কুঁৱলীয়ে প্ৰাণ ল’লে ৫ জনৰ

Share This Article

তেজপুৰৰ এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ অ’ৰা গাড়ীৰে তেজপুৰলৈ গৈ আছিল ৫ জনীয়া যুৱকৰ এক দল।এএছ ০৫ কিউ ২৬৪৩ নম্বৰৰ AURA বাহনখন বোকাখাটৰ পৰা তীব্ৰ বেগত তেজপুৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং(ক) চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথত বিপৰীত দিশৰ পৰা কলিয়াবৰ অভিমুখী ইউপি ৩৭ এটি ২৭৬৬ নম্বৰৰ মালবাহী ট্ৰাকখনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় কৰুণ দুৰ্ঘটনাটি। দুৰ্ঘটনাত নিহত কেইজন ক্ৰমে- বোকাখাতৰ বিবেক দাস (২৬), সঞ্জয় দাস (২৬), সমীৰ পাল (২৫), বিকাশ শৰ্মা (২৬) আৰু সন্দীপ পাল (২৭) বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহন খনত থকা পাঁচ জনকৈ যুৱকে কৰুণ মৃত্যুক সাৱটি লয়।ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত চুলুং আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ বিধ্বস্ত হৈ পৰা গাড়ীখনত আবদ্ধ হৈ থকা যুৱক কেইজনৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। ইফালে ঘটনাৰ পাছতে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যুৱক কেইজন বোকাখাটৰ এখন বিয়াৰ বৰযাত্ৰী হিচাপে তেজপুৰলৈ গৈ আছিল ।নিশাৰ ভাগত কুঁৱলী পৰাৰ বাবে তীব্ৰ বেগত থকা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুওৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.