সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টেলিফোনেৰে য’ৰ পৰা লুটি নিয়া হয় আপোনাৰ বেংকৰ ধন… সেই জামতাৰাত The Crosscurrent । জামতাৰা….A to Z

মনীষা কলিতা

টেলিফোনেৰে য’ৰ পৰা লুটি নিয়া হয় আপোনাৰ বেংকৰ ধন… সেই জামতাৰাত The Crosscurrent

 

ভুক্তভোগী-সৰ্বস্বান্ত

- Donation -

১৭ আগষ্ট,২০২২, বুধবাৰ। সময় দুপৰীয়া ১২.২৩ বাজিছে। হঠাৎ ম’বাইল ফোনটোত একেধাৰে বহু নটিফিকেশ্যন আহিবলৈ আৰম্ভ কৰে । হোৱাটছ এপত অচিনাকি নম্বৰ এটাৰ পৰা অহা মেছেজ দেখাৰ পাছত চকুৰে ধোৱা কোৱা দেখিবলৈ আৰম্ভ কৰিলো ৷ অৱস্থা হৈ পৰিল শিল পৰা কপৌৰ দৰে । কাৰণ মোৰ ফটো সংলগ্ন অশ্লীল ভিডিও এটা হোৱাটছ এপযোগে প্ৰেৰণ কৰা হৈছে । তেনেহ’লে ময়ো কি সোমাই পৰিলো নেকি চাইবাৰ অপৰাধীৰ জালত – মগজুয়ে ইতিমধ্যে হেৰুৱাই পেলাইছিল চিন্তাশক্তি ৷ আৰক্ষীৰ ওচৰ চাপিলোঁ। চাইবাৰ চেলত গম পোৱা গ’ল মোৰ ফোনৰ কনটেক্ট লিষ্টত থকা এজন বন্ধু চাইবাৰ অপৰাধৰ বলি হৈ প্ৰায় সৰ্বস্বান্ত হৈ পৰিছে। এইবাৰ চাইবাৰ অপৰাধীয়ে তেওঁক ব্লেকমেইল কৰিবলৈ গৈ তেওঁৰ কনটেক্ট লিষ্টত থকা সকলোকে টাৰ্গেট কৰি লৈছে। ঠিক এয়াই আৰম্ভণি। মই ভুক্তভোগী।
মোৰ বন্ধুগৰাকীয়ে লোনৰ প্ৰলোভনেৰে অহা এটা লিংকত ক্লিক কৰিয়েই সৰ্বস্বান্ত হৈ পৰিল। প্ৰথমতে তেওঁৰ ফোনলৈ আহিছিল আই চি আই চি আই বেংকৰ পৰা এটা মেছেজ ৷ মেছেজত লিখা হৈছিল যে বেংকে তেওঁক ৬০ হাজাৰ টকাৰ ঋণ দিবলৈ প্ৰস্তুত ৷ ইয়াৰ বাবে মেছেজৰ লগত থকা লিংকত ক্লিক কৰি আবেদন দিব লাগিব ৷ তেতিয়া বন্ধুজনৰ পিতৃ শয্যাশায়ী ৷ টকাৰ অনিবাৰ্য প্ৰয়োজন ৷ লগে লগে লিংকত গৈ ঋণৰ বাবে আবেদন জনালে ৷ কিন্তু তেওঁৰটো আই চি আই চি আই বেংকত একাউন্ট নাছিল ৷ সেইবাবেই মেছেজৰ লগত দিয়া এটা ফোন নম্বৰত যোগাযোগ কৰিলে ৷ সিমূৰৰ পৰা উত্তৰ আহিল , আচলতে মেছেজ প্ৰেৰণ কৰা হৈছে এটা থাৰ্ড পাৰ্টীৰ পৰা ৷ তেওঁলোকেই আই চি আই চি আইৰ ঋণ আন বেংকৰ একাউন্টত জমা কৰিব পাৰিব ৷ ইয়াৰ বাবে ৩ হাজাৰ টকা আগতীয়াকৈ জমা দিব লাগিব ৷ বন্ধুজনে সেইমতেই ৩ হাজাৰ টকা জমা দিলে ৷ তাৰ পাছত কোৱা হ’ল নিৰ্দিষ্ট এটা একাউন্টত ৫ হাজাৰ টকা জমা দিলেই ঋণৰ ধন মুকলি কৰি দিয়া হ’ব ৷ আকৌ ৫ হাজাৰ টকা জমা দিয়া হ’ল ৷ এনেকৈ বিভিন্ন অজুহাতত কেইবাহাজাৰ টকা ঋণ প্ৰদানৰ নামত আদায় কৰিলে চক্ৰটোৱে ৷ যেতিয়া ধন দিবলৈ অমান্তি হ’ল তেতিয়াৰ পৰাই আৰম্ভ হ’ল ব্লেকমেইলিঙ ৷ কোৱা হ’ল যে যদিহে বিচৰামতে ধন দিয়া নহয় , তেনেহ’লে কন্টেক্ট লিষ্টত থকা যিকোনো মহিলাৰ লগত অশ্লীল ভিডিও বনোৱা হ’ব ৷ আৰু সেয়া বন্ধুজনে বনোৱা বুলি প্ৰচাৰ কৰা হ’ব ৷ দিগবিদিগ হেৰুৱাই পেলালে বন্ধুজনে ৷ বাইক বিক্ৰী কৰি ৪০ হাজাৰ টকা অপৰাধী চক্ৰটোক দিলে তেওঁ ৷ শেষত যেতিয়া সৰ্বস্বান্ত হৈ পৰিল , অপৰাধী চক্ৰটোৱে অশ্লীল ভিডিও বনোৱাৰ কাম আৰম্ভ কৰিলে ৷ এনে এটা ভিডিও মোক লৈ বনোৱা হ’ল ৷

আৰক্ষীয়ে ক’লে – এনে চাইবাৰ অপৰাধৰ ৰাজধানী হৈছে জামতাৰা ৷ ঝাৰখণ্ডৰ জামতাৰা ৷

 

অমিতাভ বচ্চনকো লুণ্ঠন কৰা গাঁওখন অভিমুখে

……৮ নৱেম্বৰ ২০২২, মঙ্গলবাৰ , সময় তেতিয়া পুৱা ১০ বাজিছে৷
জামতাৰা ভিতৰৰ গাও কৰমাটাণ্ড৷ কৰমাটাণ্ডলৈ যোৱাৰ বাট ল’লো ৷ দুয়োকাষে ধূ ধূ পথাৰ ৷ কৰবাত এজোপা – দুজোপা গছ ৷ আমি আগবাঢ়িলো ৷ কাটাৰমাণ্ডলৈ সোমাই যোৱা সৰু বাটৰ দুয়োফালে বহি আছে কেইজনমান আলৰ বৃদ্ধ ৷ খেলি থকা শিশুয়ে ৰৈ ৰৈ চাইছে গাওলৈ সোমাই যোৱা আমাৰ গাড়ীখন ৷প্ৰথমতে কেইটামান জুপুৰীসদৃশ ঘৰ ৷ তাৰ পাছত আৰম্ভ হ’ল শাৰী শাৰী অট্টালিকা ৷কিন্তু এই বৃদ্ধ , শিশু , মহিলাসকলৰ বাহিৰে গাওখন প্ৰায় জনশূণ্য ৷ ক’লৈ গৈছে মানুহবোৰ ? আমাৰ লগত যোৱা আৰক্ষীৰ লোকে ক’লে – পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ কৰমাটাণ্ডৰ প্ৰায় সংখ্যক মানুহ আঁতৰি যায় পাহাৰৰ ওপৰলৈ অথবা ঘন জংঘলৰ মাজলৈ।তাৰ পৰা তেওঁলোকে টেলিফোনৰ জাল পাতে ৷ কাৰোবাক যদি বেংকৰ কে ৱাই চি বিচাৰে , কাৰোবাক দিয়ে ঝামেলামুক্ত ঋণৰ প্ৰলোভন ৷ কাৰোবাক বিদ্যুতৰ বিল পৰিশোধৰ তাগিদা ৷ কাৰোবাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী ক্ৰয় কৰাৰ আচিলাৰে ফোন যায় এই জামতাৰাৰ পাহাৰ আৰু জংঘলৰ পৰা ৷ কোনোবাই যদি এই চাইবাৰ জালত এক মুহূৰ্তৰ বাবে ভৰি দিছে তেনেহ’লে সৰ্বস্বান্ত হোৱাৰ বাহিৰে আৰু আন একো পথ নাথাকে ৷
জামতাৰাৰ জংঘলৰ পৰাই ফোন আহিছিল মোৰ বন্ধুজনলৈ ৷ তাৰ পাছত যি সৰ্বস্বান্ত হৈছিল ৷ জামতাৰাৰ পৰাই ফোন গৈছিল বলীউদৰ দিগগজ অমিতাভ বচ্চনলৈ৷
২০১৬ চনৰ মাজভাগৰ ঘটনা। জামতাৰা আৰক্ষীলৈ অহা এটা ফোন কলত হাহাকাৰ লাগি গৈছিল সকলোৰে। ঘটনা-অনলাইন লুণ্ঠন। কিন্ত এইবাৰ ভুক্তভোগী অন্য। বেংকৰ পৰা কৌশলেৰে ৫ লাখ টকা লুট কৰি নিয়া সেই ভুক্তভোগী আছিল বিগ বি অমিতাভ বচ্চন। আৰু সেই ঘটনাৰ সৈতে জড়িত সীতাৰাম মণ্ডল ওৰফে ৰাজকুমাৰ আৰু বিকাশ মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সোধপোছত পোহৰলৈ আহিছিল ভয়াৱহ তথ্য। সীতাৰাম মণ্ডল আৰু বিকাশ মণ্ডলে জালি ফোন কলৰ জৰিয়তে বিগ বি অমিতাভ বচ্চনৰ ATMৰ পিন নম্বৰ সংগ্ৰহ কৰিছিল। আৰু দুয়ো বিগ বিৰ সেই একাউণ্টৰ পৰা লুটিছিল ৫ লাখ টকা। কেৱল অমিতাভ বচ্চনতেই বাৰু কৰমাটাণ্ডৰ কাহিনী শেষ নহয় ৷PMOৰ IAS বিষয়া আৰু তেওঁৰ পত্নীৰ পৰাও লুটিছিল বৃহৎ পৰিমাণৰ ধন। The Crosscurrentক জামতাৰা আৰক্ষীয়ে জানিবলৈ দিয়া মতে শেহতীয়াকৈ এগৰাকী DGPৰ পৰা কৰমাটাণ্ডৰ চাইবাৰ অপৰাধীয়ে লুটিছে ৫৪ লাখকৈ টকা।

চাইবাৰ অপৰাধীৰ সম্ৰাজ্যত ভৰি দি কি দেখিলো?

জামতাৰা জিলাৰ পৰা পশ্চিমবঙ্গৰ দুৰ্গাপূৰ গাঁৱলৈ যোৱা পথতেই আছে জামতাৰাৰ আটাইতকৈ কুখ্যাত গাঁও কৰমাটাণ্ড। এই গাঁওখনৰ চিনাকী কেৱল চাইবাৰ অপৰাধ নাছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে জীৱনৰ অন্তিম ১৮ টা বছৰ পাৰ কৰিছিল কৰমাটাণ্ড গাঁৱতেই। আদীবাসী জনবসতিৰে ভৰপূৰ কৰমাটাণ্ড এতিয়া দেশৰ অন্যতম চাইবাৰ অপৰাধৰ ঘাটি। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কৰমাটাণ্ড এতিয়া জিলাখনৰ আটাইতকৈ বদনামী গাঁও। কিয়?উত্তৰ আপোনাৰ মোৰ বেংকৰ ধন হৰলুকিৰ ঘটনাৰ আৰতেই লুকাই আছে। প্ৰথমতে মানুহে জামতাৰাৰ কৰমাটাণ্ড গাঁৱলৈ আহিবলৈ ভয় কৰিছিল লুট-পাতৰ ঘটনাৰ বাবে। কিয়নো কোনো লোক আহিলেই সন্মুখীন হৈছিল প্ৰৱঞ্চকৰ। লুটি নিছিল ঘড়ী-ম’বাইল ফোন, মানীবেগ-গহনা ইত্যাদি। অৰ্থাৎ পূৰ্বৰে পৰাই কৰমাটাণ্ডৰ মানুহে অপৰাধকেই কৰি লৈছিল জীয়াই থকাৰ সম্বল। সেই অপৰাধ সময়ৰ লগে-লগে উন্নত হ’ল। অৱশেষত বাচি ল’লে ইণ্টাৰনেটৰ জৰিয়তে হোৱা অপৰাধক। এটা মাত্ৰ ফোন কল আৰু ফোনৰ সিটোপাৰে থকা মানুহগৰাকী জালত পৰাৰ লগে-লগেই সকলো শেষ। চাইবাৰ অপৰাধৰ প্ৰথম উপায় আছিল ৰিচার্জ। ফোনৰ ৰিচার্জ কৰাৰ লোভ দেখুৱাই লুটিছিল মানুহক। তাৰ পৰৱৰ্তী পৰ্যায়ত বাচি লৈছিল এ টি এম আৰু এতিয়া বিভিন্ন এপৰ জৰিয়তে মানুহক প্রলোভন।
কৰমাটাণ্ডত ভৰি দি দেখিলো দৰিদ্ৰতাই কোঙা কৰা সেই পৰিৱেশ নাই ৷ চৌদিশে মাথোঁ কৰ্কৰীয়া হৈ পৰা শুকান পথাৰ কিন্তু তাৰ মাজতো ওখ ওখ ৰাজ অট্টালিকা সদৃশ অত্যাধুনিক ঘৰ। বহু মহলীয়া ঘৰসমূহত উপলব্ধ সকলো সা-সুবিধা। কোনো-কোনো ঘৰৰ প্ৰৱেশদ্বাৰ খুলিবলৈ প্ৰয়োজন ৰিম’টৰ। আকৌ আনকোনো অট্টালিকাত সংযোজিত হৈছে চেন্সৰ। মুঠৰ ওপৰত বিলাসী কাৰবাৰ। কোনো ব্যৱসায়ীক সম্ভাৱনা নথকা, খেতিৰ সুবিধা নথকা কৰমাটাণ্ডত ইমানবোৰ শীততাপ নিয়ন্ত্ৰিত ওখ-ওখ বিলাসী অট্টালিকা নিৰ্মাণৰ ধন আহে ক’ৰপৰা? উত্তৰ আকৌ সেই একেটাই-চাইবাৰ অপৰাধ। আৰক্ষীয়ে বাৰে-বাৰে অভিযান চলায়, কিন্ত সাক্ষীৰ অভাৱত বাৰে-বাৰে সাৰি যায় অপৰাধী। ই ডি অথবা আয়কৰ বিভাগেও অভিযান চলায় যদিও নাপায় বিশেষ নথিপত্ৰ। মুঠতে সকলো ৰক্ষাকবচেৰে সাজু হৈ থাকে অপৰাধী।
২০১১-১২ বৰ্ষৰ পৰা মূলতঃ জামতাৰাত আৰম্ভ হৈছিল চাইবাৰ অপৰাধ। মাথোঁ ১০ বছৰৰ ভিতৰতেই কৰ্কট ৰোগৰ দৰে তীব্ৰ গতিত জামতাৰাৰ চাইবাৰ অপৰাধে চানি ধৰিছে সমগ্ৰ জামতাৰা জিলা। এতিয়া কেৱল জামতাৰাতেই নহয় ঝাৰখণ্ডৰ বিভিন্ন জিলাকে ধৰি পশ্চিমবঙ্গৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে চাইবাৰ অপৰাধী। পূৰ্বে চাইবাৰ অপৰাধীয়ে মহিলা আৰু স্কুলৰ পৰা ড্ৰপ আউট কিশোৰ-কিশোৰীৰ দ্বাৰা সংঘটিত কৰিছিল চাইবাৰ অপৰাধ। কিন্ত শেহতীয়াকৈ স্কুলীয়া শিক্ষাৰ্থী আৰু মহিলাসকলৰ দ্বাৰাই অধিকাংশ চাইবাৰ অপৰাধ সংঘটিত হয়।

কেনেকৈ আৰম্ভ হ’ল চাইবাৰ অপৰাধৰ দুঃসাহসীক খেলখন?
গিফ্ট ৰিচার্জ, ই ৰিচার্জ- টেলিকম কোম্পানীসমূহৰ এই পলিচী সমূহক কেন্দ্ৰ কৰিয়েই কৰমাটাণ্ডত আৰম্ভ হ’ল এক নতুন অপৰাধৰ খেল। বিভিন্ন গিফ্ট ৰিচার্জৰ প্ৰলোভন দেখুৱাই কৰমাটাণ্ডৰ পৰাই অপৰাধীয়ে লুটিবলৈ আৰম্ভ কৰিলে দেশৰ বিভিন্ন প্ৰান্তৰ মানুহক। আৰু সেয়াই আৰম্ভণি। কোনো কাম নকৰাকৈ, কোনো পৰিশ্ৰম নকৰাকৈ পোৱা ইজি মানীয়ে সকলোকে আকৰ্ষিত কৰিছিল। আৰু তেনেদৰেও জামতাৰা জিলাৰ কৰমাটাণ্ড গাঁৱৰ ঘৰে-ঘৰে আৰম্ভ হ’ল টকাৰ খেল, ধনৰ খেল। মানুহক বুৰ্বক বনাওক আৰু ধনী হওঁক। পৰিশ্ৰম মাথোঁ সেইখিনিয়েই। ATM আপডেট কৰা, KYC আপডেট কৰা আদি বিভিন্ন জালত পৰি বহু লোক ইতিমধ্যে ভুক্তভোগী হৈছে। কিন্ত কৰমাটাণ্ডত এতিয়া আপোনাক, মোক প্ৰৱঞ্চনা কৰিবলৈ উলিয়াইছে আৰু নতুন উপায়।

মানুহক ঠগোৱাৰ কি নতুন কৌশল আৰম্ভ হৈছে কৰমাটাণ্ডত?
এতিয়া আৰু গিফ্ট ৰিচার্জ, ই ৰিচার্জ, KYC আপডেট, ATM আপডেট নহয়। আপুনি মই ভাবি ঢুকি পোৱাতকৈ বহু ওপৰলৈ গৈছে জামতাৰা জিলাৰ কৰমাটাণ্ড গাঁৱৰ চাইবাৰ অপৰাধী। কৰমাটাণ্ডত এতিয়া নতুন কৌশল, নতুন উপায়েৰে চলিছে লুণ্ঠন, চলিছে অনলাইন ধন হৰলুকী। কি এই নতুন উপায়?… এতিয়া কৰমাটাণ্ডৰ চাইবাৰ অপৰাধীৰ বাবে নতুন মাধ্যম হৈ পৰিছে গুগলৰ বিভিন্ন ৱেবচাইট। ধৰি লোৱা হ’ল আপুনি কিবা জৰুৰী কামত কোনো এটা বেংকৰ Customer Care Number বিচাৰিছে। আপোনাৰ বাবে খুব জৰুৰী সেই সময়ত Customer Careৰ সৈতে কথা পতা। আৰু সেই জৰুৰীকালীনভাৱে কৰা লৰা-ঢপৰাকেই এতিয়া চাইবাৰ অপৰাধীয়ে লৈছে নতুন মাধ্যম হিচাপে। গুগলত সঘনে বিচাৰি থকা বিভিন্ন ৱেবচাইটৰ Customer Care নম্বৰৰ সুযোগ লৈ খেলিছে অপৰাধৰ নতুন খেল। গুগলত উপলব্ধ বেংক সমূহৰ ৱেবচাইটত দিয়া Customer Care নম্বৰ সলনি কৰি এতিয়া কৰমাটাণ্ডৰ পৰা লুটিছে অসংখ্য মানুহক। চাইবাৰ অপৰাধীয়ে গুগলত একে বেংকৰ নামেৰে ৱেবচাইট খুলি সংলগ্ন কৰিছে নতুন Customer Care নম্বৰ।তাৰ পাছত বিজ্ঞাপন দি ভুৱা Customer Care নম্বৰ গুগ’ল চাৰ্ছত প্ৰথমতে অহাৰ ব্যৱস্থা কৰিছে ৷ চাইবাৰ অপৰাধীয়ে সংলগ্ন কৰা Customer Care নম্বৰত আপুনি যদিহে ফোন কৰে তেনেহ’লে অপৰাধীয়ে নিজৰ কথাত পতিয়ন নিয়াই আপোনাক এটা App ডাউনলোড কৰিবলৈ ক’ব, যিটো Appৰ জৰিয়তে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আপোনাৰ ম’বাইল ফোনৰ সমগ্ৰ তথ্য।আপোনাৰ এ টি এমৰ পিন , ইউ পি আই আই ডি – পাছৱৰ্ড সকলো চাই থাকিব জামতাৰাৰ পৰা চাইবাৰ অপৰাধীয়ে ৷ অৰ্থাৎ আপুনি যদি কেনেবাকৈ সেই জালত ভৰি দিলে তেনেহ’লে আপোনাৰ বিপদ নিশ্চিত। ক্ৰেডিট কাৰ্ডৰ জড়িয়তে ধন হৰলুকি কৰিও বিটকইনলৈ পৰিৱৰ্তন কৰে ধনৰ মূল্য। এক কথাত ক’বলৈ গ’লে সময়ৰ লগে-লগে নিজকে অহৰহ আপডেট কৰিছে চাইবাৰ অপৰাধীয়ে। পিছে প্ৰশ্ন হয় নিজৰ ম’বাইল ফোনেৰে কৰমাটাণ্ডৰ অপৰাধীয়ে সংঘটিত কৰে নে সকলো অপৰাধ?

চুৰি কৰা ম’বাইল ফোন, ভুৱা পৰিচয়ৰ ছিম কাৰ্ড লুণ্ঠনৰ মূল অস্ত্ৰ
সমগ্ৰ দেশক সন্ত্ৰষ্ট কৰি ৰখা এই চাইবাৰ যুদ্ধৰ মূল হাতিয়াৰ কি? উত্তৰ এটাই-চুৰি কৰা ম’বাইল ফোন, ভুৱা পৰিচয়ৰ চিম কাৰ্ড। এই দুই অস্ত্ৰৰেই সমগ্ৰ দেশক সন্ত্ৰষ্ট কৰি ৰাখিছে জামতাৰাৰ কৰমাটাণ্ডৰ চাইবাৰ অপৰাধীয়ে। ভুৱা পৰিচয়ৰে সংগ্ৰহ কৰা হয় লাখ-লাখ ছিম কাৰ্ড। মূলতঃ ডাটা বেছৰ জৰিয়তে সংগ্ৰহ কৰা হয় সকলো। আটাইতকৈ ব্যৱহৃত ছিম কাৰ্ড হৈছে এয়াৰটেল আৰু ৰিলায়েন্স কোম্পানীৰ চিম কাৰ্ড। আৰু ঠিক তাৰ পাছতেই বনোৱা হয় নম্বৰৰ এক ছিৰিজ। ৰাজ্য অনুসৰি ফোন নম্বৰ সমূহৰ ক’ড সমূহ মিলাই লৈ একাদিক্ৰমে নম্বৰৰ ছিৰিজ সমূহ ডায়েল কৰি যায় অপৰাধীয়ে। সৰহসংখ্যক ছিমকাৰ্ড সংগ্ৰহ কৰা হয় বিহাৰ, পশ্চিমবঙ্গ, উৰিষ্যাৰ পৰা। এইপৰ্যন্ত জব্দ হোৱা অধিকাংশ অৰ্থাৎ প্ৰায় ৯০ শতাংশ ছিমকাৰ্ড পশ্চিমবঙ্গৰ পৰা সৰবৰাহ কৰা। আৰু শেহতীয়াকৈ অধিক হাৰত ব্যৱহৃত হৈছে উৰিষ্যাৰ পৰা অহা ছিমকাৰ্ড।

 

অসমো টাৰ্গেট নেকি জামতাৰাৰ?

শেহতীয়াকৈ অসম আৰক্ষীৰ এক তথ্যত প্ৰকাশ পাইছিল এক ভয়াৱহ সত্য। অসমৰ পৰা প্ৰায় ২০ কোটি টকাৰ হৰলুকি কৰিছিল জামতাৰাৰ চাইবাৰ অপৰাধীয়ে। অৱশ্যে সেয়া মাথোঁ ৰুজু হোৱা গোচৰৰ ভিত্তিত প্ৰকাশিত তথ্যহে। হয়তো ৰুজু নোহোৱাকৈ পৰি আছে আৰু অলেখ গোচৰ। শেহতীয়াকৈ কৰিমগঞ্জ জিলাৰ পৰা ATM আপডেটৰ প্ৰলোভন দেখুৱাই জনৈক ব্যক্তিৰ পৰা লুটিছে এক লাখ ৭২ হাজাৰ টকা। জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তও এনে প্ৰবঞ্চনাৰ চিকাৰ হৈছে ৷

জামতাৰাৰ আৰক্ষী অধীক্ষক মনোজ স্বৰ্গীয়াৰীয়ে কি পদক্ষেপ লৈছে?
কেৱল অপৰাধ নহয়, অপৰাধ নিৰ্মূল কৰিবলৈ লোৱা পদক্ষেপৰ সময়তে জামতাৰা জিলাৰ সৈতে নাম সাঙোৰ খাইছে অসমৰ। কাৰণ জামতাৰা জিলাৰ পৰা চাইবাৰ অপৰাধ নিৰ্মূল কৰিবলৈ শেহতীয়াকৈ আৰক্ষী অধীক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰিছে এজন যুৱ আৰক্ষী বিষয়া মনোজ স্বৰ্গীয়াৰীয়ে। ২০১৮ বেটছৰ অসমৰ IPS বিষয়া মনোজ স্বৰ্গীয়াৰীৰ ঘৰ নলবাৰী জিলাৰ বৰমাত। জামতাৰাৰ পূৰ্বে মনোজ স্বৰ্গীয়াৰী কৰ্মৰত আছিল কুখ্যাত ৱাছেৰপুৰত। গতিকে অপৰাধ দমনৰ ক্ষেত্ৰত অভিজ্ঞ মনোজ স্বৰ্গীয়াৰীয়ে লৈছে কিছু পৃথক ব্যৱস্থা। জামতাৰা জিলাৰ ১১৮ টা পঞ্চায়তত স্থাপন কৰা হৈছে পুথিভঁৰাল। যাতে কৰমাটাণ্ড, নাৰায়ণপুৰৰ পৰা কৰ্কট ৰোগৰ দৰে সমগ্ৰ জামতাৰা জিলাখনত বিয়পি পৰা চাইবাৰ অপৰাধ ৰোধ কৰিব পাৰি। চাইবাৰ অপৰাধৰ জালত পৰি ক্ৰমাৎ দুৰ্ধৰ্ষ অপৰাধী সদৃশ হৈ পৰা স্কুলীয়া শিক্ষাৰ্থীৰ জীৱন সমূহৰ শুধৰণি কৰিবলৈ প্ৰয়োজন শিক্ষাৰ। শিক্ষাৰ প্ৰতি ধাউতি বঢ়াবলৈ পুথিভঁৰাল সমূহত নিয়োগ কৰা হৈছে পন্জীয়ক আৰু বিশেষ শিক্ষক। জামতাৰা জিলা প্ৰশাসন, জামতাৰা জিলা আৰক্ষীৰ তৎপৰতাত চলিছে এতিয়া চাইবাৰ অপৰাধ নিৰ্মূল অভিযান। কিন্ত সম্ভৱ হ’বনে অপৰাধ নির্মূল অভিযান?

নিজৰ সজাগতাই আত্মৰক্ষাৰ শেষ উপায়

দেশত ক্ৰমবৰ্ধমান চাইবাৰ অপৰাধ অথবা প্ৰৱঞ্চনাই বহু মানুহক সৰ্বস্বান্ত কৰিছে। কিন্ত এই চাইবাৰ অপৰাধৰ পৰা আপুনি বাচি থাকিব কেনেকৈ? মনত ৰাখিব আপুনি যদি সজাগ আৰু সতৰ্ক হয় চাইবাৰ অপৰাধীয়ে প্ৰৱেশ কৰিব নোৱাৰে আপোনাৰ জীৱনত। আপোনাৰ ফোনলৈ অহা ঠগ ফোন কল সমূহৰ পৰা আঁতৰি থাকক। কোনো কাৰণতে কোনো OTP কাৰো সৈতে ভাগ-বতোৱাৰা নকৰিব। গুগলত উপলব্ধ যিকোনো App আপোনাৰ ফোনত ডাউনলোড নকৰিব। মনত ৰাখিব আপুনি প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে অনুমতি নিদিয়ালৈকে চাইবাৰ অপৰাধীয়ে আপোনাক লুণ্ঠন চলাব নোৱাৰে।

জামতাৰা- Phishing Capital of India
জামতাৰাৰ পৰা উভতিবলৈ ল’লো ৷ জামতাৰাৰ মানুহে নিজ মুখে স্বীকাৰ কৰিলে যে তেওঁলোকৰ ঠাইখনত কেঞ্চাৰৰ দৰে বিয়পি পৰিছে চাইবাৰ অপৰাধ ৷ এই অপৰাধৰ বাবেই পশ্চিমবঙ্গৰ সীমামূৰীয়া জিলা জামতাৰা এতিয়া দেশৰ বাবে বদনামী এক শব্দ। দেশৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি। খেতিৰ বাবে অনুপযোগী বিস্তীৰ্ণ শুকান মাটিৰে আৱৰি থকা জিলা জামতাৰা। দৰিদ্ৰতাই কোঙা কৰি পেলোৱা মানুহবোৰৰ বাবে উপাৰ্জনৰ পথ বুলিবলৈ একো নাছিল, অৱশ্যে এতিয়াও একো নাই। কাজুৰ খেতি হয় যদিও নাই বজাৰ। দৰিদ্ৰ, অসহায় মানুহবোৰে অৱশেষত জীয়াই থকাৰ তাড়নাত বিচাৰি ল’লে এক নতুন ব্যৱসায়। এক কথাতেই ক’বলৈ গ’লে সেই ব্যৱসায় হৈছে অসৎ উপায়। চাইবাৰ অপৰাধ অথবা চাইবাৰ প্ৰৱঞ্চনা এতিয়া জামতাৰাৰ নতুন চিনাকি। জামতাৰা- জিলাখনৰ নতুন পৰিচয় হৈছে- Phishing Capital of India। অৰ্থাৎ চাইবাৰ অপৰাধৰ মূল ঘাটি জামতাৰা। দেশত সংঘটিত হোৱা চাইবাৰ প্ৰৱঞ্চনা অথবা অনলাইন ধন হৰলুকিৰ ঘটনাৰ প্ৰায় ৬০ শতাংশই সংঘটিত হয় জামতাৰাৰ পৰা। ১৮০১ বৰ্গ কিলোমিটাৰ মাটি-কালিৰে আৱৰা জামতাৰা জিলাৰ মুঠ জনসংখ্যা ৭ লাখ ৯১ হাজাৰ। অৰ্থাৎ প্ৰায় ৮লাখ জনসংখ্যাৰ জিলা জামতাৰা সঁচাকৈয়ে বাৰু অপৰাধীৰ ঘাটি নেকি?২০০৬ চনত ভাৰত চৰকাৰে দেশৰ ২৫০ খন জিলাক লৈ চলোৱা এক সমীক্ষাত জামতাৰা দেশৰ আটাইতকৈ পিছপৰা জিলা সমূহৰ ভিতৰত অন্যতম ৰূপে স্থান লাভ কৰিছিল।সেই জামতাৰাৰ অলিয়ে গলিয়ে ঘূৰি দেখিলো হত্যা – ভাবুকি , অস্ত্ৰ- শস্ত্ৰৰ চিৰ পৰিচিত অপৰাধ জগতৰ বাহিৰেও অপৰাধীৰ আন এখন সুকীয়া পৃথিৱী আছে ৷ মোবাইল ফোন আৰু ইন্টাৰনেট হৈছে অপৰাধীৰ মূল হাথিয়াৰ ৷ এই অস্ত্ৰৰেই সমগ্ৰ দেশক লুণ্ঠন চলাই থকা হৈছে ৷

Leave A Reply

Your email address will not be published.