উপ – নিৰ্বাচনত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী !

Share This Article

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত উপ – নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল -গোসাইগাঁও , তামুলপুৰ, মাজুলী আৰু মৰিয়ণি ৷ গোসাইগাও আৰু তামুলপুৰৰ বিধায়ক দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে স্থান পাইছে কেন্দ্ৰীয় কেবিনেটত ৷ মৰিয়ণিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে বিধায়ক পদ এৰি যোগদান কৰিছে বিজেপিত ৷ গতিকে আগন্তুক ছমাহৰ ভিতৰত আটাইকেইটা সমষ্টিত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত অব্যাহত আছে খহনীয়া ৷ ইজনৰ পাছত সিজন কংগ্ৰেছী নেতাই যোগদান কৰিছে বিজেপি দলত ৷ মাজুলীৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাজীৱ লোচন পেগুৰ পাছত  কংগ্ৰেছ এৰি বিজেপি যোগ দিছে দলটোৰ দুই জে্যষ্ঠ নেতা পংকজ বৰবৰা আৰু অনিল ৰাজাই ৷ নিৰ্বাচনত শোচনীয় পৰাজয় আৰু বহু নেতাৰ দলত্যাগৰ পাছতহে যেন সাৰ পাইছে কংগ্ৰেছ নেতৃত্বই ৷ সন্মুখত অস্তিত্বৰ সংকট দেখি এইবাৰ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই পোষকতা কৰিছে ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থীৰ ৷ ৰিপুন বৰাই কৈছে- আহিবলগীয়া উপ – নিৰ্বাচনত প্ৰতিটো সমষ্টিত বিৰোধীৰ উমৈহতীয়া এজন প্ৰাৰ্থী থকাতো তেও বিচাৰে ৷
এই সন্দর্ভত মত প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই ৷ নব্যগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ অন্যতম উদ্যোক্তা সংগঠনটোৱে এখন সংবাদমেলত মৰিয়ণিৰ উপ –নিৰ্বাচনৰ প্ৰসংগত কয় যে এই নিৰ্বাচনেই ৰাইজৰ দলৰ ভৱিষ্যত নিৰূপণ কৰিব ৷কিয়নো মৰিয়ণিৰ উপ – নিৰ্বাচন মুখামুখি ৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত ৷
স্বাভাৱিকতে এইবাৰৰ উপ- নিৰ্বাচনক লৈ বিৰোধী দলসমূহে এতিয়াৰ পৰাই আৰম্ভ কৰিছে ৰাজনৈততিক কুচকাৱাজ ৷ সাধাৰণতে উপ –নিৰ্বাচনৰ ফলাফল শাসক দলৰ পক্ষতেই থাকে ৷ কিন্তু এইবাৰ যদি সঁচাকৈয়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে এজন উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ৰণকৌশল হাতত লয় , তেনেহ’লে আহিবলগীয়া উপ –নিৰ্বাচন অতি আকৰ্ষণীয় ৰণাংগনত পৰিণত হ’ব ৷ বিশেষকৈ মৰিয়ণি সমষ্টিত দৃষ্টি নিবদ্ধ হৈ থাকিব ৰাজ্যবাসীৰ ৷ কিয়নো মৰিয়ণি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৃহসমষ্টি হোৱাৰ লগতে এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হ’ব মুখ্যমন্ত্ৰীৰ অতি ঘণিষ্ঠ ৰূপজ্যোতি কুৰ্মী ৷ এইদৰে উপ – নিৰ্বাচনক লৈ এতিয়াৰ পৰাই সকলো ৰাজনৈতিক দলৰ মজিয়াত আৰম্ভ হৈছে কাউন্ট – ডাউন৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.