সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ ৰঙাচকুৰ সন্মুখেৰে  কেনেকৈ দেশলৈ  উভতিল ১৩০ ভাৰতীয় ?

কাবুলৰ দূতাবাসৰ পৰা ১৩০ জন ভাৰতীয়ক উদ্ধাৰ কৰি অনা বায়ুসেনাৰ এখন বিমান ভাৰতত আহি উপস্থিত হৈছে ৷মঙলবাৰে বিমানখন গুজৰাটৰ জামনগৰত  উপস্থিত হয় ৷ ১৯৯৬ ৰ পাছত ভাৰতে কাবুলৰ দূতাবাস খালী কৰিবলগীয়া হোৱা এয়া দ্বিতীয়টো ঘটনা ৷ ১৯৯৬ চনতো তালিবানে আফগানিস্তানৰ ক্ষমতা হস্তগত কৰিছিল ৷ ৰাষ্ট্ৰদূতসহ দূতাবাসৰ কৰ্মী আৰু নিৰাপত্তাৰক্ষীক উদ্ধাৰ কৰি অনা এই প্ৰক্ৰিয়াটো মুঠেও মসৃণ নাছিল ৷ কাৰ্যত : তালিবানৰ ৰঙাচকুৰ সন্মুখৰেই ভাৰতীয় বিষয়া – কৰ্মচাৰীসকলক উদ্ধাৰ কৰিবলগীয়া হয় ৷

বিদেশ মন্ত্ৰালয়ৰ সূত্ৰৰ খবৰ অনুসৰি , দেওবাৰে তালিবানে কাবুল দখলৰ পাছতে ভাৰতীয় দূতাবাসৰ দুখন বিমান কাবুললৈ প্ৰেৰণ কৰা হয় ৷ বিমান দুখনত দূতাবাসৰ কৰ্মীসকলৰ লগতে ভাৰত- তিব্বত সীমান্ত পুলিচৰ জোৱানসকলক উদ্ধাৰ কৰাৰ কথা আছিল ৷কিন্তু ইতিমধ্যে ভাৰতীয় দূতাবাসক নজৰবন্দী কৰি ৰাখিছিল তালিবানে ৷

- Donation -

এনে পৰিস্থিতিত প্ৰথমতে ৪৫ গৰাকী ভাৰতীয়ক প্ৰথমতে বিমানবন্দৰলৈ নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ পথত আকৌ তালিবানে গাড়ীৰ চলাচলত বাধা প্ৰদান কৰে ৷ কেবাজনো ভাৰতীয়ক দূতাবাসলৈ ওভতাই পঠিয়ায় দিয়ে ৷ বাকীসকল ভাৰতীয়ক বিমানবন্দৰলৈ যোৱাৰ অনুমতি দিয়া হয় ৷এনেদৰে সোমবাৰে বিমানবন্দৰৰ বিশৃংখল পৰিস্থিতিৰ মাজেৰেই প্ৰথমখন বায়ুসেনাৰ বিমান কাবুলৰ পৰা ভাৰত অভিমুখে ৰাওণা হয় ৷

তাৰ পাছতেই কাবুলৰ অসামৰিক বিমান পৰিবহন সেৱা বন্ধ কৰি দিয়া হয় ৷বিমান বন্দৰত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিত আমেৰিকান সেনাই গুলীচালনা কৰে ৷ এই ঘটনাত ৫ জন লোকৰ মৃত্যু হয় ৷ বিমানৰ চকাত ওলমি পলাবলৈ চেষ্টা কৰা আন তিনিজন লোকো মৃত্যুমুখত পৰে ৷এনে অৱস্থাত দূতাবাসত আৱদ্ধ আন ভাৰতীয়সকলক সোমবাৰে উদ্ধাৰ কৰাটো সম্ভৱ হৈ নুঠিল ৷

সোমবাৰে নিশা আমেৰিকাৰ বিদেশ সচিব এন্টনী ব্লিংকেনৰ সৈতে বাৰ্তালাপ হয় ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ৷তাৰ পাছত মঙলবাৰে পুৱাই আফগানিস্তানস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টেণ্ডনসহ দূতাবাসৰ আন কৰ্মী আৰু নিৰাপত্তাৰক্ষীক লৈ দেশলৈ দ্বিতীয়খন বিমান ওভতাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷বায়ুসেনাৰ বিমানখন গুজৰাটৰ জামনগৰত আহি উপস্থিত হৈছে ৷

 

 

Leave A Reply

Your email address will not be published.