ড্ৰাগছ কেচ: তদন্ত সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ল অভিনেত্ৰী ৰাকুল প্ৰীত সিং

শুকুৰবাৰে এটা ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) হায়দৰাবাদৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হল অভিনেত্ৰী ৰাকুল প্ৰীত সিং। উল্লেখ্য যে বিগত মঙলবাৰে ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত সংস্থাটোৰ বিষয়াসকলৰ সন্মুখত হাজিৰ হ’বলৈ হায়দৰাবাদৰ ইডি কাৰ্যালয়লৈ আহিছিল চলচ্চিত্ৰ পৰিচালক পুৰী জগন্নাধ।
গোচৰটো ২০১৭ চনত এটা ড্ৰাগ ৰেকেট ধ্বংসৰ সৈতে সম্পৰ্কিত। ইডিয়ে গোচৰটোৰ সন্দৰ্ভত টলিউডৰ সৈতে কেইবাগৰাকী ব্যক্তিৰ বিৰুদ্ধেও চামন জাৰি কৰিছে। ২০১৭ চনৰ জুলাই মাহত এজন সংগীতজ্ঞ আৰু আন দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ দখলৰ পৰা ড্ৰাগছ জব্দ কৰাৰ পিছত ড্ৰাগছ ৰেকেটটো পোহৰলৈ আহিছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296