বিশ্বত ভাৰতক লাজত পেলোৱাৰ ঠিকা দিয়া আছে নেকি গৌতম আদানীক?

বিশ্বৰ প্ৰেক্ষাপটত পুনৰ ঋণাত্মক বাতৰিৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বন্ধু গৌতম আদানী। এইবাৰ প্ৰায় ২২০০ কোটি টকা বা ২৬৫ মিলিয়ন us dollar উৎকোচ দিযাৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগত। আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ লাভ কৰিবলৈ উৎকোচ দিয়াৰ অভিযোগ তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে। ইতিমধ্যে গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। একেটা অভিযোগতে নাম সাঙোৰ খাইছে গৌতম আদানীৰ ভতিজা সাগৰ আদানীৰো। ইপিনে আমেৰিকাত প্ৰতিষ্ঠিত বিনিয়োগকাৰী তথা বিত্তীয় প্ৰতিষ্ঠানৰ আগত ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ কথা গাপ দিয়াৰো অভিযোগ আছে গৌতম আদানীৰ বিৰুদ্ধে। কেৱল সেয়াই নহয় উৎকোচ দিয়া ব্যৱস্থাৰ বিৰুদ্ধে আমেৰিকান চৰকাৰৰ তদন্তত গৌতম আদানীয়ে বাধা সৃষ্টি কৰাৰো অভিযোগ উত্থাপিত হৈছে। ফলত সমগ্ৰ বিশ্বতে পুনৰ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে গৌতম আদানী।

গৌতম আদানীৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয়

দুবছৰ পূৰ্বে আমেৰিকাৰ হীনদেনবাৰ্গ ৰিচাৰ্চে গৌতম আদানীৰ বিৰুদ্দে প্ৰকাশ কৰিছিল এখন বিস্তৃত প্ৰতিবেদন। এই প্ৰতিবেদনত দেখুওৱা হৈছিল কিদৰে আদানী গ্রুপৰ কোম্পানীসমূহৰ শ্বেয়াৰ অতিমাত্ৰা দৰত ৰখা হৈছিল। তাৰ পাছতেই চৰ্চালৈ আহিছিল গৌতম আদানী। এইবৰ্ষত পুনৰ এবাৰ হীনদেনবাৰ্গে গৌতম আদানী, sebiৰ অধ্যক্ষা মাধৱী পুৰী বুচ, তেওঁৰ স্বামী ধৱল বুচৰ সম্পৰ্ক বা নেক্সাছৰ কথা লিখি প্ৰতিবেদন প্ৰকাশ কৰে। বাংলাদেশতো গৌতম আদানীৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে বজাৰ দৰতকৈ অধিক মূল্যত বিদ্যুৎ যোগান ধৰিছে গৌতম আদানীয়ে। আৰু অতি শেহতীয়াকৈ এতিয়া গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে অভিযোগ উত্থাপন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগৰ গোচৰৰ সবিশেষ

আমেৰিকাৰ ন্যায় বিভাগৰ অভিযোগ অনুসৰি ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত লাভজনক সৌৰশক্তি যোগানৰ চুক্তিসমূহ সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ বিষয়াসকলক উৎকোচ দিয়াৰ কামত জড়িত হৈছিল গৌতম আদানী সহিতে অন্যান্য কিছু ব্যক্তি। সেইসকলৰ নাম হৈছে গৌতম আদানীৰ ভতিজা সাগৰ আদানী, বিনিত এছ জৈন, ৰঞ্জিত গুপ্তা, চিৰিল কেবেনিছ, সৌৰভ আগৰৱালা, দীপক মালহোত্ৰা আৰু ৰূপেশ আগৰৱালা।
অভিযোগ পত্ৰ অনুসৰি গৌতম আদানীয়ে নিজে অন্ধ্ৰ প্ৰদেশত এগৰাকী বিদেশী বিষয়াৰে আলোচনাত মিলিত হৈছিল। ইতিমধ্যে ন্যায় বিভাগৰ হাতত কেইটামান electronic সামগ্ৰীও পোৱা গৈছে। য’ত উৎকোচ দিয়াৰ সবিশেষ পৰিকল্পনা powerpoint presentation, excell sheet পৰ্যন্ত পোৱা গৈছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296