সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি কীর্তিকমলৰ অস্ত্ৰোপ্ৰচাৰ

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰ ঘটনাৰ আৰম্ভ হৈছে তদন্ত। আজি এই সম্পর্কত অনুষ্ঠিত হব শুনানী৷ এই শুনানি ২ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব। শুনানি গ্ৰহণৰ বাবে ইতিমধ্যে নগাঁও আৱৰ্ত ভৱনত উপস্থিত অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰ।
আনফালে, GMCH ত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ হোৱা কীৰ্তিকমল বৰাৰ আজি অস্ত্ৰোপচাৰ । চিকিৎসক ড০ পৰাগজ্যোতি গগৈৰ নেতৃত্বত চলিছে এই অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰ কৰি ১০-১৫ দিন GMCH ত ৰখা হব কীৰ্তি কমল বৰাক ৷কীৰ্তিকমলৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিছে ৰাজ্য চৰকাৰে।

Leave A Reply

Your email address will not be published.