মধ্যপ্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ আগে আগে বহু শব্দৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ কোৱা হৈছে যে এই শব্দসমূহ অসাংবিধানিক ৷ সেয়ে , বিধানসভা অধিৱেশন চলি থকা সময়ত এই শব্দসমূহ ব্যৱহাৰ কৰিব পৰা নাযাব ৷ নিষিদ্ধ শব্দসমূহৰ এখন পুস্তিকাও প্ৰকাশ কৰা হৈছে ৷ পুস্তিকাত সন্নিৱিষ্ট নিষিদ্ধ শব্দৰ তালিকাত আছে পাপ্পু , ব্যাভিচাৰী , মিথ্যাচাৰী , নিকম্মা , চোৰ , ভ্ৰষ্ট , তানাশাহী , গুণ্ডা আদি শব্দ ৷ ভেন্টিলেটৰ শব্দটোও এই তালিকাত ৰখা হৈছে ৷ বিৰোধী দল কংগ্ৰেছে অভিযোগ কৰিছে যে ভেন্টিলেটৰৰ অভাৱত বহু লোকৰ মৃত্যু হৈছে ৷ সেয়ে ভেন্টিলেটৰ শব্দটো নিষিদ্ধ কৰি চৰকাৰে সমালোচনাৰ পৰা হাত সাৰিব বিচাৰিছে ৷