সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ড০ হিমন্ত বিশ্ব শৰ্মা যদি চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হ’লহেঁতেন!

১ নৱেম্বৰ, ২০২৪ ৰ ঘটনা৷ চাৰ্বিয়া নামৰ দেশখনৰ নৱী চহৰৰ এটা ৰে’লৱে’ ষ্টেচনৰ ছাদ ভাঙি পৰে৷ এই দুৰ্ঘটনাত নিহত হয় ১৫ জন লোক৷ ভাৰতত হোৱা হ’লে এই ঘটনাক লৈ চাৰিদিন লাইভ সম্প্ৰচাৰ হ’লহেঁতেন, বিৰোধীয়ে বিভাগীয় মন্ত্ৰীৰ পদত্যাগ দাবী কৰিলেহেঁতেন, চৰকাৰে নিজৰ গাফিলতি অস্বীকাৰ কৰি মৃতকক সাহায্য প্ৰদান কৰিলেহেঁতেন আৰু ইয়াৰ লগে লগে সমগ্ৰ ঘটনাৰ যৱনিকা পৰিলহেঁতেন৷ কিন্তু মাত্ৰ ৬৬ লাখ জনসংখ্যাৰ দেশ চাৰ্বিয়াত তেনে নহ’ল৷
কিয় আৰু কেনেকৈ এটা ৰেলৱে ষ্টেচনৰ ছাদ ভাঙি পৰিল? দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাজপথলৈ ওলাল ছাত্ৰ সমাজ৷ শ্ৰেণী বৰ্জন কৰি শিক্ষক সমাজেও এই প্ৰতিবাদলৈ সমৰ্থন দিলে৷ এই প্ৰতিবাদৰ এটাই দাবী–ৰে’লৱে ‘ ষ্টেচনৰ ছাদ ভাঙি পৰা ঘটনাৰ স্বচ্ছ তদন্ত লাগিব৷ যিয়েই দোষী নহওক কাঠগড়ালৈ আহিবই লাগিব৷
ছাত্ৰ সমাজৰ সৰু সৰু প্ৰতিবাদবোৰ ডাঙৰ হৈ গৈ থাকিল৷ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত দেশখনৰ জনতা মুখৰ হৈ পৰিল৷ সৰ্বস্তৰৰ জনতা প্ৰতিবাদত চামিল হ’ল৷ জনতাৰ হাতত বেনাৰ–এই দুৰ্ঘটনাৰ বাবে চৰকাৰেই জগৰীয়া৷ ষ্টেচন নিৰ্মাণত দুৰ্নীতি সংঘটিত নহ’লে এনে ঘটনা সংঘটিত হ’ব নোৱাৰে৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ মানুহক ষ্টেচন নিৰ্মাণৰ ঠিকা দি দুৰ্নীতিক প্ৰশ্ৰয় দিছে৷
বিগত ২০২৪ চনৰ ২২ ডিচেম্বৰৰ দিনা প্ৰায় ১ লাখ লোক প্ৰতিবাদত চামিল হ’ল৷ চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী মিলোছ বুচেভিকে সকীয়াই দিলে–চাৰ্বিয়াৰ স্পেচিয়েল চিকিউৰিটী ফ’ৰ্চে ৬-৭ ছেকেণ্ডত প্ৰতিবাদকাৰীৰ দলিয়াই দিব পাৰিব৷ যদিও সশস্ত্ৰ বাহিনী প্ৰতিবাদ দমনত নানামিল, প্ৰতিবাদকাৰী কিন্তু নিজৰ দাবীত অলৰ অচৰ হৈ ৰৈ গ’ল৷ চৰকাৰে ষ্টেচন নিৰ্মাণৰ লগত জড়িত কিছু নথি পত্ৰ ৰাজহুৱা কৰি জনতাক আশ্বস্ত কৰিব বিচাৰিলে৷ ১৩ গৰাকী লোকক এই ঘটনাৰ বাবে অভিযুক্ত কৰা হ’ল৷ কিন্তু প্ৰতিবাদকাৰী ৰাজপথৰ পৰা আঁতৰি নগ’ল৷
সোমবাৰে চাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত প্ৰায় ১০ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ দিনজোৰা প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধানমন্ত্ৰী মিলোছ বুচেভিকে প্ৰতিবাদকাৰীৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিয়ে৷ কিন্তু সেই সময়তে ঘটনাই অন্য ৰূপ লয়৷ প্ৰতিবাদৰ সময়ত এগৰাকী কলেজীয়া ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়৷ অভিযোগ উঠিল শাসনাধিষ্ঠিত চাৰ্বিয়ান প্ৰগ্ৰেছিভ পাৰ্টীৰ সমৰ্থকৰ আক্ৰমণত ছাত্ৰীগৰাকী আহত হৈছে৷ এই ঘটনাৰ পাছতেই অৰু বহু অভিযোগ প্ৰধানমন্ত্ৰী মিলোছ বুচেভিকৰ বিৰুদ্ধে উত্থাপন হ’বলৈ ধৰে৷ অভিযোগ উঠিল–২০১১-১২ চনত যেতিয়া এই নৱী ৰে’লৱে’ ষ্টেচনৰ নিৰ্মাণ আৰম্ভ হৈছিল, তেতিয়া নৱীৰ মেয়ৰ আছিল মিলোছি৷ অভিযোগ আৰু প্ৰতিবাদে গুৰুতৰ ৰূপ লোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী মিলোছ বুচেভিকে মঙলবাৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে৷
সেয়া আছিল চাৰ্বিয়াৰ কাহিনী৷ য’ত এটা ৰে’লৱে’ ষ্টেচনৰ দুৰ্ঘটনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হ’ল৷
ডিমাহাচাওৰ উমৰাংছুত বিগত ৬ জানুৱাৰীত সমাধিস্থ হ’ল ৯ জনকৈ শ্ৰমিক৷ সম্পূৰ্ণ অবৈধ আৰু নিষিদ্ধ ৰেট হোল মাইনিং কৰিবলৈ গৈ গাতত আৱদ্ধ হৈ পৰা শ্ৰমিক কেইজনৰ মাত্ৰ ৪ জনৰ মৃতদেহহে উদ্ধাৰ হৈছে৷ আন ৫ জনৰ শৱদেহ এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই৷ ঘটনাস্থলীলৈ এবাৰো যোৱা নাই ডিমাহাচাওৰ চি ই এম অথবা অসমৰ চি এম৷ তথ্যসহ অভিযোগ উঠিল–দেবোলাল গাৰ্লোচাৰ ছত্ৰছায়াতেই এই খনন চলি আছিল৷ অবৈধ কয়লা খনিৰ আচল গৰাকী আছিল দেবোলাল গাৰ্লোচাৰ পত্নী কনিকা হোজাই৷ কিন্তু তদন্ত নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে এই অভিযোগ অস্বীকাৰ কৰি দিলে৷ ৯ জনকৈ শ্ৰমিকৰ অকাল মৃত্যুৰ বাবে কোনো জবাবদিহি নহ’ল৷ ডিমাহাচওৰ ডি চি, এছ পি সুকলমে নিজৰ চকীত বাহাল থাকিল৷ যেন কোনেও একো জনাই নাছিল৷ যেন নিৰ্বোধ শ্ৰমিক কেইজনে নিশাৰ আন্ধাৰত গোপনে নিজে নিজে কয়লাৰ গাতত সোমাইছিল৷ নিহত শ্ৰমিকক দহ লাখ টকাৰ সাহায্য দি মুখ্যমন্ত্ৰীয়ে সকলো অভিযোগৰ মুখনি মাৰিলে৷ কোনো টি ভি চেনেল উমৰাংছুলৈ নগ’ল৷ কোনো চেটেলাইট চেনেলৰ লাইভ সম্প্ৰচাৰ নহ’ল৷ উমৰাংছুত চলি থকা ২০০ অবৈধ কয়লা খনিৰ বাবে কোনো জবাবদিহি নহ’ল৷ অৱশেষত পলমকৈ হ’লেও সাৰ পাই গুৱহাটী উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব, পৰিৱেশ আৰু বন বিভাগৰ অধ্যক্ষ সচিব,গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষ সচিব, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সচিব আৰু ভূতত্ত্ব আৰু খনি বিভাগৰ সঞ্চালকক৷ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ আগলৈকে সকলো যেন সুকলমেই চলি আছিল৷ কোনো জবাবদিহি হোৱাৰ প্ৰয়োজন হোৱা নাছিল৷ ৩ কোটি জনতাৰো কোনো আক্ষেপ, কোনো অভিযোগ নাছিল৷ কিন্তু চাৰ্বিয়াৰ ৬৬ লাখ জনতাই ৰে’ল ষ্টেচনৰ দুৰ্ঘটনাৰ বাবে চৰকাৰক জবাবদিহি কৰিলে, প্ৰধানমন্ত্ৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰালে৷ এতিয়া এবাৰ মাত্ৰ কল্পনা কৰক–ড০ হিমন্ত বিশ্ব শৰ্মা যদি চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হ’লহেঁতেন!

- Donation -

Leave A Reply

Your email address will not be published.