তিহাৰ জেলৰ পৰা ফোনযোগে এগৰাকী মহিলাক প্ৰতাৰণা কৰি ২০০ কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে চন্দ্ৰশেখৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চন্দ্ৰশেখৰ নামৰ ব্যক্তিজনে ফাৰ্মাচিউটিকেল কোম্পানীৰ স্বত্বাধিকাৰী শিবিন্দৰ সিঙৰ পত্নীৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছে। উল্লেখ্য যে শিবিন্দৰ আৰু তেওঁৰ ভাতৃ মালৱিন্দৰ দুৰ্নীতিৰ অভিযোগত ২০১৯ চনৰ পৰা কাৰাগাৰত আৱদ্ধ হৈ আছে।
আৰক্ষীয়ে ভাষ্য অনুসৰি চন্দ্ৰশেখৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, গৃহ মন্ত্ৰালয় আৰু কেতিয়াবা আইন মন্ত্ৰালয়ৰ নাম লৈ শিবিন্দৰৰ পত্নীক ফোন কৰিছিল আৰু বিভিন্ন সময়ত মন্ত্ৰীৰ নামো লৈছিল।
শিবিন্দৰ সিঙৰ পত্নী অদিতিয়ে কয় যে তেওঁ যোৱা ১১ মাহ ধৰি চন্দ্ৰশেখৰক ১০ টা কিস্তিত ২০০ কোটি টকা পৰিশোধ কৰিছে। তেওঁক কোৱা হৈছিল যে এই ধন বিজেপিৰ দলৰ পুঁজিলৈ যাব। অমিত শ্বাহ আৰু ৰবি শংকৰ প্ৰসাদৰ দৰে গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীসকল তেওঁৰ লগত আছে বুলিও দাবী কৰিছিল চন্দ্ৰশেখৰে।
শিবিন্দৰৰ পত্নী অদিতিয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মন্তব্য অনুসৰি ১১ মাহ পূৰ্বে এগৰাকী মহিলাই প্ৰথমে তেওঁক ফোন কৰিছিল আৰু কৈছিল যে আইন সচিব অনুপ কুমাৰে তেওঁৰ সৈতে কথা পাতিব বিচাৰে। এজন ব্যক্তিয়ে তেতিয়া নিজকে অনুপ কুমাৰ বুলি চিনাকী দি কৈছিল যে তেওঁ মহিলা গৰাকীৰ স্বামী শিবিন্দৰক ওপৰৱালাৰ নিৰ্দেশ মৰ্মে জামিন পোৱাত সহায় কৰিব। কেইদিনমানপিছত মানুহজনে পুনৰ ফোন কৰি অদিতিক কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে অদিতিৰ সৈতে কথা পাতিব বিচাৰিছে। তেওঁ স্পীকাৰত আছে। কেইদিনমানপিছত মহিলা গৰাকীক পুনৰ ফোন কৰিছিল অনুপ কুমাৰে।
অদিতি সিঙৰ ভাষ্য অনুসৰি ফোনটোৰ ট্ৰু-কলাৰ এপটোৱে সেইদিনা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপদেষ্টা পি কে মিশ্ৰাৰ পৰা এটা ফোন অহা দেখুৱাইছিল। এনেদৰে কেইবাবাৰো বিজেপি নেতা-কৰ্মীৰ নাম লৈ ফোন কৰাৰ পিছত অনুপ কুমাৰে বিজেপিৰ পুঁজিৰ বাবে ২০ কোটি টকা বিচাৰিছিল। কুমাৰে চোৰাংচোৱা বিভাগে বিষয়টোৰ ওপৰত চকু ৰাখিছে বুলি দাবী কৰি বিষয়টোক লৈ বেছি হুলস্থুল নকৰিবলৈ পৰামৰ্শ দিছে মহিলা গৰাকীক। প্ৰথমে তেওঁলোকে বিদেশলৈ টকা পঠিয়াবলৈ কৈছিল। পিছত ৰোহিত নামৰ এজন যুৱক আৰু এগৰাকী মহিলা আহি হাতে হাতে টকা খিনি লৈ গৈছিল।
অদিতি সিঙে একে ধৰণে ২০ কোটি টকা দিয়াৰ পিছত তেওঁক আৰু ৩০ কোটি টকা দাবী কৰা হৈছিল। অভিযোগকাৰীৰ ভাষাত তেওঁলোকে মহিলা গৰাকীক ভয় খুৱাইছিল আৰু ভাবুকি দিছিল। তেওঁলোকক নগদ ধন, গহনা আৰু জমা দি হ’লেও ২০০ কোটি টকা পৰিশোধ কৰিবলৈ বাধ্য কৰা হৈছিল। আনকি বিদেশত থকা মহিলা গৰাকীৰ সন্তানৰ নাম লৈয়ো ভাবুকি দিছিল চন্দ্ৰশেখৰ নেতৃত্বাধীন চক্ৰটোৱে।
অদিতিয়ে স্বীকাৰ কৰিছে যে এটা সময়ত তেওঁ ফোনত কথা পাতি থকা সকলোৰে ভাষাত দক্ষিণ ভাৰতীয় সুৰ অদিতিয়ে লক্ষ্য কৰিছিল। লগে লগে ঘটনাটো আৰক্ষীক জনায় অদিতিয়ে আৰু প্ৰৱঞ্চনাৰ খবৰটো ৰাজহুৱা হৈ পৰে। আৰক্ষীয়ে জানিব পাৰিছে যে চন্দ্ৰশেখৰ আৰু তেওঁৰ সংগী অভিনেত্ৰী লিনা মেৰী পলে অদিতিৰ পৰা টকা লৈ চেন্নাইত সাগৰৰ পাৰত এটা বিলাসী বাংলো কিনিছিল। ইয়াৰ উপৰিও কেইবাখনো মূল্যৱান গাড়ী, ব্ৰেণ্ডেড ঘড়ী, বেগ, জোতা, কাপোৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে জানিব পাৰিছে যে সমগ্ৰ দেশতে দুয়োজনৰ বিৰুদ্ধে ২৩ টা প্ৰৱঞ্চনাৰ গোচৰ পঞ্জীভুক্ত হৈ আছে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.