তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷ তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ চহৰ হেৰত আৰু কান্দাহাৰতো আধিপত্য বিস্তাৰ কৰিছে ৷ আমেৰিকান চোৰাংছোৱা সংস্থাই সদৰী কৰা তথ্য অনুসৰি তালিবানী বিদ্ৰোহী একেই গতিত অগ্ৰসৰ হ’লে ৯০ দিনত ভিতৰত কাবুল অধিগ্ৰহণ কৰিব ৷উল্লেখ্য যে আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে তালিবানে পুণৰ মূৰ দাঙি উঠিছে আৰু দেশখনৰ সেনাবাহিনীৰ লগত মুকলি সংঘৰ্ষত লিপ্ত হৈছে ৷সেনাবাহিনীক পৰাজিত কৰি ইখনৰ পাছত সিখন চহৰত আধিপত্য স্থাপন কৰি গৈছে ৷ এনে পৰিস্থিতিত আফগানিস্থানস্থিত আমেৰিকান এম্বেছীত কৰ্মৰত নিজ দেশৰ নাগৰিকসকলক সুকলমে ওভতাই নিবলৈ আমেৰিকাই সেনাৰ ৩০০০ ট্ৰুপ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে ৷ ব্ৰিটেইনেও নিজ দেশৰ নাগৰিকক ওভতাই নিবলৈ আফগানিস্তানলৈ প্ৰেৰণ কৰিব ৬০০ ট্ৰুপ ৷
ভাৰত আৰু তালিবানৰ মাজৰ সম্পৰ্ক কেনেকুৱা ?
১৯৯৯ চনত ভাৰতৰ পৰা অপহৰণ কৰা হৈছিল এখন যাত্ৰীবাহী বিমান ৷ এই বিমানখন অপহৰণৰ পাছত লৈ যোৱা হৈছিল কান্দাহাৰ বিমান বন্দৰলৈ ৷ কান্দাহাৰ সেই সময়ত তালিবানৰ দখলত আছিল ৷ অপহৃত যাত্ৰীসকলৰ মুক্তিৰ বিষয়টোত মধ্যস্থতাও কৰিছিল তালিবানেই ৷ যাত্ৰীসকলৰ মুক্তিৰ বিনিময়ত সেই সময়ত ভাৰতে মুকলি কৰি দিবলগীয়া হৈছিল তিনিজনকৈ সন্ত্ৰাসবাদীক ৷ইয়াৰ পূৰ্বে ১৯৯৬ চনত তালিবানে দেশখনৰ ক্ষমতা দখল কৰাৰ পাছত ভাৰতীয় কূটনীতিকসকলে দেশ এৰি আহিবলগীয়া হৈছিল ৷ সেয়ে ভাৰত আৰু তালিবানৰ মাজৰ সম্পৰ্ক সদায় তিক্ততাপূৰ্ণ ৷২০০১ চনত পুণৰ ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক যেতিয়া আৰম্ভ হ’ল , তেতিয়া আমেৰিকাৰ সেনাই তালিবানৰ ঘাটিত আক্ৰমণ আৰম্ভ কৰিলে ৷ সেই সময়ত তালিবানে পিছ হুহুকিবলৈ বাধ্য হয় ৷ তেতিয়াৰে পৰা ভাৰতে আফগানিস্তান চৰকাৰৰ লগত সহযোগিতাৰে কাম কৰি আহিছে ৷ কেৱল ২০২০ চনতে ভাৰতে আফগানিস্তানত ১৫০ টা নতুন প্ৰকল্প ৰূপায়নৰ কথা ঘোষণা কৰিছিল ৷ইয়াৰ পূৰ্বে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানৰ নতুন সংসদ ভবনো উদ্বোধন কৰিছিল ৷ অৰ্থাৎ ভাৰত আৰু আফগানিস্তান চৰকাৰৰ মাজত দীৰ্ঘদিন ধৰি ভাল সম্পৰ্কই চলি আহিছিল ৷ কিন্তু পুণৰ তালিবান শক্তিশালী হৈ উঠাত ভাৰত আকৌ এক নতুন সংকটৰ সন্মুখীন হৈছে ৷
নতুন পৰিস্থিতিত ভাৰতৰ ভূমিকা কি হ’ব ?
বিগত ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু তালিবানৰ মাজত বুজাবুজি হোৱাৰ পাছতে আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰে ৷ ইয়াৰ পাছতে তালিবানী বিদ্ৰোহীয়ে পুণৰ মূৰ দাঙি উঠে ৷ কিন্তু ভাৰত তালিবানৰ লগত বুজাবুজি কৰিবলৈ মুঠেও ইচ্ছুক নহয় ৷যোৱা মাহত ইউৰোপীয় সংঘৰ উপাধ্যক্ষ বোৰবেলৰ সৈতে এক যুটীয়া বিবৃতি জাৰি কৰি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট কৰি দিছিল যে ভাৰতে কোনো কাৰণতে “ইছলামিক অমিৰত “ ৰ সমৰ্থন নকৰে ৷নিজকে ‘ইছলামিক অমিৰত অৱ আফগানিস্তান ‘ বুলি পৰিচয় দিয়া তালিবানৰ সমৰ্থনত ভাৰত নাই ৷কিন্তু শেহতীয়া পৰিস্থিতিত ভাৰতে বিষয়টো নতুনকৈ বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে ৷ ভাৰতে হয়তো তালিবানৰ লগত আফগান চৰকাৰৰ বুজাবুজি হোৱাটো বিচাৰিব কিন্তু তালিবানে চৰকাৰ দখল কৰা বিষয়ত সমৰ্থন নিদিব ৷
পাকিস্তানৰ স্থিতি কি ?
যেতিয়ালৈকে আফগানিস্তানত তালিবান প্ৰভাৱশালী আছিল , তেতিয়ালৈকে দেশখনত পাকিস্তানৰ প্ৰভাৱো যথেষ্ট আছিল ৷ কিন্তু ৯/১১ ৰ আক্ৰমণৰ পাছৰে পৰা পৰিস্থিতি সলনি হ’বলৈ ধৰে ৷ আফগানিস্তানত গঠন হয় নিৰ্বাচিত চৰকাৰ ৷নতুন চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা পাকিস্তানৰ প্ৰভাৱ সীমিত হৈ পৰে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ‘দ্য ৱাছিংটন পোষ্ট’ত লিখা এটা প্ৰবন্ধত উল্লেখ কৰিছে যে পাকিস্তানে আফগানিস্তানত গৃহযুদ্ধ বিচৰা নাই ৷ আলোচনাৰ জড়িয়তে শান্তি বিচাৰিছে ৷ পাকিস্তানে আফগানিস্তানত এনে এখন চুক্তি বিচাৰিছে যাতে দেশখনত দুটা দশকলৈ শান্তি স্থায়ী হয় ৷ মধ্য এছিয়াৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নত হোৱাটো বিচাৰিছে , যাতে ব্যৱসায় – বাণিজ্যৰ পৰিসৰ বৃদ্ধি হয় ৷ কিন্তু আফগানিস্তানত গৃহযুদ্ধৰ সূচনা হ’লে সকলো লোকচানৰ সন্মুখীন হ’ব ৷