স্বাধীনতা দিৱসৰ পূৰ্বে খালিস্তানৰ প্ৰসংগ কিয় ?

Share This Article

স্বাধীনতা দিৱস সমাগত ৷ সমস্যাজৰ্জৰ হ’লেও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এই দিনটোৰ সুকীয়া উপলব্ধি আছে ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতো দিল্লী সীমান্তত অন্দোলনৰত কৃষক ৷ তিনিখন ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পাছত মাহ ধৰি কৃষক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি গৈছে ৷ কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজধানী দিল্লীত স্বাধীনতা দিৱসৰ পূৰ্বে জাৰি কৰা হৈছে বিশেষ সতৰ্কতা ৷ শুকুৰবাৰে লালকিলাত সুৰক্ষা সম্পৰ্কীয় এখন বৈঠকত মিলিত হয় দিল্লী আৰক্ষী ৷ নিৰাপত্তা সংস্থাসমূহৰ খবৰৰ ওপৰত ভিত্তি কৰি দিল্লী আৰক্ষীয়ে বৈঠকত জাৰি কৰিছে এক বিশেষ সতৰ্কতা ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি , অসমাজিক সন্দেহজনক লোক আৰু খালিস্তানী আন্দোলনৰ লগত জড়িত লোক আৰক্ষীৰ পোছাকত ১৫ আগষ্টত দিল্লীত প্ৰৱেশ কৰিব পাৰে ৷সেয়ে আৰক্ষীক অধিক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে ৷ কিন্তু মূল কথাটো হ’ল কৃষক বিদ্ৰোহৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত এইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ কৃষক বিদ্ৰোহক বহুসময়ত শাসকীয় দলৰ নেতাসকলে খালিস্তানী বিদ্ৰোহৰ লগত জড়িত বুলি প্ৰচাৰ কৰি আহিছে ৷ এইবাৰ দিল্লী আৰক্ষীৰ সূত্ৰ পৰাই স্বাধীনতা দিৱসত খালিস্তানী আন্দোলনৰ লগত জড়িত লোকে কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱণাৰ কথা ব্যক্ত কৰা হৈছে ৷ নক’লেও হ’ব যে কৃষক আন্দোলনকাৰীক উদ্দেশ্য কৰিয়েই এনে বাতৰি বিয়পাই দিয়া হৈছে ৷ স্বাধীনতা  দিৱস উদযাপন কৰিবলৈ লোৱা সময়ত অন্নদাতা কৃষকসকলৰ আন্দোলনক কৰা আওকাণ আৰু তেওলোকক নিৰাপত্তাৰ প্ৰতি ভাবুকি সজোৱা বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.