ইটালী বনাম ইংলেণ্ড -১

Share This Article

জুৰি বৰুৱাৰ কলমত-

মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ চীন, জাপান, ভাৰতলৈ আাহিছিল৷ তেওঁৰ বিখ্য়াত কিতাপ ‘মাৰ্ক’ প’ল’ৰ ভ্ৰমন কাহিনী’ য়ে ইউৰোপবাসীৰ আগত মুকলি কৰিছিল পূবৰ দেশসমূহৰ আন এক নেদেখা পৃথিৱী ৷ ইটালী বুলি ক’লে লগতে মনত পৰে পম্পেই চহৰলৈও ৷ ভিছুভিয়াচ আগ্নেয়গিৰিয়ে পুতি পেলোৱা পম্পেই চহৰ ৷ ভিছুভিয়াচ অজিৰ তাৰিখতো ইউৰোপৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি ৷
ইটালী দক্ষিণ ইউৰোপত অৱস্থিত এখন ভূমধ্য় সাগৰীয় দেশ ৷ ভৌগলিকভাৱে ইটালী মূলতঃ এখন উপদ্বীপ ৷ ইয়াৰ চাৰিওফালে আছে ফ্ৰান্স , চুইজাৰলেণ্ড , অষ্ট্ৰিয়া আৰু শ্ল’ভানিয়া ৷ দেশখনৰ অৱস্থিতি এনেকুৱা যে মেপত ইয়াক এযোৰ বুট জোতাৰ দৰে দেখি ৷ ১৮৬১ চনত ইটালী এখন দেশ হিচাপে জন্ম হয়, যদিও এই সমগ্ৰ উপদ্বীপটোৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি ৷ ২০ টা বিভিন্ন অঞ্চলেৰে গঠিত ইটালীৰ দুটা বিখ্য়াত দ্বীপ হৈছে চিচিলি আৰু চাৰডিনিয়া ৷ দুয়োটা দ্বীপ দেশখনৰ একেবাৰে দক্ষিণত ভূ-মধ্য় সাগৰত অৱস্থিত আৰু মূল ভূ-খণ্ডৰ পৰা পৃথক ৷

ইটালীত জন্মৰ হাৰ অতি কম ৷ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্য়া ঘনত্ব ২০০ ৷ কিন্তু শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে দেশখনৰ জনসংখ্য়াৰ চৰিত্ৰ বহুখিনি সলনি হৈছে ৷ দেশখনৰ ৰাজধানী চহৰ ৰোম ইউৰোপৰ তৃতীয় বৃহৎ জনবহুল চহৰ ৷ বিশ্বৰ আটাইতকৈ সৰু স্বাধীন ৰাষ্ট্ৰ ভেটিকান চিটি ৰোম চহৰৰ চাৰিসীমাতে আছে ৷ এখন চহৰৰ মাজতে এখন ৰাষ্ট্ৰ থকাৰ বাবে বহু সময়ত ৰোমক দুখন ৰাষ্ট্ৰৰ ৰাজধানী হিচাপে অভিহিত কৰা হয় ৷ ইউৰোপৰ আটাইতকৈ পুৰণি চহৰ ৰোমেই আছিল এসময়ৰ ৰোমান সাম্ৰাজ্য়ৰ মূল কেন্দ্ৰ ৷ আজিৰ তাৰিখত ৰোম হৈছে ইউৰপীয়ান ইউনিয়নত পৰ্যটনৰ শীৰ্ষত থকা চহৰ ৷

ইটালীক চুই গৈছে আল্পছ আৰু আপেনাইন পৰ্বতে ৷ সেয়ে দেশখনৰ ৪০ শতাংশ মাটিয়ে পাহাৰীয়া ৷ কিন্তু তাৰপাছতো এই পাহাৰীয়া, উপদ্বীপিয়, বুট জোতাৰ আকৃতিৰ দেশখন বিখ্য়াত ফুটবলৰ বাবে ৷ ১৯১০ চনত দেশখনত প্ৰথমটো আনুষ্ঠানিক ফুটবল দলৰ জন্ম হয় ৷ ফ্ৰান্সৰ সৈতে হোৱা প্ৰথমখন খেলত ইটালী জয়ী হয় ৬-২ গ’লত ৷ ইটালীৰ ৪০০০ সমৰ্থকে সেইদিনা এৰেনা চিভিকা ষ্টেডেয়ামত খেলপথাৰলৈ চিগাৰেটৰ পেকেট দলিয়াই বিজয় উল্লাস কৰে ৷ উক্ত বছৰটোত হোৱা কেৱল মাত্ৰ দুখন খেলত ইটালীয়ে বগা জাৰ্চি পিন্ধিছিল ৷ তাৰ পিছৰে পৰা ৰাজপৰিয়াল চেভয় হাউচৰ পৰা উৎসাহিত হৈ ইটালীৰ জাৰ্চি হৈ পৰে নীলা ৷ সেয়ে ইটালীৰ ফুটবল দলৰ থলুৱা নাম Azzurri যাৰ অৰ্থ হৈছে ‘The Blues’ ৷

১৯৩৪ চনত ইটালীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ অনুষ্ঠিত কৰে ৷ সেইসময়ত দেশখনৰ আটাইতকৈ বিখ্য়াত খেলুৱৈ আছিল মিয়াজা ৷ তেওঁক ইটালীৰ সংবাদ মাধ্য়মে নাম দিছিল “ll Genio” অৰ্থাৎ জিনিয়াছ ৷ দ্বিতীয় বিশ্ব মহাযুদ্ধৰ পাছত ইটালীৰ ফুটবলৰ ইতিহাসত আন এক অন্ধকাৰ নামি আহে৷ চুপাৰেগা বিমান দুৰ্ঘটনাত গোটেই দলটোৱে প্ৰাণ হেৰুৱায় ৷ ১৯৬৮ চনত ইুউৰো কাপৰ মাধ্য়মত ইটালীৰ ফুটবল দল উভতি আহে এক নতুন ফৰ্মত ৷ নতুন খেলুৱৈ, নতুন স্পিৰিট ৷ ছোভিয়েট ইউনিয়নৰ লগত ছেমি ফাইনেলত ইটালীৰ ড্ৰ হয় ০-০ গ’লত ৷ যোগোশ্ল’ভিয়াৰ লগতো ফাইনেলত ইটালীৰ ড্ৰ হয় ৷ অৱশ্য়ে এক্সট্ৰা টাইমত ২-০ গ’লত ইটালী জয়ী হয় ৷ সেয়া আছিল ৩০ বছৰত দেশখনৰ ফুটবলে পোৱা প্ৰথমটো স্বীকৃতি ৷ এই উৎসাহেই কামত আহে ১৯৭০ চনৰ বিশ্বকাপত ৷ যদিওবা ব্ৰাজিলৰ লগত ফাইনেলত ইটালী ১-৪ গ’লত হাৰে, কিন্তু ইটালীক মনত ৰখা হয় পশ্চিম জাৰ্মানীৰ লগত খেলা ছেমি ফাইনেলৰ বাবেহে ৷ এইখন খেলত ইটালী জিকিছিল ৪-৩ গ’লত ৷ এই বিখ্য়াত খেলখনকে ফুটবল ইতিহাসত জনা যায় “Game of the Century” নামেৰে ৷

নানা উত্থান-পতনৰ মাজেৰে পাৰ হৈ যোৱা ইটালীৰ ফুটবল দল Azzurri ২০২১ ৰ ইউৰো কাপত ১২ জুলাইৰ মাজ নিশা মুখামুখি হ’ব ইংলেণ্ডৰ সৈতে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.