সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXPLAIN: আমেৰিকাৰ বিনিয়োগকাৰীক কেনেদৰে প্ৰতাৰণা কৰিলে আদানীয়ে?

ব্যাপক অভিযোগ আৰু গোচৰ ৰুজু হোৱাৰ পাছতো গ্ৰেপ্তাৰ নহ’ল আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা। তেন্তে গ্ৰেপ্তাৰ হ’বনে বিশ্ববিখ্যাত উদ্যোগী গৌতম আদানী? অসম বা ভাৰতৰ প্ৰশাসনৰ দৰে কাম কৰে নেকি আমেৰিকাৰ প্ৰশাসনে? নে অসম বা ভাৰতৰ প্ৰশাসনৰ এক বিপৰীত ছবি দেখুৱাই আমেৰিকাৰ প্ৰশাসনে হাতত হেণ্ডকাফ লগাই ভাৰতৰ পৰা গ্ৰেপ্তাৰ কৰি নিব গৌতম আদানীক? নে আদানীৰ সুৰক্ষা কবচ হৈ থিয় দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী?
হিণ্ডেনবাৰ্গৰ ৰিপোৰ্টৰ পাছত এইবাৰ নতুন এক বিপদত পৰিছে গৌতম আদানী। পৃথিৱীৰে অন্যতম ধনী ব্যক্তি আদানীৰ বিৰুদ্ধে ভয়ানক কেলেংকাৰীৰ অভিযোগ আনিছে আমেৰিকাৰ আদালতে। আদানীৰ বিৰুদ্ধে অভিযোগ যে ভাৰতৰ বৃহত্তম সৌৰবিদ্যুৎ প্ৰকল্পত আন্তৰাষ্ট্ৰীয় বিনিয়োগ লাভ কৰিবলৈ ভাৰত চৰকাৰৰ বিষয়াক ২৬৫ মিলিয়ন মাৰ্কিন ডলাৰ ঘোচ দিয়াৰ প্ৰস্তাৱ দিছিল গৌতম আদানীয়ে। যাৰ ভাৰতীয় হিচাপত বৰ্তমান অৰ্থমূল্য ২২০০ কোটি টকাৰো অধিক। গৌতম আদানীৰ লগতে আদানীৰ ভতিজা সাগৰ আদানী আৰু অন্যান্য ৭ জন লোকো এই গোচৰত অভিযুক্ত। সেয়ে গৌতম আদানী আৰু ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আমেৰিকাৰ প্ৰশাসনে।
সততে ভয়ানক বিত্তীয় অনিয়মৰ অভিযোগ উঠি থকা গৌতম আদানী আজিও কেনেকৈ ভাৰতৰ এক নম্বৰ ধনী ব্যক্তি? মোদীৰ বাবেই আদানী আৰু আদানীৰ বাবেই মোদী আজি ভাৰতত সুৰক্ষিত নেকি?
আজি বিনিয়োগ লাভ কৰিবলৈ ২২০০ কোটি টকা উৎকোচ দিব পৰা গৌতম আদানীৰ ২০০২ চন পৰ্যন্ত সম্পত্তিৰ পৰিমাণ আছিল ৭৬ কোটি ডলাৰ। ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদী দিল্লীৰ ৰাজপথত খোজ দিছিল তেতিয়া আদানীৰ সম্পত্তি বৃদ্ধি হৈ গৈছিল ১০০০ কোটি ডলাৰলৈ। আজিৰ তাৰিখত গৌতম আদানীৰ সম্পত্তি ৬৯৮০ কোটি ডলাৰ। এতিয়া প্ৰশ্নটো হ’ল, এই ধন কেনেকৈ আহে গৌতম আদানীৰ হাতলৈ?
দেশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়াই যি সপোন দেখে তেতিয়াই তাক পূৰণ কৰাৰ দায়িত্ব লয় গৌতম আদানীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি সপোন দেখে যে ভাৰতৰ প্ৰত্যেকজন কৃষকৰ হাতত এখনকৈ ড্ৰোণ থাকক। পিছদিনাই আপুনি দেখিব যে গৌতম আদানীৰ কোম্পানী ড্ৰোণ নিৰ্মাণ কৰিবলৈ নামি পৰিছে। এই সপোন প্ৰথম কোনে দেখে সেয়াও বিতৰ্কিত। বহুতে সন্দেহ কৰে যে আদানীয়ে প্ৰথম ড্ৰোণ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপোন দেখিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ সপোন পূৰণ কৰিবলৈ আদানীয়ে বেংকৰ পৰা বহু হাজাৰ কোটি টকা ঋণ লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে সপোন দেখিছে যে ভাৰতীয় ৰে’লৰ আন্তগাঁঠনি আধুনিক আৰু বিশ্বমানৰ হওক। দেশৰ ৰে’ল ষ্টেচনবোৰ জকমকীয়া হৈ পৰক। লগে লগে সেই সপোন বাস্তৱায়িত কৰিবলৈ আগুৱাই আহিছে গৌতম আদানী। বেংকত জমা হৈ থকা জনগণৰ টকা ঋণ লৈ আদানীয়ে বিভিন্ন ষ্টেচনৰ উন্নয়ন আৰু বিশ্বমানৰ কেইখনমান ট্ৰেইন উপহাৰ দিছে।
প্ৰধানমন্ত্ৰীয়ে যদি সপোন দেখিছে যে দেশৰ বিমানবন্দৰ, সমুদ্ৰ বন্দৰসমূহ আধুনিক হওক, আটকধুনীয়া হওক তেন্তে, লগে লগে ফিল্ডত নামি পৰিছে আদানী। এদিন আপুনি দেখিবলৈ পাইছে যে দেশৰ বিখ্যাত বিমান বন্দৰ, সমুদ্ৰ বন্দৰসমূহ আদানী গ্ৰুপৰ হাতত তুলি দিয়া হৈছে। তাৰ পাছত বিমান বন্দৰসমূহত হোৰাহোৰে মাচুল বৃদ্ধি পাইছে।
এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা প্ৰতিটো সপোনেই পূৰণ কৰিবলৈ আগুৱাই আহিছে গৌতম আদানী। প্ৰতিঘৰ মানুহৰ ঘৰত বিদ্যুত সংযোগ হোৱাৰ সপোন দেখিছে, লগে লগে বৃহৎ নদীবান্ধ বন্ধাবলৈ আগবাঢ়ি আহিছে আদানী। স্মাৰ্ট মিটাৰ লগোৱাৰ সপোন দেখিছে, লগে লগে লাখ লাখ মিটাৰ নিৰ্মাণত নামি পৰিছে আদানী। কাৰণ ২০১২ চনত ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষক সন্মিলনত নৰেন্দ্ৰ মোডীক ৰাষ্ট্ৰীয় নেতা হিচাপে তুলি ধৰাত মুখ্য ভূমিকা পালন কৰিছিল গৌতম আদানীয়ে। আৰু ইয়াৰ ফলশ্ৰুতিতেই ২০১৪ চনত বিজেপি লোকসভা নিৰ্বাচনত জয়ী হৈ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হয়। আৰু ইমানদিনে গুজৰাটতে থকা গৌতম আদানীয়ে গুজৰাটৰ বৃত্ত পাৰ হৈ খোজ দিয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰতো। তাৰ পাছত নৰেন্দ্ৰ মোদী যদি বিশ্ব গুৰু হবলৈ গৈছে, তেন্তে বিশ্বলৈও বিয়পিছে আদানীৰ ব্যৱসায়।
এনেদৰেই ইমানদিনে গৌতম আদানী আৰু নৰেন্দ্ৰ মোদীয়ে ইজনে-সিজনৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে। সেয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উল্লেখ কৰিছিল এক হে তৌ চেফ হে। কিন্তু এইবাৰ আদানীক বচাবলৈ সক্ষম হ’বনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ বাবে নিবিদা লাভ কৰিবলৈ আদানীয়ে ভাৰত চৰকাৰৰ বিষয়াসকলক প্ৰভাৱিত কৰিবলৈ ২২০০ কোটি টকাৰ উত্কোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও বিনিয়োগকাৰী আৰু বেংকক ভুৱা তথ্য প্ৰদান কৰিছিল আদানীয়ে। ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ আদানী কোম্পানীত প্ৰায় ১৭৫ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল আমেৰিকাৰ বিনিয়োগকাৰীসকলে। এনেদৰে প্ৰতাৰণাৰে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ পৰা আদানী গ্ৰুপে লাভ কৰিছিল ৩ বিলিয়ন ডলাৰ। এই অভিযোগৰ পাছত বিশ্বত চলি থকা আদানীৰ ব্যৱসায়ৰ ক্ষতি হোৱাটো নিশ্চিত। কিন্তু শেহতীয়াকৈ হিণ্ডেনবাৰ্গৰ জোকাৰণি খোৱা আদানীয়ে এইবাৰ আমেৰিকা প্ৰশাসনৰ এই জোকাৰণিক কেনেদৰে মোকাবিলা কৰে সেয়া হ’ব লক্ষ্যণীয়

Leave A Reply

Your email address will not be published.