ভাওলাগুৰীত স্বাস্থ্য শিবিৰ

Share This Article

বঙাইগাঁও জিলাৰ ভাওলাগুৰী নগৰীয়া স্থাস্থ্য কেন্দ্ৰত আজি এক স্থাস্থ্য শিৱিৰ অনুষ্ঠিত হয় ।মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ সমগ্ৰ ৰাজ্যৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত পালিত হৈ থকাৰ সময়তে ইয়াৰ লগত সংগতি ৰাখি আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা স্থাস্থ্য সমিতিৰ সহযোগত এক স্থাস্থ্য শিৱিৰ অনুষ্ঠিত হয় ।ভাওলাগুৰীত থকা স্থাস্থ্য বিভাগৰ নগৰীয়া স্থাস্থ্য কেন্দ্ৰত উক্ত অঞ্চলৰ লোক সকলৰ লগতে বিশেষভাৱে গৰ্ভৱতী মহিলা সকলৰ স্থাস্থ্যও পৰীক্ষা কৰা হয় ৷ কেইবাগৰাকী ডাক্তৰে বিভিন্ন ৰোগৰ পৰীক্ষা কৰাৰ লগতে ঔষধো বিতৰণ কৰে ।বঙাইগাঁও জিলা যুটীয়া স্থাস্থ্য সেৱা সঞ্চালক ডা° পি কে ৰয়ে ফিটা কাটি আজিৰ স্থাস্থ্য শিৱিৰৰ শুভ উদ্বোধন কৰে । একেদৰে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছৱিৰ সন্মুখত পুস্পাঞ্জলি প্ৰদানৰ লগতে বন্তি প্ৰজ্বলন কৰে সঞ্চালক গৰাকীয়ে । অনুষ্ঠানত কেইবাগৰাকী স্থাস্থ্য বিষয়া,ডাক্তৰ,নাৰ্ছ,আশা কৰ্মী উপস্থিত থাকে । লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে জিলাখনৰ পাঁচটা স্থাস্থ্যখণ্ডত আজিৰে পৰা ২৩ নৱেম্বৰলৈ স্থাস্থ্য শিৱিৰ অনুষ্ঠিত কৰিব বুলি জিলা যুটীয়া স্থাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.