Category বিশ্ব

ৰুছ সেনা নে নিধিৰাম চৰ্দাৰ?

ঢাল নাই,তৰোৱাল নাই,নিধিৰাম চৰ্দাৰৰ দশা ৰাছিয়াৰ সেনাৰ।যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰতো বাদেই,তীব্ৰ খাদ্য সংকট আৰু পিয়াহৰ পানী টুপিৰ অভাৱে জুৰুলা কৰিছে ৰাছিয়ান সেনাবাহিনীক। চাওঁতে চাওঁতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰা প্ৰায় ৯ টা মাহ উকলিল। কিন্তু এতিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে…

কপাল ফুলিব ঋষি ছুনাকৰ !

প্ৰধানমন্ত্ৰীৰ দৌৰত নাই জনছন । হাৰি হাৰিও জিকি গ’ল ছুনাক। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক।ছুনাকে ১৪২ জন সদস্যৰ সমৰ্থন লাভ কৰিছে ।লিজ ট্ৰাছৰ হাতত ৪৪ দিন আগতে পৰাজিত হোৱা ছুনাক সোমবাৰৰ দিনটোতেই প্ৰধানমন্ত্ৰী হোৱাৰ আশা প্ৰৱল। “ মই আমাৰ দেশৰ…

৭৫% ই হেৰুৱাব চাকৰি !

কৰ্মচাৰী চাটাই কৰিব টুইটাৰে ।ৱাশ্বিংটন প’ষ্টৰ বাতৰিক লৈ উদ্বিগ্ন সকলো । টুইটাৰৰ ৭৫% লোকেই হেৰুৱাব চাকৰি । টুইটাৰ ক্ৰয় কৰাৰ পিছত এতিয়াও টুইটাৰ অধিগ্ৰহণ কৰা নাই ইলন মাস্কে। কিন্তু টুইটাৰ কেনেকৈ চলাব,তাৰ সিন্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে মাস্কে। ৱাশ্বিংটন প’ষ্টৰ এক…

জীয়াই থকাৰ অধিকাৰ হেৰাইছে ভাৰতীয়ৰ ?

‘অসহিষ্ণুতা’ৰ মনোভাৱ শেহতীয়াকৈ ভয়ানক হাৰত বৃদ্ধি ভাৰতত। দেশত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘনৰ ঘটনাও বৃদ্ধি পাইছে । ভাৰতীয়ৰ অসহিষ্ণু চিন্তাধাৰাক লৈ শংকিত ৰাষ্ট্ৰসংঘ। দুদিনীয়া ভ্ৰমণলৈ আহি ভাৰতক এই বিষয়ে সকীয়াই দিলে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে।“অনৈক্যৰ মাজত ঐক্য -এই বৈশিষ্ট্যৰ বাবেই আপোনালোকৰ দেশখন  শক্তিশালী।…

পুনৰ ভাল দিন আহিব ইমৰাণ খানৰ?

শাসক দলৰ মুখ ঠেকেঁচা উপনিৰ্বাচনত ।নেশ্যনেল এছেম্বলিত ৬ ,প্ৰভিন্সিয়েল এছেম্বলিত ২খন জয়ী খানৰ দল ।শেহতীয়া উপনিৰ্বাচনত ইমৰাণ খানৰ পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে ৬ খন নেশ্যনেল এছেম্বলি আৰু ২খন প্ৰভিন্সিয়েল এছেম্বলি আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ।পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে মুঠ…

আকৌ লকডাউন ?

পুনৰ লকডাউনৰ কবলত এখন দেশ।এক সংক্ৰামক ৰোগ প্ৰতিহত কৰাৰ বাবে এই পদক্ষেপ।এটা মাহত মৃত্যু হৈছে ১৯ জনৰ । হয়,এখন ৰাষ্ট্ৰই পুনৰ লকডাউন ঘোষণা কৰিছে। ক’ভিডৰ বাবে নহয়,ইবলাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এনে পদক্ষেপ লৈছে দেশখনে। উগাণ্ডাৰ ৰাষ্ট্ৰপতি য়’ৱেৰী মুছেভেনীয়ে দেশখনত লকডাউন…

নাও দুৰ্ঘটনাত মৃত্যু ৮ কিশোৰৰ

ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ গ’ল ৮ টি কিশোৰৰ,সন্ধান নাই ৩ জনৰ | কম্বোডিয়াৰ মেকং নদীত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা | নদীৰ পাৰ পাবলৈ আৰু মাত্ৰ ৫০ মিটাৰ থাকোতেই জোখতকৈ অধিক যাত্ৰী কঢ়িওৱা নাওখন ডুব যায় ৷কম্বোডিয়াৰ কন্দল প্ৰভিন্সৰ মেকং নদীত…

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩ এসাঁজ খালে আনসাঁজৰ বাবে চিন্তা হ’ব অহা বৰ্ষত | উন্নয়নৰ হাৰ হ্ৰাস হোৱাৰ বিপৰীতে বাঢ়িব মুদ্ৰাস্ফীতি | ২০২৩ চনত মুদ্ৰাস্ফীতিৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাব ৷ এই সতৰ্কবাণী আমাৰ নহয়,আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰহে ৷ ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয়…

ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ

ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ , অপৰাধ সাম্ৰাজ্যত এতিয়াও অবিসম্বাদী ডাউদ | ডাউদৰ সহযোগীয়ে পিলপিলাই ফুৰিছে ভাৰতত | মুম্বাই অপৰাধ শাখাই মঙলবাৰে ডাউদ ইব্ৰাহিমৰ ৫ গৰাকী সহযোগীক আটক কৰে  ৷    গেংষ্টাৰ চোটা চাকিলৰ সহযোগী চেলিম ফ্ৰুইটক মুম্বাই আৰক্ষীয়ে যোৱা ১ অক্টোবৰত গ্ৰেপ্তাৰ…

১০ বছৰ বিৰতিত পাকিস্তানত মালালা

১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী – জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত |  সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে | জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও পাহৰিব নোৱাৰি …