আপুনি কোনটো চাকৰি পালে – প্ৰধানমন্ত্ৰীক এইদৰে কিয় উভতি ধৰিলে ৰাহুল গান্ধীয়ে ?

Share This Article

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছৰ মতে দেশবাসীক ক’বলৈ চৰকাৰৰ ওচৰত নতুন কথা একো নাই ৷ পুৰণি জুমলাই তেওলোকে নতুনকৈ ঘোষণা  কৰিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশবাসীক উদ্দেশ্যি প্ৰশ্ন কৰে যে চৰকাৰৰ ১৪ কৌটি চাকৰিৰ ভিতৰত আপোনালোকে কোনটো চাকৰি লাভ কৰিছে ৷ এক টুইটত তেও উল্লেখ কৰে- প্ৰতি বছৰে ২ কৌটি অৰ্থাৎ সাত বছৰত ১৪ কৌটি চাকৰিৰ ভিতৰত আপুনি কোনটো চাকৰি পালে ?দলটোৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই চৰকাৰক কটাক্ষ কৰি ২০১৯ চনৰ স্বাধীনতা দিৱসত মোদীয়ে দিয়া ভাষণৰ এটা ক্লিপ শ্বেয়াৰ কৰে ৷ টুইটটোত তেও লিখে যে জুমলা এৰাত কাৰ কি যা্য় ! কিন্তু এতিয়া জুমলাও পুৰণিয়ে এৰিবলগীয়া হৈছে ৷

দেওবাৰে পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহিবলগীয়া ২৫ বছৰক ‘ভাৰতৰ নিৰ্মানৰ অমৃত কাল’ বুলি অভিহিত কৰে ৷ তেও লগতে ১০০ লাখ কৌটিৰ ‘গতিশক্তি যোজনা’ , শক্তি ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰিবলৈ ‘গ্ৰীণ হাইদ্ৰ’জেন মিশ্যন’ আৰু অহা ১৫ সপ্তাহত ৭৫ খন বন্দে ভাৰত ৰে’লগাড়ী চলাচল কৰাৰ কথা ঘোষণা কৰে ৷ সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.