মন্ত্ৰী পীযুষ হাজৰিকাই নোকোৱা কথাবোৰ কি?

Share This Article

জাগীৰোড কাগজ কল বন্ধ হোৱাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ বিশেষ মন্তব্য কৰিছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে – আঢ়ৈ হাজাৰ টকাৰ বাঁহ ডাঙৰ কোম্পানীয়ে চাৰে চাৰি হাজাৰ টকাত যোগান ধৰিছিল কাগজ কলক ৷ কংগ্ৰেছ চৰকাৰে দিছিল এই সুবিধা ৷ মুখ খুলিলে আৰু বহু কথাই ওলাব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰে ৷মন্ত্ৰী পীযুষ হাজৰিকাই যিবোৰ বিষয়ত মুখ খোলা নাই , সেই ৰহস্য ফাদিল হৈছে ‘দ্য ক্ৰছকাৰেন্ট’ৰ দেওবাৰৰ প্ৰতিবেদনত ৷ মন্ত্ৰী পীযুষ হাজৰিকাই যিটো ডাঙৰ কোম্পানীৰ নাম উচ্চাৰণ কৰা নাই , সেই ডাঙৰ কোম্পানী হৈছে -আৰ এছ গান্ধীৰ হিল ট্ৰেড এজেন্সী ৷ এইজন আৰ এছ গান্ধীয়ে ২১৮ শতাংশ অধিক দৰত কাছাৰ কাগজ কলত বাঁহ যোগান দিছিল ৷ এক টন বাঁহ ৫,৬০০ টকাত জাগীৰোডত যোগান ধৰিছিল আৰ এছ গান্ধীয়ে ৷ আৰ এছ গান্ধীৰ লুণ্ঠনৰ বাবেই জাগীৰোড কাগজ কলৰ ৩৫.৭৮ কোটি টকা আৰু কাছাৰ কাগজ কলৰ ৬৪.৪৯ কোটি টকা লোকচান হৈছিল ৷
আৰ এছ গান্ধীৰ বাবে কিদৰে জাগীৰোড কাগজ কললৈ অন্ধকাৰ নামি আহিছিল সেয়া আমাৰ পূৰ্বৰ প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ পাইছে ৷ কেৱল জাগীৰোড কাগজ কলেই নহয় , কাছাৰৰ কাগজ কলৰ অকাল মৃত্যুৰ আঁৰতো আছিল একেজন ব্যক্তিৰ লুণ্ঠন ৷ চি বি আয়ে ২০২০ চনৰ ৪ মাৰ্চত দাখিল কৰা এজাহাৰত কাছাৰ কাগজ কলত চলা ভয়াৱহ লুণ্ঠনৰ বাবে হিন্দুস্থান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ অন্যান্য বিষয়ববীয়াৰ সৈতে অভিযুক্ত কৰা হৈছে বিতৰ্কিত আৰ এছ গান্ধীক ৷
চি বি আইৰ এজাহাৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ২০০৬ চনৰ পৰা ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদে আৰ এছ গান্ধী নামৰ ব্যৱসায়ীজনৰ হিলছ ট্ৰেড এজেন্সী নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে কাছাৰ কাগজ কলত বাঁহ যোগান দিবলৈ আৰম্ভ কৰে ৷ তাৰ আগলৈকে পৰিষদে নিজেই কেৱল ফৰেষ্ট ৰয়েল্টীৰ বিনিময়ত কাগজ কলত বাঁহ যোগান ধৰি আহিছিল ৷ কিন্তু আৰ এছ গান্ধীয়ে ভূমুকি মৰাৰ পাছতে বাঁহৰ দাম অস্ভাভাৱিকভাৱে বৃদ্ধি পায় ৷
২০১১ চনৰ ১৬ ফেব্ৰুৱাৰীত হিন্দুস্থান পেপাৰ মিল আৰু ডিমাহাচাও স্বায়ত্ব শাসিত পৰিষদৰ মাজত স্বাক্ষৰ হৈছিল কাছাৰ কাগজ কলত বাঁহ হোগানৰ এক চুক্তি ৷ এই চুক্তি অনুসৰি , আৰ এছ গান্ধীয়ে প্ৰতি মেট্ৰিকটন সেউজীয়া বাঁহ ৩,২২৫ টকা দৰত যোগান ধৰিব লাগিছিল ৷ কিন্তু হঠাৎ তাৰ ১৪ দিন পাছতে অৰ্থাৎ ২০১১ চনৰ ২ মাৰ্চত আৰ এছ গান্ধীক প্ৰতি মেট্ৰিকটন শুকান বাঁহ ৫২৭৫ টকা দৰত যোগানৰ দায়িত্ব দি আন এক চুক্তি স্বাক্ষৰ কৰা হয় ৷ কেৱল সেয়াই নহয় , পৰিবহন আৰু আন লোডিঙৰ মাচুল মিলাই আৰ এছ গান্ধীয়ে কাছাৰ কাগজ কলৰ পৰা প্ৰতি মেট্ৰিকটন শুকান বাঁহৰ বিনিময়ত ৫৯০০ টকাকৈ আদায় কৰিছিল ৷ অথচ সেই সময়ত বজাৰত সেউজীয়া বাহৰ দাম আছিল প্ৰতি মেট্ৰিকটনত ১৮৫০ টকা ৷ কিন্তু আৰ এছ গান্ধীৰ লুটপাতৰ সহায় হোৱাকৈ শুকান বাঁহ ২১৮ শতাংশ অধিক দৰত যোগানৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল ৷

ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদ আৰু হিন্দুস্থান পেপাৰ মিলৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি , বাঁহ কটাৰ পৰা যোগান ধৰালৈ দায়িত্ব পালন কৰিব লাগিছিল যোগনীয়াৰ আৰ এছ গান্ধীয়ে ৷ কিন্তু পেপাৰ মিল কৰ্তৃপক্ষই বাঁহ পৰিবহন আৰু আন লোডিঙৰ নামত ২০১২ ৰ মাৰ্চৰ পৰা ২০১৩ ৰ জুলাইলৈ কাছাৰ কাগজ কলে ব্যয় কৰে ১৩.৬১ কোটি টকা ৷ এই ধনো নিশ্চয় আৰ এছ গান্ধীৰ জেপলৈকে গৈছিল ৷

শুকান বাঁহৰ নামত লুটপাত চলোৱাৰ পাছত ২০১৫ চনৰ ২০ জানুৱাৰীত কলকাতাত স্বাক্ষৰ হয় আন এক চুক্তি ৷ এই চুক্তি অনুসৰি , এইবাৰ প্ৰতি মেট্ৰিকটন সেউজীয়া বাঁহ ৪৭৫০ টকা দৰত যোগানৰ দায়িত্ব দিয়া হয় আৰ এছ গান্ধীক ৷ মুকলি বজাৰতকৈ অধিক দৰত বাঁহ কিনাৰ চুক্তি স্বাক্ষৰ কৰাই নহয় , কাছাৰ কাগজ কললৈ বাঁহ পৰিবহন আৰু আনলোডিঙৰ নামত আৰ এছ গান্ধীয়ে প্ৰতি মেট্ৰিকটন বাঁহত আদায় কৰে ৭৮৩৮ টকাকৈ ৷ অথচ সেই একেটা সময়ত কাগজ কলটোৱে আন উৎসৰ পৰা বাঁহ ক্ৰয় কৰিছিল ৩৩৭০ টকাকৈ ৷ এইদৰে অধিক দামত বাঁহ ক্ৰয় কৰি ২০১৪-১৫ বৰ্ষত কাগজ কলটো পুনৰ ৬.৮৭ কোটি টকা লোকচানৰ সন্মুখীন হয় ৷
তদুপৰি , আৰ এছ গান্ধীয়ে ২০১২ চনৰ ১৪ এপ্ৰিলৰ পৰা ২০১৪ চনৰ ২১ জানুৱাৰীলৈ প্ৰতি মেট্ৰিকটন বাঁহত ২৩৫০ টকাকৈ অতিৰিক্ত পৰিবহন ব্যয় কাগজ কলৰ পৰা আদায় কৰিছিল ৷ তাৰ পাছত ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা অতিৰিক্ত ২৭৭০ টকাকৈ প্ৰতি মেট্ৰিকটন বাঁহৰ পৰিবহণ ব্যয় আদায় কৰিছিল ৷ যাৰ বাবে কাছাৰ কাগজ কল বিয়াগোম লোকচানৰ সন্মুখীন হয় ৷ এইদৰে কেৱল ২০১১ ৰ পৰা ২০১৫ ৰ ভিতৰত আৰ এছ গান্ধীৰ অবাধ লুণ্ঠনৰ বাবে কাছাৰ কাগজ কলৰ মুঠ লোকচান হৈছিল ৬৪.৪৯ কোটি টকা ৷

এইজন আৰ এছ গান্ধীৰ বিৰুদ্ধে চি বি আয়ে গোচৰ ৰুজু কৰাৰ পাছতো তেওঁ মুকলি আকাশৰ তলত ৷ মন্ত্ৰী পীযুষ হাজৰিকাই কাগজ কল ধ্বংসৰ আঁৰৰ কাহিনী ক’বলৈ গৈও মুখত নল’লে আৰ এছ গান্ধীৰ নাম ৷ ইয়াৰ কাৰণ দিছপুৰৰ সামান্য খবৰ ৰখা সকলোৱে ভালদৰে জানে৷ কাগজ কলত লুণ্ঠন চলাই দুটাকৈ উদ্যোগক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আৰ এছ গান্ধীৰ স্থান হ’ব লাগিছিল কাৰাগাৰ , কিন্তু আৰ এছ গান্ধী আৰু তেওঁৰ পুত্ৰই আকৌ ডিমাহাচাও আৰু জাগীৰোডত খুটি পুতি বহিছে ৷ এয়াই হৈছে মন্ত্ৰীগৰাকীয়ে গৈ আৰ এছ গান্ধীৰ নাম উচ্চাৰণ নকৰাৰ আচল ৰহস্য ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.