সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

  • ২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা
  • ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা
  • ১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি

বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আকৌ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কিন্তু তাৰ পূৰ্বে পোহৰলৈ আহিছে অসম তথা উত্তৰ পূবক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া মিছা প্ৰতিশ্ৰুতিৰ এক চাঞ্চল্যকৰ তথ্য৷ ২০১৭ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতি আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে ঘোষণা কৰিছিল ২,৩৫০ কোটি টকাৰ এক বৃহৎ পেকেজ৷ কিন্তু এই পেকেজৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলে এতিয়লৈকে লাভ কৰিলে মাত্ৰ ১৯৭.৮৩ কোটি টকা৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি আই আবেদনৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ড’নাৰ মন্ত্ৰালয়ে ৷য’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে অষ্টলক্ষ্মী বুলি অভিহিত কৰি উত্তৰ পূৱক কৰা চৰম প্ৰতাৰণাৰ ছবিখন আকৌ এবাৰ স্পষ্ট হৈ পৰিছে৷

- Donation -

১ আগষ্ট,২০১৭ ত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল ২৩৫০ কোটিৰ পেকেজ

২০১৭ চনত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বানপানী তথা খহনীয়াই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সূচনা কৰিছিল ৷উত্তৰ পূবত কমেও ১৩০ গৰাকী লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ২৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল৷  তাৰ পাছত ২০১৭ চনৰ ১ আগষ্টত বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ গুৱাহাটীলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ খানপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু , নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আদিৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী৷ উক্ত বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমকে ধৰি উত্তৰ পূৱৰ বাবে ২৩৫০ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰিছিল

বৈঠকৰ শেষত এই পেকেজৰ বিষয়ে সদৰী কৰি অসমৰ তেতিয়াৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু পুনৰ সংস্থাপনৰ বাবে ২ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰিছে৷ ইয়াৰ বাহিৰেও অসমক বিশেষভাৱে তৎকালীন সকাহ আৰু পুনৰ সংস্থাপনৰ বাবে ২৫০ কোটি টকা মোকলাই দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ আন ১০০ কোটি টকা ব্ৰহ্মপুত্ৰৰ বান গৱেষণাৰ বাবে প্ৰদান কৰিছে৷ ইয়াৰে ১২০০ কোটি টকা কেৱল অসমেই লাভ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই

প্ৰধানমন্ত্ৰীৰ সেই ঘোষণাৰ ৬ বছৰ ৮ মাহ পাৰ হৈ গ’ল৷ কিন্তু নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২৩৫০ কোটিৰ পেকেজৰ পৰা উত্তৰ পূৰ্বাঞ্চলে এতিয়ালৈকে মাত্ৰ ১৯৭.৮৩ কোটি টকাহে লাভ কৰিছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি আই আবেদনৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে ড’নাৰ মন্ত্ৰালয়ে৷

‘দ্য ক্ৰছকাৰেণ্ট’ৰ তৰফৰ পৰা ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা আৰ টি আবেদনত প্ৰশ্ন কৰা হৈছিল যে ২০১৭ চনৰ ১ আগষ্টত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২৩৫০ কোটিৰ পেকেজৰ পৰা এতিয়ালৈকে কিমান ধন উত্তৰ পূৱৰ ৰাজ্যসমূহক মোকলাই দিয়া হ’ল৷ ২০২৩ চনৰ ১৬ নৱেম্বৰত এই আবেদনৰ উত্তৰ প্ৰদান কৰি ড’নাৰ মন্ত্ৰালয়ে অৱগত কৰে যে ২০১৭ চনৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ড’নাৰ মন্ত্ৰালয়ে মুঠ ১৯৭.৮৩ কোটি টকা মোকলাই দিছে৷ ইয়াৰ ভিতৰত অসমক দিয়া হৈছে ১০১.৫২ কোটি টকা৷ ড’নাৰ মন্ত্ৰালয়ৰ এই তথ্যই স্পষ্ট কৰি দিয়ে যে প্ৰধানমন্ত্ৰীৰ ২৩৫০ কোটি টকাৰ পেকেজ এক মিথ্যাচাৰহে আছিল মাত্ৰ৷ কাৰণ, প্ৰথমটো কাৰ্যকালত উত্তৰ পূৱৰ বাবে ঘোষণা কৰা পেকেজ দ্বিতীয়টো কাৰ্যকালতো উত্তৰ পূৱক প্ৰদান নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

কেতিয়া, কিমান ধন, কোন ৰাজ্যই লাভ কৰিলে?

উত্তৰ পূবৰ বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিবৰ বাবে ২০১৭ চনৰ ১ আগষ্টত ২৩৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ কিন্তু ড’নাৰ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, এই পেকেজৰ পৰা ২০১৯ চনৰ ৫ আগষ্টত অৰুণাচল প্ৰদেশক ৪১.২৩ কোটি টকা, অসমক ১০১.৫২ কোটি টকা, মণিপুৰক ২৫.১৭ কোটি টকা, মিজোৰামক ১৪.৮৩ কোটি টকা, নাগালেণ্ডক ১৩.৫২ কোটি টকা মোকলাই দিয়া হয়৷ তাৰ পাছত ২০১৯ চনৰ ২৬ ডিচেম্বৰত মণিপুৰক আন ১.৫৬ কোটি টকা মোকলাই দিয়ে৷ এইদৰে প্ৰধানমন্ত্ৰীৰ পেকেজৰ পৰা অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহে লাভ কৰে ১৯৭.৮৩ কোটি টকা৷ ২০১৯ চনৰ পাছত আৰু কোনো ধন অসম তথা উত্তৰ পূৱৰ আন ৰাজ্যক এই পেকেজৰ পৰা দিয়া হোৱা নাই৷ ইয়াৰ বাহিৰে ব্ৰক্ষ্মপুত্ৰৰ বান গৱেষণাৰ বাবে যি ১০০ কোটি টকা ঘোষণা কৰিছিল, সেই তথ্য ড’নাৰ মন্ত্ৰালয়ৰ ওচৰত উপলব্ধ নহয়৷ এই তথ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৰাহে সংগ্ৰহ কৰৰিবলৈ কোৱা হয়৷

ড’নাৰ মন্ত্ৰালয়ৰ পৰা দ্য ক্ৰছকাৰেণ্টে লাভ কৰা আৰটিআইৰ উত্তৰ

মন কৰিবলগীয়া কথাটো হ’ল, ২০১৭ চনৰ ১ আগষ্টত তেতিয়াৰ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমৰ বাবে ততালিকে ২৫০ কোটি টকা মোকলাই দিবলৈ প্ৰধানমন্ত্ৰীয়ে কৈছে৷ অথচ এই ২৫০ কোটিৰো মাত্ৰ ১০১.৫২ কোটিহে অসমে এতিয়ালৈকে অসমে লাভ কৰিলে৷ ইয়াৰ বাহিৰেও উত্তৰ পূৱৰ বাবে দিয়া আন ২ হাজাৰ কোটিৰো ১২০০ কোটি টকাই অসমে লাভ কৰিব বুলি সেইদিনা হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল৷ কিন্তু সেয়াও যে ফুটুকাৰ ফেন হ’ল, আৰ টি আই তথ্যই তাক স্পষ্টকৈ উদঙাই দিছে৷

তথ্য দিবলৈ অপাৰগ মোদী চৰকাৰ

ইলেক্ট’ৰেল বণ্ড, পি এম কেয়াৰ ফাণ্ড আদিৰ ক্ষেত্ৰত তথ্য প্ৰদানৰ ক্ষেত্ৰত মোদী চৰকাৰে কিমান অজুহাতৰ আশ্ৰয় লয়, সেয়া বিগত সময়ছোৱাত বাৰম্বাৰ পোহৰলৈ আহিছে৷ ঠিক একেদৰেই প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজৰ তথ্য দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰখনে লৈছিল একেই নীতি৷ ২০১৭ চনৰ ১ আগষ্টত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ বাবে ঘোষণা কৰা ২৩৫০ কোটিৰ পেকেজৰ পৰা কিমান ধন মোকলাই দিয়া হ’ল, সেই তথ্য বিচাৰি ২০২৩ চনৰ ১৬ জুনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আৰ টি আই আবেদন দাখিল কৰা হৈছিল দ্য ক্ৰছকাৰেণ্টৰ তৰফৰ পৰা৷ কিন্তু পৰৱৰ্তী সময়ত এই আবেদন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নীতি আয়োগ, অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয় আদি বিভিন্ন বিভাগলৈ প্ৰেৰণ কৰা হয় ৷ অৱশেষত ২০২৩ চনৰ নৱেম্বৰ মাহত ড’নাৰ মন্ত্ৰালয়ৰ পৰা ২৩৫০ কোটিৰ পেকেজৰ পৰা মাত্ৰ ১৯৭.৮৩ কোটি টকাহে উত্তৰ পূবে লাভ কৰাৰ তথ্য পোহৰলৈ আহে৷ ড’নাৰ মন্ত্ৰালয়ৰ এই তথ্য মোদী চৰকাৰে উত্তৰ পূবক কৰা চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ এক জীৱন্ত দলিল হিচাপে বিবেচিত হৈছে৷

 

 

 

Leave A Reply

Your email address will not be published.