সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অত্যুৎসাহী নহওক কংগ্ৰেছঃ আহ্বান বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ

২০২৪ চনৰ লোকসভা নির্বাচনে এইটো নিশ্চিত কৰা নাই যে কংগ্ৰেছে অকলে গোটেই খেলখন জিকিব পাৰিব৷অলপতে উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ মই ভাবোঁ, উপ-নির্বাচনত মিত্ৰদলক এখন দুখন আসন এৰি দিলে কংগ্ৰেছৰ ডাঙৰ ক্ষতি নহয়৷ ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত দেখা দিয়া অনৈক্য আৰু সংঘাত সন্দর্ভত প্ৰথমবাৰলৈ দ্য ক্ৰছকাৰেণ্টৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য প্ৰদান কৰিছে বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে৷

বিৰোধীৰ মাজত দেখা দিয়া সংঘাত শুভ লক্ষণ নহয়

- Donation -

দ্য ক্ৰছকাৰেণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে কয়, ‘সম্প্ৰতি কাগজৰ শিৰোনামা দখল কৰিছে বিৰোধী ঐক্যৰ মাজত দেখা দিয়া অনৈক্য আৰু সংঘাতে৷ ক্ৰমে পৰস্পৰৰ বিৰুদ্ধে যিসমূহ মতামত ওলাইছে, সেই সমূহ উত্তপ্ত হৈ আহিছে আৰু টিভিৰ অনুষ্ঠানসমূহতো উত্তেজনা সৃষ্টিৰ চেষ্টা কৰা হৈছে৷ মই ভাবো যে এয়া অসম আৰু দেশৰ ভৱিষ্যতৰ বাবে মুঠেই শুভ লক্ষণ নহয়৷ সেইবাবেই পৰিস্থিতি আৰু অধিক বেয়ালৈ যাব দিব নালাগে৷ আলাপ-আলোচনাৰ মাজেৰে সকলো বিসম্বাদ দূৰ কৰিব লাগে৷ আৰু যদি সম্ভব হয় এৰা ধৰাৰ মাজেৰে সমাধানলৈ আহিব লাগে।’

এতিয়াও শক্তিশালী বিজেপি,অত্যুৎসাহী হ’ব নালাগে কংগ্ৰেছ

আগন্তুক ৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰার্থিত্ব প্ৰদান কৰাৰ কথা চিন্তা কৰিছে৷ দলীয় কর্মীয়ে অকলেই নির্বাচনত অৱর্তীণ হোৱাটো বিচাৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছে৷ তাৰ পাছতেই বিৰোধী শিবিৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে৷ সেই সন্দর্ভত ড০ হীৰেন গোহাঁইয়ে কয়, ‘২০২৪ চনৰ লোকসভা নির্বাচনত বিজেপিৰ ফলাফল তেওঁলোকে আশা কৰাতকৈ বহুত বেয়া হ’ল৷ সন্মিলিত বিৰোধী জিকিব নোৱাৰিলেও তেওঁলোকৰ আসন বাঢ়িল৷ বিশেষকৈ কংগ্ৰেছৰ৷ এই কথাবোৰে বিজেপিৰ মাজত শংকাৰ সৃষ্টি কৰিছে৷ সাধাৰণ মানুহৰ মুখলৈ পানী আহিছে আৰু বিৰোধী সকল উৎফুল্লিত হৈছে৷ কিন্তু পৰিস্থিতি এনেকুৱা যে, বিৰোধীয়ে মাত্ৰাধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো উচিত নহয়৷ তেওঁলোক সতর্ক হ’ব লাগে, ভাবি-চিন্তি আগবাঢ়িব লাগে৷ কাৰণ, এই নির্বাচনে এইটো নিশ্চিত কৰি দিয়া নাই যে কংগ্ৰেছে অকলে বা বিৰোধীয়ে অকলে গোটেই খেলখন জিকিব পাৰে৷ মনত ৰাখিব লাগিব যে বিজেপিৰ শক্তি যথেষ্ট কমিলেও তেওঁলোক একেবাৰে নিঃচিহ্ন হোৱা নাই৷ তেওঁলোকৰ হাতত যি শক্তি আছে সেয়া এতিয়াও প্ৰৱল৷ গোটেই চৰকাৰখন তেওঁলোকৰ লগত আছে৷হিন্দুত্ববাদী সংগঠনসমূহ সষ্টম হৈ আছে৷ চৰকাৰৰ বাহিৰত থকা তেওঁলোকৰ অনুষ্ঠানসমূহো সক্ৰিয় হৈ আছে৷ সংবাদ মাধ্যমৰ বেছিভাগ তেওঁলোকৰ লগত আছে৷ গতিকে কংগ্ৰেছ-বামপন্থী-আঞ্চলিকতাবাদী দল সকলো বিৰোধীয়ে কথাবোৰ গভীৰভাৱে চিন্তা কৰিব লাগে৷ কাৰণ তেওঁলোক যদি গনতন্ত্ৰ ৰক্ষাৰ প্ৰতি উৎসর্গিত, তেওঁলোকে ৰাইজৰ স্বাধীনতাৰ ওপৰিও বর্তমানৰ যি প্ৰচণ্ড মূল্যবৃদ্ধি, দৰিদ্ৰতা, নিবনুৱা সমস্যাৰ সমাধান বিচাৰে তেতিয়াহ’লে ঐক্যবদ্ধভাৱে এই সকলো সমস্যাৰ মূল বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ কাৰণ বিজেপি নীতি আৰু উদ্ভণ্ডালিয়ে এই সমস্যাবোৰ তীব্ৰতৰ কৰি তুলিছে৷ গতিকে মই সকলো বিৰোধী দলকে আহ্বান জনাওঁ, যে তেওলোকে নিজকে প্ৰবল শক্তিশালী বুলি নাভাবি সুচিন্তিতভাৱে-সাৱধানে আগবঢ়া ভাল৷’

অলপতে অত্যুৎসাহী নহওক কংগ্ৰেছ

ৰাজ্যৰ বিৰোধী শক্তিৰ সৈতে সন্মিলিতভাৱে যুঁজি কংগ্ৰেছে বিগত লোকসভা আসনত ৩ খন আসনত জয়লাভ কৰিলে৷ কিন্তু লোকসভা নির্বাচনৰ পাছতেই উপ-নির্বাচনত ‘একলা চলো’ নীতিৰ আশ্ৰয় ল’ব খুজিছে কংগ্ৰেছে৷ সেই সন্দর্ভত কংগ্ৰেছলৈ ড০ হীৰেন গোহাঁইয়ে কয়, ‘মই কংগ্ৰেছকো কওঁ যে একেই আহ্বান মোৰ তেওঁলোকৰ প্ৰতিও আছে৷ অলপতে বেছি উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ এই ধৰণৰ উৎসাহতে নৰেন্দ্ৰ মোদীয়ে ভাবিছিল যে ৰাম মন্দিৰ উদ্বোধনৰ বাবে তেওঁৰ জয় নিশ্চিত৷ কিন্তু অযোধ্যাতে বিজেপিৰ পতন হ’ল৷ ধর্মই তেওঁলোকে আশা কৰাৰ দৰে কাম নকৰিলে৷ তেওঁলোকে যি ভুল কৰিলে, সেয়া বিৰোধীয়েও কৰিব পাৰে৷ গতিকে বিৰোধীও খুব সাৱধান আৰু সতর্ক হোৱা ভাল৷ সকলো পদক্ষেপ ভাবি চিন্তি লোৱা ভাল৷ এটা কথা ঠিক যে বামপন্থী দল আৰু আঞ্চলিক দলসমূহৰ তুলনাত কংগ্ৰেছৰ শক্তি বেছি৷ কিন্তু সেইবুলি তেওঁলোক নিজৰ ক্ষমতাক লৈ অত্যুৎসাহী হ’ব নালাগে৷ নম্ৰতা, বিনয় আৰু পাৰস্পৰিক সৌজন্যৰে মিলিজুলি আগবঢ়াটো এতিয়া পৰিস্থিতিৰ দাবী৷ মিডিয়াৰ আগত এইবোৰ বিবাদ সদৰী নকৰি আলাপ আলোচনাৰে সিদ্ধান্তলৈ অহা ভাল৷’

উপ-নির্বাচনত মিত্ৰদলক আসন এৰি দিলে ক্ষতি নহয় কংগ্ৰেছৰ

উপ-নির্বাচনত বিৰোধীৰ আসন বুজাপৰা অথবা মিত্ৰতা সন্দর্ভত বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয়, ‘মই শুনিছো কোনোবা এখন বামপন্থী সকলে বিচাৰিছে৷ কৰ’বাত হয়তো আঞ্চলিক দলেও বিচাৰিছে৷ উপ-নির্বাচনত তেওঁলোকে এখন-দুখন আসন বিচৰাৰ অর্থ এইটো নহয় যে তেওঁলোকে ২০২৬ৰ নির্বাচনতো সমানেই বিচাৰিব৷ কাৰণ ইমান শক্তি তেওঁলোকৰ নাই৷ কিন্তু উপ-নির্বাচনত যদি তেওঁলোকক এখন-দুখন আসন এৰি দিয়া হয়, তেন্তে কংগ্ৰেছৰ ডাঙৰ ক্ষতি হ’ব বুলি মই নাভাবোঁ৷ মই আশা কৰো যে আলাপ-আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সমাধান হওক৷ এতিয়া যদি বিৰোধী ভাগ ভাগ হৈ যায়, তেন্তে জনসাধাৰণৰ মাজতো শংকা আৰু হতাশাৰ সৃষ্টি হ’ব৷ গতিকে একেলগে থকাই ভাল৷’

বিজেপিত বিসম্বাদ- সুযোগ গ্ৰহণ কৰক বিৰোধীয়ে

বিজেপিৰ মাজত দেখা দিয়া সংঘাত আৰু গৃহ কন্দল সন্দর্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ড০ হীৰেন গোহাঁইয়ে৷ বুদ্ধিজীৱী গৰাকীয়ে কয়, ‘সাফল্যৰ দাবীদাৰ বহুত ওলায়৷ পৰাজয় বা ব্যথতাৰ দায়িত্ব কোনেও ল’ব নোখোজে৷ বিজেপিৰ যি ব্যর্থতা দেখা গৈছে , সেই ব্যর্থতাই তেওলোকৰ সমর্থকৰ মাজত কিছু বিসম্বাদ, কিছু শংকাৰ সৃষ্টি কৰিছে৷ সেই কথা আচৰিত নহয়৷ বিজেপিৰ গৃহ কন্দলে আমাৰ দৃষ্টিত গুৰুতৰ ৰুপ ধাৰণ কৰিছে৷ যিসকলে বিজেপি এৰিছে তেওঁলোক ঘৰত বহি থকা নাই, বিৰোধী শিবিৰলৈ আহিছে৷মই শুনামতে শেহতীয়াকৈ বিজেপি এৰি শদিয়া আৰু শিৱসাগৰৰ দুজন নেতাই ৰাইজৰ দললৈ আহিব খুজিছে৷ বিজেপিৰ পুৰণি নেতা অশোক শর্মাই পদত্যাগ কৰিব বুলি কৈছে৷ এইবোৰ দেখি ধাৰণা হয় যে বিজেপিৰ ভিতৰত এটা ডাঙৰ গণ্ডগোল লাগিছে৷ এই নির্বাচনে বিজেপিৰ প্ৰতি কিছু হলেও অনাস্থা প্ৰকাশ কৰিছে৷ মোৰ ধাৰণা মতে মানুহৰ মনত অনাস্থা সচাঁকৈ বাঢ়িছে৷ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে বিজেপিৰ যি দুর্বাৰ গতি আছিল এতিয়া সেয়া নাই৷ এয়া বিৰোধীৰ পক্ষে সুযোগৰ কথা৷ মই ভাবোঁ যে ইয়াৰ সুযোগ বিৰোধী মহলে ল’ব লাগে৷’

Leave A Reply

Your email address will not be published.