পুৰণি গাড়ী স্ক্ৰেপ কৰিলে দিব নালাগে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰিছে ৰাষ্ট্ৰীয় অটোমোবাইল স্ক্ৰেপিঙ নীতি ৷গুজৰাটত আয়োজিত বিনিয়োগ সন্মিলনত  ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে তেও এই নীতি মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ” ব্যৱহাৰ অনুপযোগী বাহনসমূহ বৈজ্ঞানিক পদ্ধতিৰে আঁতৰোৱাৰ ক্ষেত্ৰত এই নীতিয়ে যথেষ্ট গুৰুত্বপূৰণ ভূমিকা গ্ৰহণ কৰিব ।“ এই নীতিৰ লাভালাভ সম্পৰ্কে তেও লগতে কয় ,”সবাতোকৈ প্ৰথম লাভালাভ যে পুৰণি গাড়ী স্ক্ৰেপ কৰাৰ পাছত এখন চাৰ্টিফিকেট লাভ কৰিব গাড়ীৰ গৰাকীয়ে । এই চাৰ্টিফিকেট থকা ব্যক্তিসকলে নতুন গাড়ী ক্ৰয় কৰাৰ সময়ত  গাড়ীৰ পঞ্জীয়নৰ বাবে কোনো ধৰণৰ খৰচ কৰিব নলাগে আৰু ৰোড টেক্সো ৰেহাই পাব । দ্বিতীয়তে  পুৰণি গাড়ীৰ বিভিন্ন খৰচ, ৰিপিয়াৰিঙৰ খৰচৰ ক্ষেত্ৰতো  বিশেষ ৰেহাইৰ  ব্যৱস্থা থাকিব । তৃতীয়তো  লাভ  সমগ্ৰ জীৱনৰ বাবে লাভ  কৰিব । পুৰণি গাড়ীৰ পুৰণি টেকন’লজিৰ বাবে দূৰ্ঘটনাৰ ভয়াবহতা বহু পৰিমানে  বৃদ্ধি হৈছে, যাৰ পৰা মুক্ত হোৱাটো সম্ভৱ হ’ব । চতুৰ্থতে  প্ৰদূষণ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাব  ৷”সন্মিলনখনত কেন্দ্ৰীয় ঘাইপথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীও উপস্থিত থাকে ।

 

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296