২২ ছেপ্টেম্বৰত আমেৰিকলৈ যাব মোডীঃ কি কলে ৰাষ্ট্ৰপতি জ’ বাইডেনে?

Share This Article

অহা ২২ ছেপ্টেম্বৰত আমেৰিকালৈ উৰা মাৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২৪ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে ৱাশ্বিংটনত এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০২১ চনৰ জানুৱাৰীত বাইডেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অহা ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। উল্লেখ্য যে নৰেন্দ্ৰ মোডী ২২ ছেপ্টেম্বৰৰ নিশা আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত উপস্থিত হ’ব। আমেৰিকাৰ হোৱাইট হাউচে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.