সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

“টীম মোদী”ৰ ৪২% মন্ত্ৰী অপৰাধত অভিযুক্ত , ৯০ % কৌটিপতি

নতুন ৰূপত গঠন হ’ল মোদী মন্ত্ৰীসভা ৷ ৩৬ খন নতুন মুখেৰে নৰেন্দ্ৰ মোদীৰ ৭৮ জনীয়া নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিলে ৷নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভা সন্দৰ্ভত এছোচিয়েট ডেএম’ক্ৰেটিক ৰিফ’ৰ্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷এ ডি আৰৰ তথ্য অনুসৰি ,মোদী কেবিনেটৰ ৪২ শতাংশ মন্ত্ৰীয়েই অপৰাধমূলক গোচৰত অভিযুক্ত৷অন্যহাতে, ৩১ শতাংশ মন্ত্ৰী গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত৷২০১৯ চনৰ প্ৰথম পৰ্যায়ৰ মোদী মন্ত্ৰীসভাৰ মাত্ৰ ২৭ শতাংশ আৰু ২০১৪ চনৰ মন্ত্ৰীসভাৰ মাত্ৰ ২৮ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছিল অপৰাধমূলক গোচৰ৷অর্থাৎ মোদী চৰকাৰৰ নতুন মন্ত্ৰীসভাত নতুন মুখ বৃদ্ধিৰ সমান্তৰালভাবে বৃদ্ধি পালে অপৰাধত অভিযুক্ত মন্ত্ৰীৰ সংখ্যাও৷
মোদী চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ ৩৩ জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আৰু ২৪ জনৰ বিৰুদ্ধে আাছে গুৰুতৰ অপৰাধৰ গোচৰ৷ইয়াৰে এজনৰ বিৰুদ্ধে আছে আই পি চি ৩০২ ধাৰাৰ অধীনত হত্যাৰ অভিযোগ৷আনহাতে, চাৰিজন মন্ত্ৰীৰ বিৰুদ্ধে আছে হত্যাৰ চেষ্টাৰ অভিযোগ৷৫ জন মন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ অভিযোগৰ গোচৰ থকাৰ বিপৰীতে ৭ জনৰ বিৰুদ্ধে আছে নির্বাচনী বিধি উলংঘাৰ গোচৰ৷এই পৰিসংখ্যা অনুসৰি ৭ বছৰীয়া মোদী কার্যকালৰ এইখনেই সর্বাধিক অপৰাধত অভিযুক্তৰে ভৰা মন্ত্ৰীসভা৷
নতুন মোদী মন্ত্ৰীসভাৰ আন এটা বৈশিষ্ট্য -নতুন কেবিনেটৰ ৯০ শতাংশ মন্ত্ৰীয়েই কৌটিপতি৷মোদী মন্ত্ৰীসভাৰ প্ৰতিজন মন্ত্ৰীৰ গড় সম্পত্তিৰ পৰিমাণ ১৬ কোটি ২৪ লাখ৷৭৮ জনীয়া কেবিনেটৰ ৭০ জন মন্ত্ৰীয়েই কৌটিপতি৷ইয়াৰ ভিতৰত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সম্পত্তিৰ পৰিমাণ সর্বাধিক৷জ্যোতিৰাদিত্য সিন্ধিয়াৰ সম্পত্তিৰ পৰিমাণ ৩৭৯ কোটি৷দিত্বীয় স্থানৰ পিয়ুষ গোৱেলৰ সম্পত্তিৰ পৰিমাণ ৯৫ কোটি আৰু তৃতীয় স্থানৰ নাৰায়ন ৰানেৰ সম্পত্তিৰ পৰিমাণ ৮৭.৭৭ কোটি৷আটাইতকৈ কম সম্পত্তিৰ গৰাকী মন্ত্ৰী প্ৰতিমা ভৌমিক৷প্ৰতিমা ভৌমিকৰ সম্পত্তিৰ পৰিমাণ ৬.৪২ লাখ টকা৷আনহাতে, নতুন কেবিনেটৰ মাত্ৰ ৮ জন মন্ত্ৰীৰ সম্পত্তিৰ পৰিমান এক কোটিতকৈ কম৷ইয়াৰ মাজত আছে অসমৰ ৰামেশ্বৰ তেলীৰ নাম৷ৰামেশ্বৰ তেলীৰ সম্পত্তিৰ পৰিমাণ ৪৩.৪২ লাখ টকা৷

Leave A Reply

Your email address will not be published.