সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তানত নাৰীৰ আৰ্তনাদৰ অন্ত কেতিয়া ? নীৰৱ কিয় ৰাষ্ট্ৰসংঘ ?

  • জুৰি বৰুৱা

“মই কেতিয়াও ভবা নাছিলো আমি আকৌ সেই বিশ বছৰ আগৰ দিনবোৰলৈ উভতি যাব লাগিব। বিগত বিশ বছৰে আমি নিজৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ বাবে কৰা যুঁজখন খন্তেকতে ধূলিসাৎ কৰি পেলালে তালিবানে। গোটেই বিশ্বৰ আগত আজি নাৰী হিচাপে আমি আফগানি সমাজৰ একেবাৰে তলৰ শ্ৰেণীৰ তেনেই দুৰ্বল প্ৰতিনিধি ।”

- Donation -

তালিবানে কাবুল অধিকাৰ কৰাৰ পাছত এগৰাকী নাৰীৰ ভাষ্য এয়া । যি দেশত প্ৰাণ খুলি হাঁহিব নোৱাৰি, মূৰ ডাঙি, চকুত চকু থৈ ক’ব নোৱাৰি কি ভাল লাগে, কি বেয়া লাগে, ল’ৰাৰ সৈতে সমানে বহিব নোৱাৰি একেই শ্ৰেণী কোঠাত,  আনকি মেলি ল’ব নোৱাৰি চকুৰ সন্মুখত কিতাপ,  ডিঙিত পিন্ধিব নোৱাৰি কোনো অলংকাৰ,  নখত লগাব নোৱাৰি নেইল পলিছ অথবা ওঁঠত লিপষ্টিক, হিন্দু কুশ পৰ্বতমালাৰ গাত ঠেকা খোৱাকৈ গাব নোৱাৰি “Da Zamong Zeba Watan” (এয়া আমাৰ ধুনীয়া জন্মভূমি), সেই দেশৰ মাটিত কাহানিবাই পুতি পেলোৱা হৈছে এটা শব্দ- যাৰ নাম ‘গণতন্ত্ৰ।’ যি দেশত নাৰীৰ প্ৰতি নাই কোনো সন্মান, সেই দেশ বিশ্ব ইতিহাসত সদায়ে স্খলিত।  যি দেশৰ  শাসন সদায়ে ধনীক শ্ৰেণীৰ পক্ষত, তেনে দেশত শুনা নাযায় নিৰ্ভৰশীলতাৰ দোৱা, নিৰাপত্তাৰ আজান।  এই কথা আজি কাবুলৰ প্ৰতিটো গলিয়ে জানে । টিভিৰ চুইছ অন কৰা প্ৰতিজন নাগৰিকে জানে, এই দেশ আৰু স্বদেশ হৈ থকা নাই।  নিউজ ৰুমত আজি আৰু সেউজীয়া চকুৰ আফগানি মহিলাই বাতৰি পঢ়া নাই। কাবুল ৰেডিঅ’ ষ্টেচনৰ পৰা পাৰ্চী অথবা পাষ্টো ভাষাত ভাঁহি অহা নাই কোনো মায়াবী নাৰী কণ্ঠ। কাবুল বিমান বন্দৰেই সকলোৰে একমাত্ৰ ভৰষা । কাৰণ আফগানিস্তানৰ চাৰিসীমাত নাই কোনো সাগৰ,  মহাসাগৰ। আফগানিস্তান এখন landlocked অৰ্থাৎ চাৰিওফালৰ পৰা কেৱল মাটিৰে আগুৰা দেশ।  ইয়াৰ পৰা পলাবলৈ এটাই বাট, সেয়া কেৱল আকাশ মাৰ্গ।  আফগানিস্তানৰ পূব আৰু দক্ষিণ পূবত আছে পাকিস্তান। পশ্চিমত ইৰাণ।  উত্তৰত তাজাকিস্তান আৰু উত্তৰ পূবত চীন দেশ । ডুৰান্ড লাইনে  আফগানিস্তানক পাকিস্তানৰ পৰা পৃথক কৰিছে। উল্লেখযোগ্য যে আফগানিস্তানৰ আটাইতকৈ দীঘল চাৰিসীমা পাকিস্তানৰ সৈতে। দুয়োখন দেশক সংযোগ কৰিছে বিখ্যাত খয়বৰ পাছে।

জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু NATO (North Atlantic Treaty Organization) বাহিনীয়ে আফগানিস্তানৰ পৰা নিজৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ কাম আৰম্ভ কৰে । তাৰ পাছৰ পৰাই দেশখনত তালিবান বাহিনীৰ আগ্ৰাসন আকৌ আৰম্ভ হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত মত পোষণ কৰে যে তেওঁ আৰু অধিক কাল নিজৰ সেনাবাহিনী বিদেশী ৰাষ্ট্ৰ এখনত থকাৰ পক্ষে নাই।  আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি ইতিমধ্যেই নিজৰ দেশ এৰি ৰাছিয়াৰ ওচৰত শৰণাপন্ন হৈছে । আফগানিস্তানে আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ জনতাৰ দাবী প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত বিফল হোৱাৰ বাবেই দেশখনত তালিবানৰ আধিপত্য আকৌ এবাৰ মূৰ ডাঙি উঠে বুলি বহুতো সংস্থাই মত পোষণ কৰিছে । ইয়াৰ ফলত আটাইতকৈ বেছি অনিশ্চিত হৈ পৰিছে দেশখনৰ নাৰী আৰু ছোৱালীৰ ভৱিষ্যত।  উল্লেখযোগ্য যে আফগানিস্তান বিশ্বৰ ভিতৰতে পুৰুষৰ জন্ম হাৰৰ দিশত আটাইতকৈ শীৰ্ষৰ দেশ, য’ত ছোৱালীৰ ওপৰত বলপূৰ্বক নিৰ্যাতনৰ আশংকা তালিবান আগ্ৰাসনৰ লগে লগে আকৌ এবাৰ বৃদ্ধি পাইছে ৷

আকৌ তালিবান

জুলাই মাহৰ প্ৰথম সপ্তাহতে তালিবানে বলপূৰ্বক ভাৱে অধিকাৰ কৰে বাদখশ্বান আৰু তাখৰ । স্থানীয় ধৰ্মীয় গুৰুসকললৈ তালিবানে জাৰী কৰে পৰৱানা । য’ত আদেশ দিয়া হয়, ১৫ বছৰ বয়সৰ তলৰ ছোৱালী আৰু ৪৫ বছৰ বয়সৰ তলৰ বিধৱা মহিলাৰ তালিকা প্ৰস্তুত কৰিবলৈ । এই তালিকাত নাম অন্তৰ্ভুক্ত হোৱাসকলক তালিবান সেনাই বিয়া কৰাব।  নিকাহ সম্পন্ন হোৱাৰ পাছত এইসকল মহিলাক নিয়া হ’ব পাকিস্তানৰ ৱাজিৰিস্থানলৈ । য’ত তেওঁলোকক ‘প্ৰকৃত ইছলাম’লৈ পৰিৱৰ্তন কৰা হ’ব বুলি তালিবানে প্ৰকাশ কৰে।

এই পৰৱানাই অঞ্চলটোৰ বেছিভাগ পৰিয়াললৈ কঢ়িয়াই আনে ভয় আৰু অনিশ্চয়তা।

উল্লেখযোগ্য যে , ১৯৯৬ ৰ পৰা ২০০১ চনলৈকে চলা তালিবানৰ অত্যাচাৰক এতিয়াও পাহৰা নাই আফগানি সাধাৰণ জনতাই।  এই সময়ছোৱাত দেশখনত আটাইতকৈ বেছি মানৱ অধিকাৰ উলংঘন হৈছে। আন্তঃৰ্জাতিক স্তৰত আফগানিস্তান চৰকাৰে নিজৰ জনগণক ন্যায় দিব নোৱাৰাৰ বাবে বাৰে সমালোচনাৰ সন্মুখীন হৈছে । জোৰ জবৰদস্তি ছোৱালীক বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে । শিক্ষা আৰু সংস্থাপন উভয় দিশতে নাৰীৰ কোনো মাত মতাৰ অধিকাৰ নাই।  অধিকাৰ নাই পুৰুষৰ উপস্থিতি অবিহনে ঘৰৰ বাহিৰত চলাচল কৰাৰ । এনেদৰে বোৰ্খা আৰু অন্ধকাৰৰ মাজত আফগান নাৰী হৈ পৰিছে কেৱল তালিবানৰ ভোগৰ সামগ্ৰী। তাৰ বাহিৰে নাৰীৰ ভৱিষ্যত শূণ্য।  এনেদৰে বিগত বিশ বছৰে আফগান মহিলাই শিক্ষা, নিয়োগ আৰু ৰাজনৈতিক অংশগ্ৰহণৰ ক্ষেত্ৰত লাভ কৰা ইতিহাস ৰাতিটোৰ ভিতৰতে তালিবানৰ বন্দুকৰ নলীৰ আগত ধূলিসাৎ হৈ পৰিছে ।

তাৎপৰ্যপূৰ্ণ ভাৱে তালিবানে নিজৰ সদস্য সংখ্যা বঢ়াবলৈ নিকাহ সম্পন্ন কৰাৰ প্ৰলোভন দিয়ে। ইয়াৰ ফলতে কম বয়সীয়া কিশোৰী তথা যুৱতী যৌন দাসত্বৰ বলি হয়। এই ক্ষেত্ৰত জেনেভা কনভেনচনৰ ২৭ নং অনুচ্ছেদ অনুসৰি “নাৰীৰ সন্মান তথা সুৰক্ষাৰ বাবে প্ৰতিখন দেশে ধৰ্ষণ, বলপূৰ্বক বেশ্যাবৃত্তি আৰু যিকোনো ধৰণৰ শাৰীৰিক নিৰ্যাতনৰ পৰা নাৰীক দূৰৈত ৰখাৰ পোষকতা কৰে।” তৰোপৰি ২০০৮ চনত ৰাষ্ট্ৰসংঘৰ Resolution 1820 ৰ অধীনত এই কথা আকৌ এবাৰ ৰাজহুৱা কৰা হয় যে “ধৰ্ষণ আৰু নাৰীৰ ওপৰত চলোৱা আন যিকোনো ধৰণৰ যৌন নিৰ্যাতনক যুদ্ধৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো এক গুৰুতৰ অপৰাধ।” যিকোনো এটা সম্প্ৰদায়ৰ নাগৰিকৰ মনত ভয় আৰু নিৰাপত্তাহীনতা বিয়পোৱাৰ এক ডাঙৰ অস্ত্ৰ হৈছে নাৰীৰ ওপৰত চলোৱা অত্যাচাৰ আৰু অসন্মান।  যাৰ পৰা শক্তিশালী পক্ষই যুদ্ধ একোখনৰ প্ৰাৰম্ভিক দৃশ্যপট আৰম্ভ কৰে ।

তালিবান  আৰু আফগান সংবিধান

২০০১ চনৰ পৰা তালিবানৰ শাসন দুৰ্বল হোৱাৰ পাছত দেশখনত নাৰীৰ সামাজিক জীৱনত কিছু পৰিবৰ্তন পৰিলক্ষিত হৈছিল। যদিও বিশ্বৰ আন দেশবোৰৰ তুলনাত ইয়াৰ পৰিমাণ আছিল তেনেই কম,  কিন্তু এই উত্তৰণলৈ বিশ্ববাসীয়ে আশাৰে চাইছিল।  ২০০৩ চনত আফগানিস্তানত মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ দমন বন্ধ কৰাৰ দাবীত আইন প্ৰণয়ন কৰা হয়। “আফগানিস্তানৰ পুৰুষ মহিলা উভয় নাগৰিকৰে আইনগত ভাৱে সমান অধিকাৰ আছে”, ২০০৪ চনত আফগান সংবিধানত এই কথা লিপিবদ্ধ কৰা হয়। নিকাহৰ উপযুক্ত বয়স নোহোৱাকৈ বলপূৰ্বক বিবাহৰ অত্যাচাৰৰ পৰা সুৰক্ষা দিয়াৰ আইন বলৱৎ কৰা হয় ২০০৯ চনত। তাৰপাছতো দেশখনৰ ভাৰসাম্যহীন আভ্যন্তৰীণ পৰিস্থিতি, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আফগানিস্তানৰ দুৰ্বল অগ্ৰগতি, তথা ৰাষ্ট্ৰসংঘৰ কম গুৰুত্বৰ বাবে দেশখন শিক্ষাৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাছিল।  UNICEF ৰ তথ্য অনুসৰি ৩.৭ মিলিয়ন আফগান শিশু এতিয়াও বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত।  ইয়াৰ ভিতৰত ৬০ শতাংশই ছোৱালী।

ৰাষ্ট্ৰসংঘৰ ভূমিকা

আজিৰ তাৰিখত আফগানিস্তানত নাৰীৰ ওপৰত চলা অত্যাচাৰ দমনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব পাৰে ৰাষ্ট্ৰসংঘই।  এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি মানৱ অধিকাৰৰ ওপৰত মাত মাতি অহা ব্ৰিন্দা নৰেইনে কেইবাটাও প্ৰস্তাৱ দাঙি ধৰিছে। ইয়াৰ বাবে আন্তঃৰ্জাতিক স্তৰত আফগানিস্তানৰ ভিতৰত যুদ্ধ বিৰতিৰ পক্ষে বিশ্বৰ নাগৰিক সমাজ একত্ৰিত হোৱাটো খুবেই জৰুৰী। কাৰণ তালিবানৰ পুনৰুত্থান কেৱল আফগান চাৰিসীমাতে সীমাৱদ্ধ হৈ নাথাকে। দ্বিতীয়তে, এখন শক্তিশালী আফগান সংবিধানে দেশখনৰ জনতাক ন্যায় প্ৰদান কৰাত ল’ব পাৰে শক্তিশালী ভূমিকা। যাতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু  ৰাছিয়াৰ মাজত আফগানিস্তান কেৱল শক্তি প্ৰদৰ্শনৰ মাধ্যম হৈ নাথাকে। তৃতীয়তে, শান্তি প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণত আফগান মহিলাৰ সক্ৰিয় আৰু সবল অংশগ্ৰহণ। শেষত,  ইউৰোপীয়ান ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আজিৰ তাৰিখতো আফগানিস্তানৰ আটাইতকৈ ডাঙৰ ড’নাৰ । এই দেশসমূহে আফগানিস্তানৰ শিক্ষা আৰু নাৰীৰ সামাজিক জীৱন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সৈতে একেখন মঞ্চত কাম কৰাটো অতি গুৰুত্বপূৰ্ণ।

দক্ষিণ এছিয়াৰ ৰাজনীতিত আফগানিস্তানৰ অৱস্থান অত্যন্ত গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ঐতিহাসিক ভাৱেও আফগানিস্তানৰ বিশ্বাসযোগ্য সম্পৰ্ক নাই।  তাৰ পৰিৱৰ্তে বিপদৰ সময়ত আফগানিস্তানৰ ৰাজনৈতিক মহল ওচৰ চাপে ৰাছিয়াৰ। ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ শীতল যুদ্ধত আফগানিস্তান হৈ পৰে এক অমীমাংসিত অস্তিত্ব।  দেশখনৰ পূবত অৱস্থিত পাকিস্তান আৰু উত্তৰ পূবত অৱস্থিত চীন দুয়োখন দেশৰ সৈতেই ভাৰতৰ শেহতীয়া সম্পৰ্ক ঠিক নহয়। এই ক্ষেত্ৰত  আফগানিস্তানৰ শান্তি, ন্যায় আৰু ৰাষ্ট্ৰীয় পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগন্তুক দিনত কি ভূমিকা ল’ব সেয়াও মনকৰিবলগীয়া।

(লেখিকা যোৰহাটৰ ডি চি বি কলেজৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা)

Leave A Reply

Your email address will not be published.