আপোনাৰ মতে বিশ্বৰ ধনী দেশখন কি?আমেৰিকা?নহয়, আমেৰিকাক পিছ পেলাই পৃথিৱীৰ ধনী দেশৰ শীৰ্ষ তালিকাত প্ৰথম স্থান দখল কৰিছে ৰঙা চীনে।এতিয়াৰে পৰা বিশ্বৰ আটাইতকৈ ধনী দেশ হল চীন।কিন্তু কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ সক্ষম হ’ল?
Mckinsey Global Institute ৰ শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত বিগত ২০০০ চনৰ পৰা ২০২০ চনৰ ভিতৰত পৃথিৱীৰ সৰ্বমুঠ সম্পত্তিৰ এক সমীক্ষা কৰা হৈছিল। য’ত চীনৰ বিগত ২০০০ চনৰ পৰা বৃদ্ধি হোৱা সম্পত্তিয়ে সকলোকে আচৰিত কৰি তোলে। প্ৰতিবেদনত সদৰী কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ মুঠ সম্পত্তি ২০০০ চনত আছিল ১৫৬ ট্ৰিলিয়ন ডলাৰ। এই সম্পত্তি ২০ বছৰৰ ভিতৰত অৰ্থাৎ ২০২০ চনলৈ বৃদ্ধি হৈ হয়গৈ ৫১৪ ট্ৰিলিয়ন ডলাৰ। গুৰুত্বপূৰ্ণ কথাটো হল এই বৰ্ধিত মুঠ সম্পত্তিৰ এক তৃতীয়াংশ আছে চীনৰ হাতত।
হয়,আমেৰিকাক চেৰ পেলাই চীনে বিশ্বৰ মুঠ সম্পত্তিৰ এক বৃহৎ অংশ নিজৰ হাতলৈ আনি বিশ্বৰ প্ৰথম ধনী দেশ হবলৈ সক্ষম হল। চীনৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ ১২০ ট্ৰিলিয়ন ডলাৰ।কিন্তু ২০০০ চনৰ আগলৈকে চীনৰ সম্পত্তিৰ এনে দ্ৰুত বৃদ্ধি ঘটা নাছিল। তেন্তে কেনেকৈ চীনে ইমান বৃহৎ পৰিবৰ্তন আনিবলৈ সক্ষম
চীনে ক্ৰমাৎ চৰকাৰৰ পৰম্পৰাগত নীতিৰ পৰা মুক্ত হৈ পাৰম্পৰিক ব্যৱসায় প্ৰক্ৰিয়া সলনি কৰিছে ৷ দেশখনে প্ৰস্তুত কৰিছে নতুন ব্যৱসায়িক মডেল ।তদুপৰি ২০০০ চনত চীন World Trade Organisation ৰ সদস্য হিচাপেও জড়িত হয়। চীনৰ অৰ্থনৈতিক পৰিৱৰ্তন , বিকেন্দ্ৰীকৰন নীতিয়ে চীনৰ অৰ্থনীতি মজবুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।ফলত যিখন দেশৰ ২০০০ চনলৈ মুঠ সম্পত্তি আছিল মাত্ৰ ৭ ট্ৰিলীয়ন ডলাৰ,সেইখন দেশৰ ২০২০ চনত মুঠ সম্পত্তি হয়গৈ ১২০ট্ৰিলীয়ন ডলাৰ। অর্থাৎ ২০ বছৰত চীনৰ সম্পত্তি ৭ ট্ৰিলিয়নৰ পৰা ১২০ ট্ৰিলিয়নলৈ বৃদ্ধি হ’ল ৷
Mckinsey ৰ তথ্য অনুসৰি ২০২০ চনত চীনৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ১২০ ট্ৰিলিয়ন ডলাৰ।আনহাতে ,আমেৰিকাৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল মাত্ৰ ৯০ ট্ৰিলিয়ন ডলাৰ।আনহাতে আমেৰিকাৰ আন্তৰাষ্ট্ৰীয় কাকত Forbs ৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ বেছি কোটিপতি লোক চীনত আছে।মুঠ ৬২৬ গৰাকী কৌটিপতি ব্যক্তি আছে চীনত ইয়াৰে ২৩৮ গৰাকী ব্যক্তি বিগত এবছৰৰ ভিতৰত কোটিপতি হৈছে চীনত। কেৱল চীনতেই নহয় , সমগ্ৰ পৃথিৱীতেই যোৱা এবছৰত মুঠ ৭০০ গৰাকী নতুন ব্যক্তিৰ নাম কোটিপতিৰ তালিকাত সন্নিবিষ্ট হৈছে। বৰ্তমান সমগ্ৰ বিশ্বত মুঠ ২৭০০ গৰাকী কোটিপতি ব্যক্তি আছে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post