূহ প্ৰায় খালী হৈ পৰিছে ৷ তাত এতিয়া উৰিছে তালিবানৰ পতাকা ৷সমগ্ৰ চহৰজুৰি ক্ষমতা সলনি হোৱাৰ ছবি প্ৰায় স্পষ্ট হৈ পৰিছে ৷ৰাজপথসমূহো এতিয়া তালিবানৰ দখলত ৷ সৃষ্টি হৈছে ব্যাপক যানজটৰ ৷

তালিবানৰ প্ৰধান মোল্লা আব্দুল গণি বৰাদৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ বাসভৱনলৈ গৈ ক্ষমতা হস্তান্তৰ সম্পৰ্কে আলোচনাত মিলিত হৈছে ৷ তেৱেই আফগানিস্তানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব বুলি চৰ্চা চলিছে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.