সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

স্বাধীনতা দিৱসৰ পূৰ্বে খালিস্তানৰ প্ৰসংগ কিয় ?

স্বাধীনতা দিৱস সমাগত ৷ সমস্যাজৰ্জৰ হ’লেও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এই দিনটোৰ সুকীয়া উপলব্ধি আছে ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতো দিল্লী সীমান্তত অন্দোলনৰত কৃষক ৷ তিনিখন ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পাছত মাহ ধৰি কৃষক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি গৈছে ৷ কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজধানী দিল্লীত স্বাধীনতা দিৱসৰ পূৰ্বে জাৰি কৰা হৈছে বিশেষ সতৰ্কতা ৷ শুকুৰবাৰে লালকিলাত সুৰক্ষা সম্পৰ্কীয় এখন বৈঠকত মিলিত হয় দিল্লী আৰক্ষী ৷ নিৰাপত্তা সংস্থাসমূহৰ খবৰৰ ওপৰত ভিত্তি কৰি দিল্লী আৰক্ষীয়ে বৈঠকত জাৰি কৰিছে এক বিশেষ সতৰ্কতা ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি , অসমাজিক সন্দেহজনক লোক আৰু খালিস্তানী আন্দোলনৰ লগত জড়িত লোক আৰক্ষীৰ পোছাকত ১৫ আগষ্টত দিল্লীত প্ৰৱেশ কৰিব পাৰে ৷সেয়ে আৰক্ষীক অধিক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে ৷ কিন্তু মূল কথাটো হ’ল কৃষক বিদ্ৰোহৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত এইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ কৃষক বিদ্ৰোহক বহুসময়ত শাসকীয় দলৰ নেতাসকলে খালিস্তানী বিদ্ৰোহৰ লগত জড়িত বুলি প্ৰচাৰ কৰি আহিছে ৷ এইবাৰ দিল্লী আৰক্ষীৰ সূত্ৰ পৰাই স্বাধীনতা দিৱসত খালিস্তানী আন্দোলনৰ লগত জড়িত লোকে কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱণাৰ কথা ব্যক্ত কৰা হৈছে ৷ নক’লেও হ’ব যে কৃষক আন্দোলনকাৰীক উদ্দেশ্য কৰিয়েই এনে বাতৰি বিয়পাই দিয়া হৈছে ৷ স্বাধীনতা  দিৱস উদযাপন কৰিবলৈ লোৱা সময়ত অন্নদাতা কৃষকসকলৰ আন্দোলনক কৰা আওকাণ আৰু তেওলোকক নিৰাপত্তাৰ প্ৰতি ভাবুকি সজোৱা বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

 

Leave A Reply

Your email address will not be published.