দেশত ক’ভিডৰ দ্বিতীয় ঢৌয়ে তাণ্ডৱ চলাই থকাৰ সময়ত বহু বিশেষজ্ঞই উদ্বেগ প্ৰকাশ কৰিছিল যে ক’ভিডৰ তৃতীয় ঢৌয়ে দেশৰ শিশু সকলক বিশেষভাৱে সংক্ৰমিত কৰিব পাৰে। এক বিশেষ প্ৰতিবেদনৰ শেহতীয়া পৰিসংখ্যা অনুসৰি ১-১০ বছৰীয়া শিশুৰ ক্ষেত্ৰত ক’ভিড সংক্ৰমণ প্ৰায় দুগুণ বৃদ্ধি হৈছে। ক’ভিডৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰস্তুত কৰা জৰুৰীকালীন গোটে দিয়া তথ্য মতে বিগত মাৰ্চ মাহত সৰ্বমুঠ সক্ৰিয় ক’ভিড আক্ৰান্ত ৰোগীৰ ভিতৰত প্ৰায় ২.৮ শতাংশ শিশু আছিল। যদিও প্ৰতিবেদনত দেশৰ পৰিস্থিতি উদ্বেগজনক বুলি কোৱা নাই তথাপিও কিন্তু এয়া সঁচা যে শিশুসকল পূৰ্বতকৈ অধিক হাৰত সংক্ৰমিত হৈছে।
বহু বিশেষজ্ঞই শিশুৰ ক্ষেত্ৰত হ’ব পৰা সংক্ৰমণ সম্পৰ্কে দেশবাসীক সতৰ্ক কৰি আহিছে। তেনে বিশেষজ্ঞ সকলৰ ভিতৰত আছে কাৰ্ডিয়াক চাৰ্জন আৰু নাৰায়ণ হেল্থৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক দেৱী চেট্টী। তেওঁ মে মাহত এটা প্ৰবন্ধত লিখিছিল যে কৰোনা ভাইৰাছে নিজকে নতুন ৰূপলৈ ৰূপান্তৰিত কৰিছে যাতে ই নতুন লোকক সংক্ৰমিত কৰিব পাৰে। তেওঁ কৈছিল যে প্ৰথম ঢৌৰ সময়ত এই ভাইৰাছে মুখ্যত বৃদ্ধ সকলক আৰু দ্বিতীয় ঢৌৰ সময়ত যুৱক-যুৱতীসকলক আক্ৰমণ কৰিছিল। তাৰ পিছত তেওঁ তৃতীয় ঢৌৰ সময়ত ক’ভিডে শিশু সকলক আক্ৰমণ কৰিব বুলি আশংকা ব্যক্ত কৰিছিল। অনুমান কৰা হৈছে যে ভাৰতত ১৬.৫ কোটি শিশুৰ বয়স ১২ বছৰৰ তলত।
উল্লেখযোগ্য যে দেশৰ সক্ৰিয় ক’ভিড ৰোগীৰ ভিতৰত ১০ বছৰৰ তলৰ ক’ভিড পজিটিভ শিশুৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
আগষ্ট মাহৰ তথ্য অনুসৰি দেশৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মিজোৰামত সৰ্বাধিক সংখ্যক কৰোনা ৰোগী আছে। মিজোৰামত দেশৰ সৰ্বাধিক ১৬.৪৭% ৰোগী থকাৰ বিপৰীতে দিল্লীত আছে ২.২৫%। ইয়াৰ উপৰিও মেঘালয়ত মুঠ সক্ৰিয় কেচৰ ৯.৩৫%, মণিপুৰত ৮.৭৪%, কেৰালাত ৮.৬২%, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ৮.২%, ছিকিমত ৮.০২%, দাদৰা আৰু নগৰ হাভেলীত ৭.৬৯% আৰু অৰুণাচল প্ৰদেশত ৭.৩৮%। ৰাষ্ট্ৰীয় গড় ৭.০৪% ৰ তুলনাত এই ৰাজ্যবোৰৰ শিশুসকল বৃহৎ পৰিমাণে ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছে। শিশুসকলৰ অধিক সংক্ৰমণ প্ৰতিহত কৰাৰ উপায় হ’ল টিকাকৰণয় কিন্তু দেশত এতিয়ালৈকে শিশুসকলক টিকাকৰণ অভিযান আৰম্ভ কৰা হোৱা নাই। যদিও কিছুমান ভেকছিনে জৰুৰী কালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে তথাপিও ভেকছিনেচন ড্ৰাইভ আৰম্ভ কৰিবলৈ সময় লাগিব। ১২-১৭ বছৰ বয়সৰ শিশুক অক্টোবৰৰ পৰা টিকাকৰণ কৰা হ’ব। অৱশ্যে টিকাকৰণৰ ক্ষেত্ৰত কাক প্ৰথমে অগ্ৰাধিকাৰৰ দিয়া হ’ব সেই সিদ্ধান্ত সংশ্লিষ্ট কৰ্তৃপক্ষই পিছতহে ল’ব।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.