সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

থলুৱা বিষয়াক বহিষ্কাৰ, বহিৰাগত বিষয়াক পুৰস্কাৰ! চাৰ্জশ্বীটেড আই পি এছ বিষয়াক দিছপুৰত সংস্থাপন

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা অসম আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ হৈছে ৰাজ্যৰ গৃহ বিভাগ৷ ইজনৰ পাছত সিজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে, নিলম্বন কৰা হৈছে, বহিষ্কাৰ কৰা হৈছে৷ অভিযোগ লাভৰ পাছতেই অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা৷ কিন্তু আজি আমি এই প্ৰতিবেদনত ক’বলৈ গৈ আছো, এগৰাকী এনে আৰক্ষী বিষয়াৰ কাহিনী, যাৰ বিৰুদ্ধে কিশোৰী নিৰ্যাতনৰ অভিযোগ উত্থাপণ কৰিছে খোদ এগৰাকী মহিলা আৰক্ষী বিষয়াই, যাৰ বিৰুদ্ধে ৰুজু হৈছে POCSO আইনৰ অধীনত গোচৰ, আদালতত দাখিল কৰা হৈছে চাৰ্জশ্বীট কিন্তু তাৰ পাছতো এইগৰাকী বিষয়াক নিলম্বন অথবা বিভাগীয় শাস্তি প্ৰদান কৰাটো দূৰৈৰ কথা, সন্মানে সংস্থাপিত কৰা হৈছে দিছপুৰত৷ এই ঘটনাই এতিয়া ৰাজ্যৰ প্ৰশাসনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷
বিষয়াগৰাকীৰ নাম গৌৰৱ উপাধ্যায়৷ ২০১২ বৰ্ষৰ আই পি এছ বিষয়া৷ এইগৰাকী বিষয়াৰ বিৰুদ্ধে ২০২০ চনত উত্থাপ হৈছিল কিশোৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ৷ কেৱল অভিযোগেই নহয়, ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃ তথা আৰক্ষী অধীক্ষক এগৰাকীয়ে পানবজাৰৰ মহিলা আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ৷ এজাহাৰত ভুক্তভোগী কিশোৰীগৰাকীয়ে মাতৃয়ে যি ঘটনাৰ বিৱৰণ দিছিল, সেয়া শুনিলে সভ্য সমাজ লজ্জানত হৈ পৰিব৷

ঘটনাৰ স্থান আছিল ডিফুত থকা কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ নিবাস৷ তাৰিখ ৩১ ডিচেম্বৰ, ২০১৯৷ আই পি এছ বিষয়া গৌৰৱ উপাধ্যায় তেতিয়া কাৰ্বি আংলঙৰ অৰক্ষী অধীক্ষক৷ ৩১ ডিচেম্বৰৰ দিনা তেওঁ সহকৰ্মী মহিলা আৰক্ষী অধীক্ষকগৰাকীক নিমন্ত্ৰণ জনাইছিল ডিফুলৈ৷ পুত্ৰৰ জন্মদিনত উপস্থিত থাকিবৰ বাবে৷ সেই অনুসৰি ১৩ বছৰীয়া কন্যা আৰু ৯ বছৰীয়া সন্তানসহ আৰক্ষী বিষয়াগৰাকী উপস্থিত হৈছিল ডিফুত নিশা প্ৰায় ৯.৪৫ বাজিছিল৷ জন্মদিনৰ উদযাপন চলি থকাৰ মাজতেই কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে নিমন্ত্ৰিত আৰক্ষী বিষয়াগৰাকীক সন্তানসহ তেওঁৰ কাৰ্যালয় চাবৰ বাবে নিমন্ত্ৰণ জনাইছিল৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মহিলা আৰক্ষী বিষয়াগৰাকী ৱাছৰুমত যোৱা সময়তে গৌৰৱ উপাধ্যায়ে তেওঁৰ ১৩ বছৰীয়া কন্যাক জোৰকৈ চুমা খাবলৈ বিচাৰে৷ এই অভিযোগ এজাহাৰত স্পষ্টকৈ উল্লেখ আছে৷ কেৱল সেয়াই নহয়, নিশা নিমন্ত্ৰিত বিষয়াগৰাকীক হোটেলত থবলৈ যাওতেও আই পি এছ বিষয়াগৰাকীয়ে কিশোৰীগৰাকীক শৰীৰৰ বিভিন্ন অংশত আপত্তিজনকভাৱে স্পৰ্শ কৰে৷ ভুক্তভোগী কিশোৰীয়ে নিজৰ মাতৃক এই ভয়াৱহ ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছতেই ২০২০ চনৰ ৩ জানুৱাৰীত মাতৃয়ে পানবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিতেই ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ আৰু POCSO আইনৰ ১০ নং ধাৰাৰ অধীনত আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷

- Donation -

পৰৱৰ্তী সময়ত এই গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰা হয়৷ চি আই ডিয়ে ইতিমধ্যে আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে আদালতত দাখিল কৰিছে চাৰ্জশ্বীট৷ ডিফুৰ আদালতত এতিয়াও POCSO আইনৰ অধীনত আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে চলি আছে গোচৰৰ শুনানি৷ কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল POCSO আইনত অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বাদেই গৌৰৱ উপাধ্যায়ক সসন্মানে সংস্থাপিত কৰা হৈছে দিছপুৰত৷ POCSO আইনত অভিযুক্ত আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ক পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব, ইনলেণ্ড ৱাটাৰ ডেভ’ল’পমেণ্ট চ’ছাইটীৰ প্ৰকল্প সঞ্চালক আদিৰ দৰে গুৰুত্বপূৰ্ণ পদবীৰে পুৰষ্কৃত কৰিছে অসম চৰকাৰে৷

প্ৰশ্ন উঠিছে, অভিযোগ উঠিলেই থলুৱা বিষয়াক কঠোৰতম শাস্তি প্ৰদান কৰা অসম চৰকাৰে কিয় আই পি এছ বিষয়াগৰাকীক পুৰষ্কৃত কৰি আহিছে? অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰাৰ কথা প্ৰায়ে সদৰী কৰি আহিছে৷ আনকি অভিযোগ উঠাৰ পাছত আদালতৰ ৰায়লৈ বাট নোচোৱাকৈয়ে আৰক্ষী অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰি থকা এ পি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দৰে ঘটনাও শেহতীয়াকৈ ঘটিছে কিন্তু শূণ্য সহনশীল গৃহ বিভাগে POCSO আইনৰ অধীনত চাৰ্জশ্বীটেড বিষয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, সেয়া এক গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে৷ এটা বিশেষ আই পি এছ লবীৰ হেঁচাত গৃহ বিভাগ নতজানু হৈ পৰা বুলিও এতিয়া দিছপুৰত চৰ্চা আৰম্ভ হৈছে৷

Leave A Reply

Your email address will not be published.