ব্ৰিটেইন স্বাভাৱিক হ’ল , মহাৰাষ্ট্ৰত পাঠদান চলিব , অসমত কি হোৱা উচিত ?

Share This Article

বুধবাৰৰ দিনটোত দেশখনত কোভিডত আক্ৰান্ত হৈছিল ১ লাখ ৮ হাজাৰ নাগৰিক ৷মৃত্যু হৈছিল ৩৫৯ গৰাকী লোকৰ ৷ কিন্তু সেই দিনটোতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বিদ্যালয়সমূহ খুলি দিয়া হ’ব ৷ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে মাষ্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই ৷ কাৰ্যালয়বোৰলৈ সকলো কৰ্মচাৰীক উভতি যাবলৈ কোৱা হ’ল ৷ ৱৰ্ক ফ্ৰম হোমৰ ইতি পেলালে প্ৰধানমন্ত্ৰীয়ে নিজেই ৷ কৈ আছো ব্ৰিটেইনৰ কথা ৷ ব্ৰিটেইন চৰকাৰে ঘোষণা কৰিছে যে কোভিডৰ লগত জীয়াই থাকিবলৈ শিকিব লাগিব ৷ তাৰ বাবে কোভিডৰ বাবে বলবৎ কৰা প্ৰায়বোৰ নীতি নিয়ম প্ৰত্যাহাৰ কৰা হৈছে ৷ ব্ৰিটেইন চৰকাৰে কি কি সিদ্ধান্ত ল’লে , ভাৰতত কেতিয়ালৈকে স্বাভাৱিক জীৱন ঘূৰি আহিব ,গুৱাহাটী মহানগৰীৰ মাজেৰে পাৰ হৈ গৈছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কনভয় ৷ ইয়াৰ বাবে ৰাস্তাত ৰখাই দিয়া হৈছে গাড়ী মটৰৰ চলাচল ৷ পথত আৱদ্ধ হৈ থকা কোনো লোকে সংগ্ৰহ কৰা এই ভিডিও এতিয়া ছোচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে ৷ জনসাধাৰণে ইয়াৰ লগত মুখ্যমন্ত্ৰীয়ে নগাৱৰ উপায়ুক্তক দিয়া ধমকৰ প্ৰসংগও আলোচনা কৰিবলৈ আৰম্ভ কৰিছে ৷
এতিয়া আহো কোভিডৰ প্ৰসংগলৈ ৷ ব্ৰিটেইন চৰকাৰে কোভিডৰ পৰিপ্ৰেক্ষিতত বলবৎ কৰা প্ৰায়বোৰ বাধা নিষেধ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে ৷ ব্ৰিটিছ চৰকাৰৰ স্বাস্থ্য সচিব চাজিদ জাভিদে এক সংবাদমেলত ঘোষণা কৰে যে আমি সকলোৱে কোভিডৰ সৈতে জীয়াই থাকিবলৈ শিকিব লাগিব ৷ ইয়াৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইংলেণ্ডত কোভিডৰ বাবে বলবৎ কৰা বাধা নিষেধৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছে ৷ জনছনে কৰা ঘোষণা অনুসৰি ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশনা বৃহস্পতিবাৰৰ পৰা অন্ত পৰিছে ৷ সকলো কৰ্মচাৰীয়ে কাৰ্যালয়লৈ গৈ কামত যোগদান কৰিব পাৰে৷ লগতে ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত মাস্ক পৰিধান কৰাৰ কোনো প্ৰয়োজন নাই ৷ ৰাজহুৱা স্থানত প্ৰৱেশৰ বাবে ২৭ জানুৱাৰীৰ পৰা কোভিড পাছৰ কোনো প্ৰয়োজন নাথাকিব ৷ যদিহে কোনো ব্যক্তি কোভিডত আক্ৰান্ত হয় , তেনেহ’লে তেও নিজকে আইছ’লেট কৰিব লাগিব ৷ এইদৰে ব্ৰিটেইনৰ জীৱন যাত্ৰা স্বাভাৱিক হ’বলৈ গৈ আছে ৷ কিন্তু ভাৰতত এতিয়াও কোভিডৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ কঠোৰ বাধা নিষেধ জাৰি কৰা হৈ আছে আৰু নাগৰিকৰ পৰা জৰিমনা সংগ্ৰহৰ কামো চলি আছে ৷ তাৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰে অহা ২৪ জানুৱাৰীৰ পৰা প্ৰথমৰ পৰা নৱম শ্ৰেণীলৈ সকলো বিদ্যালয় মুকলি কৰি দিব বুলি সদৰী কৰিছে ৷ পশ্চিমবংগতো বিদ্যালয় খোলাৰ দাবীত ব্যাপক গণজাগৰণ আৰম্ভ হৈছে ৷ সেইবাবেই এতিয়া প্ৰশ্ন হৈছে – অসমত দৈনিক ৮ হাজাৰ লোক কোভিডত আক্ৰান্ত হৈ আছে যদিও চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা তেনেই কম ৷ তাৰ পাছতো অসমত বিদ্যালয়সমূহ বন্ধ কৰি ৰখাৰ কিবা যুক্তি আছেনে ? নে বিদ্যালয় – মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱা উচিত ৷ এইদৰেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কোভিডৰ বাধা নিষেধ আঁতৰ কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাছতে সাংসদসকলে তেওৰ সিদ্ধান্তক সমৰ্থন জনায় ৷ বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ বাবেই ব্ৰিটেইন চৰকাৰে কোভিড সম্পৰ্কীয় প্ৰট’কল প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.