শ শ আফগান নাগৰিকক কঢ়িওৱা বিমানখন গৈছে ক’লৈ ?

Share This Article

কাবুলৰ পৰা পলায়ন কৰিবলৈ বিমান বন্দৰত অগণিত মানুহে ভিৰ কৰাৰ দৃশ্যই এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ আনকি বিমানৰ চকাত ওলমি পলায়ন কৰিব বিচৰা আফগান নাগৰিক মাজ আকশৰ পৰা সৰি পৰিছে ৷ তালিবানে কাবুল দখল কৰাৰ পাছতে সৃষ্টি হৈছে এই অভাবনীয় পৰিস্থিতিৰ ৷

মঙলবাৰে চৰ্চিত হৈছে আন এখন ফটো ৷ য’ত দেখা গৈছে এখন বিমানৰ ভিতৰচ’ৰাৰ দৃশ্য ৷ বহিবলৈ কোনো আসন নাই ৷ বিমানখন ঠাহ খাই পৰিছে শ শ মানুহেৰে ৷ তেনেকৈয়ে অতি বিপজ্জনকভাৱে উৰা মাৰিছে এই বিমানখন ৷

যাত্ৰীৰে ঠাহ খাই থকা বিমানখন আমেৰিকাৰ ৷ চি ১৭ গ্লোবমাষ্টাৰ ৩ কাৰ্গো বিমানখনৰ আসনৰ সংখ্যা ১৩৪ ৷ কিন্তু এই বিমানখনত ৬৪০ গৰাকী আফগান নাগৰিকক কঢ়িয়াই নিয়া হৈছে ৷ ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷

বিমানৰ ভিতৰভাগৰ দৃশ্য

ফটোখনৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপণ হৈছিল যদিও পেন্টাগণৰ তৰফৰ পৰা এয়া সঁচা ঘটনা বুলি স্বীকাৰ কৰা হৈছে ৷কাবুলৰ পৰা বিমানখন কাটাৰ অভিমুখে ৰাওণা হোৱাৰ সময়ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ৷বিমানবন্দৰত মালপত্ৰ তুলি থকাৰ সময়ত ৰেম্পৰ বেছিভাগ অংশ খোলা আছিল ৷ তেনেসময়তে শ শ পুৰুষ মহিলা বিমানখনত সোমাই পৰে ৷ প্ৰথমাৱস্থাত বিমানখনৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি হৈছিল যদিও অৱশেষত সুকলমে উৰা মাৰিবলৈ সক্ষম হয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.