তালিবানৰ ৰঙাচকুৰ সন্মুখেৰে  কেনেকৈ দেশলৈ  উভতিল ১৩০ ভাৰতীয় ?

Share This Article

কাবুলৰ দূতাবাসৰ পৰা ১৩০ জন ভাৰতীয়ক উদ্ধাৰ কৰি অনা বায়ুসেনাৰ এখন বিমান ভাৰতত আহি উপস্থিত হৈছে ৷মঙলবাৰে বিমানখন গুজৰাটৰ জামনগৰত  উপস্থিত হয় ৷ ১৯৯৬ ৰ পাছত ভাৰতে কাবুলৰ দূতাবাস খালী কৰিবলগীয়া হোৱা এয়া দ্বিতীয়টো ঘটনা ৷ ১৯৯৬ চনতো তালিবানে আফগানিস্তানৰ ক্ষমতা হস্তগত কৰিছিল ৷ ৰাষ্ট্ৰদূতসহ দূতাবাসৰ কৰ্মী আৰু নিৰাপত্তাৰক্ষীক উদ্ধাৰ কৰি অনা এই প্ৰক্ৰিয়াটো মুঠেও মসৃণ নাছিল ৷ কাৰ্যত : তালিবানৰ ৰঙাচকুৰ সন্মুখৰেই ভাৰতীয় বিষয়া – কৰ্মচাৰীসকলক উদ্ধাৰ কৰিবলগীয়া হয় ৷

বিদেশ মন্ত্ৰালয়ৰ সূত্ৰৰ খবৰ অনুসৰি , দেওবাৰে তালিবানে কাবুল দখলৰ পাছতে ভাৰতীয় দূতাবাসৰ দুখন বিমান কাবুললৈ প্ৰেৰণ কৰা হয় ৷ বিমান দুখনত দূতাবাসৰ কৰ্মীসকলৰ লগতে ভাৰত- তিব্বত সীমান্ত পুলিচৰ জোৱানসকলক উদ্ধাৰ কৰাৰ কথা আছিল ৷কিন্তু ইতিমধ্যে ভাৰতীয় দূতাবাসক নজৰবন্দী কৰি ৰাখিছিল তালিবানে ৷

এনে পৰিস্থিতিত প্ৰথমতে ৪৫ গৰাকী ভাৰতীয়ক প্ৰথমতে বিমানবন্দৰলৈ নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ পথত আকৌ তালিবানে গাড়ীৰ চলাচলত বাধা প্ৰদান কৰে ৷ কেবাজনো ভাৰতীয়ক দূতাবাসলৈ ওভতাই পঠিয়ায় দিয়ে ৷ বাকীসকল ভাৰতীয়ক বিমানবন্দৰলৈ যোৱাৰ অনুমতি দিয়া হয় ৷এনেদৰে সোমবাৰে বিমানবন্দৰৰ বিশৃংখল পৰিস্থিতিৰ মাজেৰেই প্ৰথমখন বায়ুসেনাৰ বিমান কাবুলৰ পৰা ভাৰত অভিমুখে ৰাওণা হয় ৷

তাৰ পাছতেই কাবুলৰ অসামৰিক বিমান পৰিবহন সেৱা বন্ধ কৰি দিয়া হয় ৷বিমান বন্দৰত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিত আমেৰিকান সেনাই গুলীচালনা কৰে ৷ এই ঘটনাত ৫ জন লোকৰ মৃত্যু হয় ৷ বিমানৰ চকাত ওলমি পলাবলৈ চেষ্টা কৰা আন তিনিজন লোকো মৃত্যুমুখত পৰে ৷এনে অৱস্থাত দূতাবাসত আৱদ্ধ আন ভাৰতীয়সকলক সোমবাৰে উদ্ধাৰ কৰাটো সম্ভৱ হৈ নুঠিল ৷

সোমবাৰে নিশা আমেৰিকাৰ বিদেশ সচিব এন্টনী ব্লিংকেনৰ সৈতে বাৰ্তালাপ হয় ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ৷তাৰ পাছত মঙলবাৰে পুৱাই আফগানিস্তানস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টেণ্ডনসহ দূতাবাসৰ আন কৰ্মী আৰু নিৰাপত্তাৰক্ষীক লৈ দেশলৈ দ্বিতীয়খন বিমান ওভতাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷বায়ুসেনাৰ বিমানখন গুজৰাটৰ জামনগৰত আহি উপস্থিত হৈছে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.