সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইটালী বনাম ইংলেণ্ড -১

ইউৰো কাপৰ ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড আৰু ইটালী ৷ কিন্তু ক’ত আছে ইটালী ?কিয় বিখ্যাত ইটালী ?পৃথিৱীৰ ভূগোলত,ফুটবলৰ ইতিহাসত ইটালীৰ স্থান ক’ত ? জনা – নজনা বহু কথাৰে জুৰি বৰুৱাৰ এই বিশেষ লেখা –

জুৰি বৰুৱাৰ কলমত-

মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ চীন, জাপান, ভাৰতলৈ আাহিছিল৷ তেওঁৰ বিখ্য়াত কিতাপ ‘মাৰ্ক’ প’ল’ৰ ভ্ৰমন কাহিনী’ য়ে ইউৰোপবাসীৰ আগত মুকলি কৰিছিল পূবৰ দেশসমূহৰ আন এক নেদেখা পৃথিৱী ৷ ইটালী বুলি ক’লে লগতে মনত পৰে পম্পেই চহৰলৈও ৷ ভিছুভিয়াচ আগ্নেয়গিৰিয়ে পুতি পেলোৱা পম্পেই চহৰ ৷ ভিছুভিয়াচ অজিৰ তাৰিখতো ইউৰোপৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি ৷
ইটালী দক্ষিণ ইউৰোপত অৱস্থিত এখন ভূমধ্য় সাগৰীয় দেশ ৷ ভৌগলিকভাৱে ইটালী মূলতঃ এখন উপদ্বীপ ৷ ইয়াৰ চাৰিওফালে আছে ফ্ৰান্স , চুইজাৰলেণ্ড , অষ্ট্ৰিয়া আৰু শ্ল’ভানিয়া ৷ দেশখনৰ অৱস্থিতি এনেকুৱা যে মেপত ইয়াক এযোৰ বুট জোতাৰ দৰে দেখি ৷ ১৮৬১ চনত ইটালী এখন দেশ হিচাপে জন্ম হয়, যদিও এই সমগ্ৰ উপদ্বীপটোৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি ৷ ২০ টা বিভিন্ন অঞ্চলেৰে গঠিত ইটালীৰ দুটা বিখ্য়াত দ্বীপ হৈছে চিচিলি আৰু চাৰডিনিয়া ৷ দুয়োটা দ্বীপ দেশখনৰ একেবাৰে দক্ষিণত ভূ-মধ্য় সাগৰত অৱস্থিত আৰু মূল ভূ-খণ্ডৰ পৰা পৃথক ৷

- Donation -

ইটালীত জন্মৰ হাৰ অতি কম ৷ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্য়া ঘনত্ব ২০০ ৷ কিন্তু শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে দেশখনৰ জনসংখ্য়াৰ চৰিত্ৰ বহুখিনি সলনি হৈছে ৷ দেশখনৰ ৰাজধানী চহৰ ৰোম ইউৰোপৰ তৃতীয় বৃহৎ জনবহুল চহৰ ৷ বিশ্বৰ আটাইতকৈ সৰু স্বাধীন ৰাষ্ট্ৰ ভেটিকান চিটি ৰোম চহৰৰ চাৰিসীমাতে আছে ৷ এখন চহৰৰ মাজতে এখন ৰাষ্ট্ৰ থকাৰ বাবে বহু সময়ত ৰোমক দুখন ৰাষ্ট্ৰৰ ৰাজধানী হিচাপে অভিহিত কৰা হয় ৷ ইউৰোপৰ আটাইতকৈ পুৰণি চহৰ ৰোমেই আছিল এসময়ৰ ৰোমান সাম্ৰাজ্য়ৰ মূল কেন্দ্ৰ ৷ আজিৰ তাৰিখত ৰোম হৈছে ইউৰপীয়ান ইউনিয়নত পৰ্যটনৰ শীৰ্ষত থকা চহৰ ৷

ইটালীক চুই গৈছে আল্পছ আৰু আপেনাইন পৰ্বতে ৷ সেয়ে দেশখনৰ ৪০ শতাংশ মাটিয়ে পাহাৰীয়া ৷ কিন্তু তাৰপাছতো এই পাহাৰীয়া, উপদ্বীপিয়, বুট জোতাৰ আকৃতিৰ দেশখন বিখ্য়াত ফুটবলৰ বাবে ৷ ১৯১০ চনত দেশখনত প্ৰথমটো আনুষ্ঠানিক ফুটবল দলৰ জন্ম হয় ৷ ফ্ৰান্সৰ সৈতে হোৱা প্ৰথমখন খেলত ইটালী জয়ী হয় ৬-২ গ’লত ৷ ইটালীৰ ৪০০০ সমৰ্থকে সেইদিনা এৰেনা চিভিকা ষ্টেডেয়ামত খেলপথাৰলৈ চিগাৰেটৰ পেকেট দলিয়াই বিজয় উল্লাস কৰে ৷ উক্ত বছৰটোত হোৱা কেৱল মাত্ৰ দুখন খেলত ইটালীয়ে বগা জাৰ্চি পিন্ধিছিল ৷ তাৰ পিছৰে পৰা ৰাজপৰিয়াল চেভয় হাউচৰ পৰা উৎসাহিত হৈ ইটালীৰ জাৰ্চি হৈ পৰে নীলা ৷ সেয়ে ইটালীৰ ফুটবল দলৰ থলুৱা নাম Azzurri যাৰ অৰ্থ হৈছে ‘The Blues’ ৷

১৯৩৪ চনত ইটালীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ অনুষ্ঠিত কৰে ৷ সেইসময়ত দেশখনৰ আটাইতকৈ বিখ্য়াত খেলুৱৈ আছিল মিয়াজা ৷ তেওঁক ইটালীৰ সংবাদ মাধ্য়মে নাম দিছিল “ll Genio” অৰ্থাৎ জিনিয়াছ ৷ দ্বিতীয় বিশ্ব মহাযুদ্ধৰ পাছত ইটালীৰ ফুটবলৰ ইতিহাসত আন এক অন্ধকাৰ নামি আহে৷ চুপাৰেগা বিমান দুৰ্ঘটনাত গোটেই দলটোৱে প্ৰাণ হেৰুৱায় ৷ ১৯৬৮ চনত ইুউৰো কাপৰ মাধ্য়মত ইটালীৰ ফুটবল দল উভতি আহে এক নতুন ফৰ্মত ৷ নতুন খেলুৱৈ, নতুন স্পিৰিট ৷ ছোভিয়েট ইউনিয়নৰ লগত ছেমি ফাইনেলত ইটালীৰ ড্ৰ হয় ০-০ গ’লত ৷ যোগোশ্ল’ভিয়াৰ লগতো ফাইনেলত ইটালীৰ ড্ৰ হয় ৷ অৱশ্য়ে এক্সট্ৰা টাইমত ২-০ গ’লত ইটালী জয়ী হয় ৷ সেয়া আছিল ৩০ বছৰত দেশখনৰ ফুটবলে পোৱা প্ৰথমটো স্বীকৃতি ৷ এই উৎসাহেই কামত আহে ১৯৭০ চনৰ বিশ্বকাপত ৷ যদিওবা ব্ৰাজিলৰ লগত ফাইনেলত ইটালী ১-৪ গ’লত হাৰে, কিন্তু ইটালীক মনত ৰখা হয় পশ্চিম জাৰ্মানীৰ লগত খেলা ছেমি ফাইনেলৰ বাবেহে ৷ এইখন খেলত ইটালী জিকিছিল ৪-৩ গ’লত ৷ এই বিখ্য়াত খেলখনকে ফুটবল ইতিহাসত জনা যায় “Game of the Century” নামেৰে ৷

নানা উত্থান-পতনৰ মাজেৰে পাৰ হৈ যোৱা ইটালীৰ ফুটবল দল Azzurri ২০২১ ৰ ইউৰো কাপত ১২ জুলাইৰ মাজ নিশা মুখামুখি হ’ব ইংলেণ্ডৰ সৈতে

Leave A Reply

Your email address will not be published.