প্ৰগতিশীল জাতীয় চেতনাৰ উকমুকনিত সন্ত্ৰস্ত কোন? ✒️ শুভ্ৰম গোস্বামী

Share This Article

সূক্ষ্ম দৃষ্টিৰে চালে সামাজিক মাধ্যমৰ বাবেই হওঁক বা আন কাৰণতেই হওঁক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পৰা অসমীয়া জাতীয়তাবাদে এক প্ৰগতিশীল ছেও লোৱাৰ কিছু উমান পাব পাৰি। নতুনকৈ জন্ম লোৱা আঞ্চলিক ৰাজনৈতিক দলৰ আদৰ্শগত অৱস্থান আৰু সেই স্থিতি জনগণৰ মাজলৈ লৈ যোৱাত সংগঠনৰ সফলতাৰ ইয়াত কিবা ভূমিকা আছে নে নাই, সেয়া এতিয়াও স্পষ্ট নহয়। সাধাৰণ জনগণক ধৰ্মৰ নিচা খুৱাই খিলঞ্জীয়াৰ নাম লৈ কোনে কাৰ প্ৰতিনিধি হৈ কি আচিলাৰে পাইকাৰী হাৰত সম্পদবোৰ (বিশেষকৈ মাটিবোৰ) হস্তগত কৰিছে, সেয়া অসমীয়া শ্ৰমজীৱী সাধাৰণ জনতাই কিবাকৈ গম পাইছে আৰু মুকলিকৈ আলোচনা কৰা হৈছে। দেখ-দেখকৈ দুৰ্নীতিৰ জৰিয়তে কোনে উচ্ছিষ্টৰ ভাগ পাইছে আৰু কোনে নাই পোৱা, সেয়া সাধাৰণ অসমীয়াই বুজি পোৱা হৈছে। সমান্তৰালভাৱে জাতী়য়তাবাদৰ নামত ভাষিক-সাংস্কৃতিক-সংৰক্ষণকেন্দ্ৰিক দাবী-দাবা বা সন্দেহযুক্ত বাংলাদেশীকেন্দ্ৰিক বাক-বিতণ্ডাসমূহৰ ঠাই ল’বলৈ লৈছে জনগণৰ মৌলিক সমস্যা কেন্দ্ৰিক জাতীয় প্ৰশ্নবোৰে। এনে এক প্ৰেক্ষাপটতে বিদুৰভাইৰ দৰে গাঁৱে-ভূঞে জনপ্ৰিয় হৈ পৰা খাচ অসমীয়া চিনেমা নিৰ্মাণ হৈছে! উদাহৰণ স্বৰূপে, চিনেমা খনত এবাৰৰ বাবেও বিদেশী সমস্যাক অসমৰ খাটি-খোৱা জনগণৰ মূল সমস্যা ৰূপে দেখুওৱাৰ কথা পৰিচালকে ভবা নাই। অথচ কাম কৰি খাব খোজা এচামৰ পৰা চান্দা লৈ দালালী কৰি জীৱন চলোৱা এদলক দেখুৱাবলৈ পৰিচালকে পাহৰা নাই।
অসমীয়া জাতীয়তাবাদৰ এই প্ৰগতিশীল ছেও সাময়িক হ’ব নে স্থায়ী হ’ব; স্থানীয় হ’ব নে সামগ্রিক হ’ব, সেয়া পুনৰবাৰ নিৰ্ভৰ কৰিব (যিদৰে কা আন্দোলনৰ সময়ত নিৰ্ভৰ কৰিছিল), জনতাৰ স্বতন্ত্ৰতাবোধক বিভ্ৰান্ত কৰাত বা ভাগৰুৱা কৰাত শাসক শ্ৰেণীৰ স্তাৱক ধনীক শ্ৰেণী, সুবিধাবাদী মধ্যবিত্ত তথা প্ৰতিক্ৰিয়াশীল কৰ্ম-বিমুখ দালাল ভুৱা জাতীয় সংগঠনৰ নেতাৰ ভূমিকাত। মন কৰা জৰুৰী যে, আপাত দৃষ্টিত প্ৰথম দুই গোটৰ সৈতে তৃতীয় অংশৰ সংঘাত। কিন্তু প্ৰকৃততে তিনিও স্থিতাৱস্থাৰ স্বাৰ্থত প্রগতিশীল জাতীয় চেতনাৰ বিৰুদ্ধে একত্ৰিত। প্ৰতিক্ৰিয়াশীল দালাল ভুৱা জাতীয়তাবাদী নেতাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ দম- দাদাগিৰি চলাব, কিন্তু তাৰ চোক লক্ষ্য বুজি ভিন্ন হ’ব। এনে শক্তিয়ে সাধাৰণ শ্ৰমজীৱীৰ ওপৰত হলা গছত বাগী কুঠাৰ মাৰি অত্যাচাৰ কৰিব আৰু লুণ্ঠনকাৰী বৃহৎ পুঁজিপতিক বাক্যবাণেৰে এৰি দি শাসক শ্ৰেণীৰ লগত বুজাপৰা বজাই ৰাখিব।

এনেবোৰ বিভ্ৰান্তিৰ মাজতো ধৈয্য ধৰি প্ৰগতিশীল গণ চেতনাৰ উকমুকনিক তথ্য আৰু যুক্তিৰ যোগানেৰে জীয়াই ৰাখিব লাগিব। লুণ্ঠন আৰু দালালী ৰোধ কৰি অসমৰ শ্ৰমজীৱী জনগণৰ পৰস্পৰে পৰস্পৰক দিয়া-লোৱাৰ মাজেৰে ৰূপ পাব পৰা জাতীয়তাবাদৰ স্বাৰ্থ।অসমত আজি তেনে জাতী়য়তাবাদৰ প্ৰয়োজন নিশ্চয় আছে। শ্ৰমজীৱী খিলঞ্জীয়াৰ মৌলিক সমস্যা বোৰৰ সমাধানৰ স্বাৰ্থত, সমান্তৰালভাৱে এক বিশ্বমুখী অসমীয়া জাতি গঠনৰ স্বাৰ্থত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.