সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ শ আফগান নাগৰিকক কঢ়িওৱা বিমানখন গৈছে ক’লৈ ?

কাবুলৰ পৰা পলায়ন কৰিবলৈ বিমান বন্দৰত অগণিত মানুহে ভিৰ কৰাৰ দৃশ্যই এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ আনকি বিমানৰ চকাত ওলমি পলায়ন কৰিব বিচৰা আফগান নাগৰিক মাজ আকশৰ পৰা সৰি পৰিছে ৷ তালিবানে কাবুল দখল কৰাৰ পাছতে সৃষ্টি হৈছে এই অভাবনীয় পৰিস্থিতিৰ ৷

মঙলবাৰে চৰ্চিত হৈছে আন এখন ফটো ৷ য’ত দেখা গৈছে এখন বিমানৰ ভিতৰচ’ৰাৰ দৃশ্য ৷ বহিবলৈ কোনো আসন নাই ৷ বিমানখন ঠাহ খাই পৰিছে শ শ মানুহেৰে ৷ তেনেকৈয়ে অতি বিপজ্জনকভাৱে উৰা মাৰিছে এই বিমানখন ৷

- Donation -

যাত্ৰীৰে ঠাহ খাই থকা বিমানখন আমেৰিকাৰ ৷ চি ১৭ গ্লোবমাষ্টাৰ ৩ কাৰ্গো বিমানখনৰ আসনৰ সংখ্যা ১৩৪ ৷ কিন্তু এই বিমানখনত ৬৪০ গৰাকী আফগান নাগৰিকক কঢ়িয়াই নিয়া হৈছে ৷ ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷

বিমানৰ ভিতৰভাগৰ দৃশ্য

ফটোখনৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপণ হৈছিল যদিও পেন্টাগণৰ তৰফৰ পৰা এয়া সঁচা ঘটনা বুলি স্বীকাৰ কৰা হৈছে ৷কাবুলৰ পৰা বিমানখন কাটাৰ অভিমুখে ৰাওণা হোৱাৰ সময়ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ৷বিমানবন্দৰত মালপত্ৰ তুলি থকাৰ সময়ত ৰেম্পৰ বেছিভাগ অংশ খোলা আছিল ৷ তেনেসময়তে শ শ পুৰুষ মহিলা বিমানখনত সোমাই পৰে ৷ প্ৰথমাৱস্থাত বিমানখনৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি হৈছিল যদিও অৱশেষত সুকলমে উৰা মাৰিবলৈ সক্ষম হয় ৷

 

Leave A Reply

Your email address will not be published.