ডঃ হিমন্ত বিশ্ব শৰ্মাই কি কি ক’লে সংবাদমেলত-

Share This Article

আজি জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ কথা ঘোষণা কৰে মুখ্যমন্ত্রী শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা, ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ নৈশ কাৰ্ফিউ। কিন্তু সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক। লগতে কয়, ১৫ ফেব্ৰুৱাৰী পৰা গোটেই ৰাতি বিবাহ-সভা অনুস্থান আয়োজন কৰিব পাৰিব। কিন্তু বিবাহ-সভাত উপস্থিত থকা সকলোৱে ল’ব লাগিব ডাবল ভেকচিল। ইয়াৰ উপৰিও চহৰৰ মাজ-মজিয়াৰ পৰা জেইল সমূহ উঠাই নিয়াৰ পৰিকল্পনা চৰকাৰৰ। তাৰ স্থানত পাৰ্ক নিৰ্মাণৰ কথা কয় মুখ্যমন্ত্রীগৰাকীয়ে। ইয়াৰ উপৰিও আজিৰ সংবাদমেলখনত নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যত ১০ তাৰিখৰ পূৰ্বে পৌৰ সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব। এপ্ৰিল মাহত গুৱাহাটী পৌৰ নিগম আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.