সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধনীৰ সম্পত্তি বাঢ়িছে,দুখীয়াৰ আয় কমিছে৷ তাৰমাজতে কেনেকৈ দেশত লেম্ব’ৰগিনিৰ বিক্ৰী বাঢ়িছে?

২০২১ চনত ভাৰতত অভিলেখসংখ্যক ভাবে বৃদ্ধি পালে বিলাসী বাহন লেম্বৰগিনিৰ বিক্ৰী৷পূর্বৰ বর্ষতকৈ ২০২১ বর্ষত ৮৬ শতাংশ বৃদ্ধি পালে লেম্বৰগিনিৰ বিক্ৰী৷উল্লেখনীয় যে,বিলাসী বাহন লেম্বৰগিনিৰ মুল্য আৰম্ভ হয় প্ৰায় ৩ কোটিৰ পৰা৷কিন্তু সেই একেখিনি সময়তে চৰম দৰিদ্ৰতাৰ দিশে গতি কৰিলে প্ৰায় ৪ কোটি ভাৰতীয়ই৷সৱিশেষ জানিবলৈ আপোনালৈ আগবঢ়াইছো শেহতীয়াকৈ প্ৰকাশ পোৱা র্ৱল্ড ইনইকুয়েলিটি লেবৰ প্ৰতিবেদন র্ৱল্ড ইনইকুয়েলিটি ৰিপর্ট ২০২২ ৰ কিছু তথ্য৷
র্ৱল্ড ইনইকুয়েলিটি ৰিপর্টৰ তথ্য অনুসৰি আয় আৰু সম্পত্তিৰ সর্বাধিক বৈষ্যমৰ থকা ৰাষ্ট্ৰ সমূহৰ ভিতৰত এখন ৰাষ্ট্ৰ ভাৰত৷কোভিড মহামাৰীৰ সময়ত এফালে ধনী ব্যক্তিৰ আয় পূর্বতকৈ বৃদ্ধি পাইছে আৰু আনফালে দুখীয়াৰ আয় পূর্বকৈ কমি আহিছে৷২০২০ চনত প্ৰায় ৫০ শতাংশ ভাৰতীয়ৰ আয় দেশৰ সর্বমুঠ আয়ৰ ১৩ শতাংশলৈ হ্ৰাস হৈছে৷ইয়াৰ বিপৰীতে,দেশৰ সর্বমুঠ আয়ৰ ৫৭ শতাংশ ১০ শতাংশ ভাৰতীয় আৰু ২২ শতাংশ আয় ১ শতাংশ ভাৰতীয় দখল কৰিছে৷
বিশ্বৰ প্ৰেক্ষাপটত এক শতাংশ ধনী ব্যক্তিৰ হাততেই আছে বিশ্বৰ ৫ ভাগৰ দুভাগ সম্পত্তি৷১৯৯৫ চনৰ পৰা বিশ্বৰ ৫২ জন ধনী ব্যক্তিৰ প্ৰতিবছৰেই ১০ শতাংশকৈ সম্পত্তি বৃদ্ধি হৈ আহিছে৷এই ৫২ জন ধনী ব্যক্তিৰ তালিকাত সোমাই আছে ভাৰতৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ নামো৷প্ৰতিবেদন অনুসৰি বিশ্বৰ অর্ধেক জনসংখ্যাৰ হাতত আছে মাত্ৰ ৬ শতাংশ সম্পত্তি৷তাৰবিপৰীতে বিশ্বৰ সর্বমুঠ সম্পত্তিৰ এক তৃতীয়াংশৰ গৰাকী এক শতাংশ ধনী ব্যক্তি আৰু দুই তৃতীয়াংশ সম্পত্তিৰ গৰাকী ১০ শতাংশ ধনী ব্যক্তি৷
আনহাতে অক্সফামৰ আন এক প্ৰতিবেদন অনুসৰি,কোভিডৰ সময়তেই বিশ্বৰ ১০ গৰাকী শীর্ষ ধনী ব্যক্তিৰ সম্পত্তি পৰিমাণ দুগুনলৈ বৃদ্ধি হল৷একেই প্ৰতিবেদন অনুসৰি ভাৰতত ৰাজহুৱা সম্পত্তিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ব্যক্তিগত সম্পত্তি৷১৯৮০ চনত ২৯০ শতাংশৰ পৰা ২০২০ চনত ব্যক্তিগত সম্পত্তি আৰু ৰাজহুৱা সম্পত্তিৰ অনুপাত বৃদ্ধি পালে ৫৫৫ শতাংশলৈ৷
এই দুই প্ৰতিবেদন অনুসৰি,বিশ্বত কোভিডকালীন সময়তেই আয় আৰু সম্পত্তিৰ বৈষ্যম দ্ৰুত হাৰত বৃদ্ধি পাইছে৷আয় আৰু সম্পত্তিৰ বৈষম্যত ভাৰতেও শীর্ষ স্থানত অবস্থান কৰিছে৷দেশৰ ধনী ব্যক্তিৰ আয় আৰু সম্পত্তি বৃদ্ধি হোৱাৰ সময়তে দেশৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ জনতাৰ আয় আৰু সম্পত্তি হ্ৰাস পাব ধৰিছে৷দেশৰ গৰিষ্ঠ সংখ্যক জনতা চৰম দৰিদ্ৰতাৰ দিশে গতি কৰাৰ সময়তে দেশৰ আন এখন আভিজ্যাত ছবি পোহৰলৈ আহিছে অটোমোবাইল লেম্বৰগিনিৰ প্ৰতিবেদনত৷বিলাসী বাহন লেম্বৰগিনিৰ বিক্ৰী ভাৰতত ২০২১ চনত পূর্বৰ বর্ষতকৈ ৮৬ শতাংশ বৃদ্ধি পাইছে৷এইয়াই হৈছে দৰিদ্ৰ দেশ ভাৰতৰ আভিজ্যাতৰ কাহিনী৷ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ বিৰুদ্ধে যুজিব চন্দ্ৰশেখৰ আজাদে৷চন্দ্ৰশেখৰ আজাদ হব গোর্খাপুৰ সমষ্টিৰ পৰা অজাদ সমাজ দলৰ প্ৰার্থী৷আজাদ সমাজ দলে কয় যে বাবাচাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু কাঞ্চিৰাম চাহিবৰ মতাদৰ্শ “বহুজন হিতায় বহুজন সুখায়” অৰ্থাৎ অধিক লোকৰ হিতৰ বাবে আৰু অধিক লোকৰ সুখৰ বাবে -এই মতাদৰ্শ আগত ৰাখি দলটিয়ে গোড়খপুৰ সদৰৰ পৰা প্ৰাৰ্থীত্বৰ বাবে চন্দ্ৰ শেখৰ আজাদৰ নাম ঘোষণা কৰে। চন্দ্ৰ শেখৰ আজাদ ভীম বাহিনীৰ প্ৰতিষ্ঠাপক৷ অধিবক্তা আৰু সমাজকৰ্মী চন্দ্ৰশেখৰ আজাদে ২০২০ চনৰ মাৰ্চ মাহত আজাদ সমাজ দল প্ৰতিষ্ঠা কৰে।উল্লেখ্য যে,গোর্খাপুৰত সমাজবাদী পার্টিয়ে প্ৰার্থীত্ব প্ৰদান কৰিছে শুভবতী শুক্লাক৷উল্লেখনীয় যে দুটাকৈ অপিনিয়ন পলত উত্তৰ প্ৰদেশ নির্বাচনত সমাজবাদী পার্টিৰ উত্থান হব বুলি ধাৰনা কৰা হৈছে৷Zee News channel ৰ opinion poll ত প্ৰকাশ পোৱা অনুসৰি বিজেপি দলে এইবেলি ২৪৫-২৬৭ আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী দলে ১২৫-১৪৮ আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।২০১৭ চনৰ নিৰ্বাচনত বিজেপি দলে ৩১২ খন আসন লাভ কৰিছিল। opinion poll ৰ অনুসৰি এইবেলি বিজেপি দলে ৪৫-৬৭ খন আসন হেৰুৱাব পাৰে। আনহাতে বিগত নিৰ্বাচনত সমাজবাদী দলে ৪৭ খন আসন লাভ কৰিছিল কিন্তু এইবাৰ নিৰ্বাচনত দলটিৰ ৭৮-১০১ খনলৈ আসন বাঢ়িব বুলি এক ধাৰণা কৰা হৈছে।আনহাতে আজি সমাজবাদী পার্টিয়ে ঘোষনা কৰিলে অখিলেশ যাদবৰ সমষ্টি৷অখিলেশ যাদবে প্ৰার্থীত্ব আগবঢ়াব কাৰহাল সমষ্টিৰ পৰা৷কাৰহাল সমষ্টিৰ পৰা পূর্বে অবর্তীন হোৱা নাছিল অখিলেশ যাদব৷অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা অখিল গগৈৰ।বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত অসম বাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে।মেঘালয়ক বিবদমান এলেকাৰ মাটি এৰি দিয়াৰ পাছত অখিল গগৈৰ প্ৰশ্ন নাগালেণ্ড,অৰুণাচল, মেঘালয়,মিজোৰামে বেদখল কৰি থকা ৬৯০.১১ বৰ্গ কিলোমিটাৰ মাটি এৰি দিব নেকি বিজেপি চৰকাৰে?
বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ বিয়লি ৪ বজাত সমাপ্ত হয়। মুঠ ২২ টা সমষ্টিৰ ভিতৰত গোলাঘাটৰ ৫ টা সমষ্টিত প্ৰায় ৭০ শতাংশ ভোটদান হোৱাৰ বিপৰীতে কমাৰগাঁৱত ৬০ শতাংশ, গেলাবিলত ৭৪ শতাংশ, কাচমাৰীত ৭৪ শতাংশ, চাউদাং পথাৰত ৭৭ শতাংশ, চাউদাং পথাৰ দৈয়াঙত ৭০ শতাংশ ভোটদান সাব্যস্ত হয়।ভাৰতৰ প্ৰথম চীফ অৱ দ্য ডিফেন্স ষ্টাফ প্ৰয়াত বিপিন ৰাৱটৰ ভাতৃ বিজয় ৰাৱটে বিজেপিত যোগদান কৰিছে ৷বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামিৰ উপস্থিতিত তেও বিজেপি দলত যোগদান কৰে ৷ বিজয় ৰাৱট ভাৰতীয় সেনাৰ এগৰাকী অবসৰপ্ৰাপ্ত কৰ্ণেল ৷তেও সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও খবৰ ওলাইছে ৷ বিপিন ৰাৱট আৰু বিজয় ৰাৱটৰ পিতৃও এজন সেনা বিষয়া আছিল আৰু বিজেপিৰ অতি ঘণিষ্ঠ হিচাপে পৰিচিত আছিল ৷ বিজেপিত যোগদান কৰাৰ পাছত বিজয় ৰাৱটে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভিজনৰ প্ৰতি আকৰ্ষিত হৈ তেও বিজেপি দলত যোগদান কৰিছে ৷পাকিস্তানত বৃহস্পতিবাৰে লাহোৰৰ আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণত চাৰিজন লোক নিহত আৰু ২৮ জনৰো অধিক লোক আহত হয়। লাহোৰ আৰক্ষীৰ মুখপাত্ৰ ৰাণা আৰিফে আহত আৰু মৃত লোকৰ সংখ্যা নিশ্চিত কৰিছে৷মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত অব্যাহত আছে প্ৰতিবাদ৷আজি শোনিতপুৰ আৰু কার্বি আংলঙত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷

- Donation -

Leave A Reply

Your email address will not be published.