অসমীয়াৰ ইতিহাস ৰঙেৰে মচিলে কোনে?

Share This Article

জনশ্ৰুতি অনুসৰি,ৰুক্মীনিক হৰণ কৰিবলৈ আহোতে লুইতৰ ঘূলীত বৰশী বাইছিল ভগৱান শ্ৰীকৃষ্ণই৷যাত্ৰা পথত ক্লান্ত ঘোঁৰাক জিৰাবলৈ দি লুইতৰ ঘূলীৰ পাৰৰ শিলত বহি বৰশী বাইছিল শ্ৰীকৃষ্ণই৷সেই স্থানৰ শিলত থকা এটা ভৰিৰ ছাপক কেন্দ্ৰ কৰিয়েই আছে জনবিশ্বাস- বৰশী বোৱা স্থানত ৰৈ গৈছিল ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ ছাপ৷সেইবাবেই উত্তৰ গুৱাহাটীৰ সেই বিশেষ ঠাইখনৰ নাম কানাই বৰশী বোৱা শিল৷কানাই বৰশী বোৱা শিলে এনেদৰেই বহন কৰি আহিছে ভগৱান শ্ৰীকৃষ্ণৰ ৰুক্মীনি হৰণ কাহিনীৰ জনবিশ্বাস৷

কেৱল শ্ৰীকৃষ্ণ আৰু ৰুক্মীনি হৰণ কাহিনীৰ জনশ্ৰুতিকেই বহন কৰি অহা নাই কানাই বৰশী বোৱা শিলে৷কানাই বৰশী বোৱা শিলে বহন কৰি আহিছে অসমীয়াৰ শৌর্য্য বীয্যৰ কাহিনী আৰু আৰু অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ যুঁজখনৰ তাৎপর্য৷
এই ঠাইখণ্ডত আছে তিনিখন ঐতিহাসিক শিলালিপি৷এই তিনিখন শিলালিপিয়ে বহন কৰিছে অসম আৰু অসমীয়াৰ ইতিহাসৰ দুটা ঐতিহাসিক ঘটনা৷প্ৰথমখন শিলালিপি ১২০৬ খ্ৰীষ্টাব্দৰ৷এই শিলালিপিয়ে স্বাক্ষৰ বহন কৰিছে ১২০৬ খ্ৰীষ্টাব্দত অসমীয়া সেনাই বখতীয়াৰ খিলজি বাহিনীক প্ৰতিহত কৰাৰ ইতিহাস৷১২০৬ খ্ৰীষ্টাব্দত ১২০০০ হাজাৰ আশ্ৰোৰোহী সেনা লৈ বিহাৰ আৰু বংগ দখলৰ পিছত অসম আক্ৰমণৰ দিশে অগ্ৰসৰ হৈছিল বখতীয়াৰ খিলজি৷বখতীয়াৰ খিলজিয়ে বিশ্ববিখ্যাত নালন্দা বিশ্ববিদ্যালয় আক্ৰমণ কৰি ধংস কৰাৰ ইতিহাস আছিল৷সেই বখতীয়াৰ খিলজিক কানাই বৰশী বোৱা শিলৰ কাষতে প্ৰতিহত কৰাৰ ব্যৱস্থা গঢ়ি তুলিছিল কামৰূপৰ ৰজা পৃথুৱে৷লুইতৰ পাৰৰ সেই স্থানতেই শক্তিশালী খিলজি বাহিনীক সমূলঞ্চে বিধস্ত কৰিছিল পৃথু বাহিনীয়ে৷অসমীয়া সেনাৰ সেই ঐতিহাসিক বিজয়ৰ ইতিহাস খোদিত হৈছিল কানাই বৰশী বোৱা শিলৰ শিলালিপিত৷


আন দুখন শিলালিপিত খোদিত হৈ ৰৈছে শৰাইঘাটৰ প্ৰথমখন যুদ্ধত মোগলক আহোম সেনাই পৰাজিত কৰাৰ স্মৃতি৷১৬৬৫ আৰু ১৬৬৭ খ্ৰীষ্টাব্দত মোগলক ভেটিবলৈ নির্মাণ কৰা দুটাকৈ গড়ৰ কথা লিপিবদ্ধ হৈছে দুখন শিলালিপিত৷ এই দুখন শিলালিপিয়ে বহন কৰি আহিছে অসমীয়াই মোগলক প্ৰতিহত কৰা বীৰত্বৰ কাহিনী৷আনহাতে ইয়াৰে প্ৰথমখন শিলালিপিয়ে বহন কৰিছে ভাষাতাত্বিক গুৰুত্বও৷বাংলা আৰু অসমীয়া ভাষাৰ প্ৰাচীন যুঁজখনত অসমীয়া ভাষাৰ ধ্ৰুপদী সাক্ষ্য এই শিলালিপি৷অসমীয়া লিপিৰ আধুনিক যুগটোৰ আৰম্ভণিৰ বিন্দুও কানাই বৰশী বোৱা শিলৰ শিলালিপি৷
কানাই বৰশী বোৱা শিলৰ এই বাখ্যাৰ উদেশ্য ইতিসাহ স্মৰণ অথবা শ্ৰীকৃষ্ণ বন্দনা নহয়৷উদেশ্য পুৰাতত্ব বিভাগৰ একে অক্ষমনীয় দুষ্কার্য প্ৰতিফলিত কৰাহে৷অসম আৰু অসমীয়াৰ ইতিহাস বহন কৰি অহা এই তিনিখন শিলালিপিৰ সংৰক্ষণৰ দায়িত্বত আছে অসম ৰাজ্যিক পুৰাতত্ব বিভাগ৷নিজৰ দায়িত্ব পালন কৰি পুৰাতত্ব বিভাগে লিপি কেইখনত পানী নপৰাকৈ চালি পর্যন্ত তৰি দিছে৷কিন্তু বিভাগটোৰ জ্ঞাতসাৰেই এতিয়া লিপিকেইখনকেই মচি পেলোৱা হৈছে৷

সংৰক্ষিত স্থানতেই আছে এটা গণেশ মন্দিৰ৷মন্দিৰত অব্যাহত আছে নিত্য পূজা-অর্চনা৷পুৰণি হৈ যোৱা মন্দিৰটোৰ দেৱাল সমূহত শেহতীয়াকৈ ৰং কৰা হৈছে৷কিন্তু দেৱালৰ লগতে ৰং কৰা হৈছে প্ৰাচীন মূর্ত্তিটোতো৷সেইখিনিলৈকে সকলো ঠিকেই আছিল৷আটাইতকৈ ডাঙৰ দুষ্কার্য সংঘটিত হল তেতিয়া,যেতিয়া ৰং সানি দিয়া হল মূর্ত্তিটোৰ ওপৰত থকা শিলালিপিখনত৷এনেদৰেই ৰাসায়নিক ৰং সানি মচি পেলোৱা হল অসমৰ ইতিসাহৰ এটা গৌৰৱময় অধ্যায়৷
প্ৰয়োজন আছিল আধুনিক প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে ক্ৰমাৎ ধূসৰ হৈ অহা শিলালিপি সমূহ পুনৰ জীৱন্ত কৰি তোলা৷ইতিহাস অন্নেষণৰ উৎস এই লিপি সমূহক দীর্ঘজীৱী কৰি ৰখাৰ দায়িত্ব আছে পুৰাতত্ব বিভাগৰ,দায়িত্ব আছে চৰকাৰৰ৷সঘনে মোগল বিৰোধী যুঁজৰ গৌৰৱ সুঁৱৰি থকা চৰকাৰখনৰো দায়িত্ব এই সমূহ শিলালিপি চিৰযুগমীয়া কৰি ৰখাৰ৷হিন্দুত্বৰ অস্তিত্বক লৈ জাগ্ৰত চৰকাৰখনৰ দায়িত্ব কানাই বৰশী বোৱা শিলৰ লগত শ্ৰীকৃষ্ণৰ সম্পর্কক যুগমীয়া কৰি ৰখা৷কিন্তু ইতিহাসবহনকাৰী এই শিলালিপি কেইখন চিৰযুগমীয়া কৰি ৰখাৰ সলনি মচি পেলোৱা হল চিৰদিনৰ বাবে৷এইয়া জানো এক অক্ষমনীয় অপৰাধ নহয় অসমীয়াৰ প্ৰতি?এইয়া জানো অপৰাধ নহয় অসমীয়াৰ গৌৰৱময় ইতিহাস ধংস কৰা বুলি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.