Investigative reporting with dedication.

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। দেওবাৰে সন্ধিয়া ৭.১৬ বজাত শিৱাজী পাৰ্কত শেষাকৃত সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা অগনন গুণমুদ্ধৰ উপস্থিতিত সম্পন্ন হয় শেষাকৃত। গায়িকাগৰাকীৰ মুখাগ্নি কৰে ভাতৃ হৃদয়নাথ মংগেশকাৰ আৰু ভতিজাক আদিনাথে। ৮ জনকৈ পণ্ডিতে অংশগ্ৰহণ কৰে দাহ-সংস্কাৰত। আজি মুম্বাইৰ শিৱাজী পাৰ্কত উপস্থিত হৈ লতা মংগেশকাৰৰ ভতিজাক আদিনাথ মংগেশকাৰে কিংবদন্তী গায়িকাগৰাকীৰ অস্থি সংগ্ৰহ কৰে।




