সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১০ বছৰ বিৰতিত পাকিস্তানত মালালা

১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী – জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত |  সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে |
জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও পাহৰিব নোৱাৰি  ৷ সেয়ে হয়তো নিজ দেশ পাকিস্তানৰ বিপদৰ সময়ত সহায়ৰ বাবে পাকিস্তানত উপস্থিত হৈছেগৈ মালালা  ৷  নোবেল বঁটা বিজয়ী মালালাই পাকিস্তানৰ বানত ক্ষতিগ্ৰস্ত সকলক সাহাৰ্য আগবঢ়োৱাৰ উদ্দেশ্যে মঙলবাৰে দেশখনত উপস্থিত হয় ৷ তেওঁ এনেকুৱা এটা সময়ত পাকিস্তানত উপস্থিত হৈছে,যিটো সময়ত তেওঁৰ নিজৰ চহৰ মিনগোৰাত তালিবানৰ অত্যাচাৰে পুনৰ গা কৰি উঠিছে |  তালিবানৰ এই অত্যাচাৰৰ বিৰোধিতাৰে প্ৰতিবাদত নামিছে মালালাৰ প্ৰাক্তন সতীৰ্থ ৷ মালালাক আজিৰ পৰা ১০ বছৰ আগতে পাকিস্তানী তালিবানে নাৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত সৰৱ হোৱা বাবে গুলীয়াইছিল ৷ তালিবানে নাৰী শিক্ষা সেই সময়ত নিষিদ্ধ কৰাটো বিচাৰিছিল ৷

তাৰ বিপৰীতে নাৰী শিক্ষাৰ হৈ মাত মতাৰ বাবে মালালাক হত্যাৰ পৰিকল্পনা কৰিছিল তালিবানে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মালালাক চিকিৎসাৰ বাবে ব্ৰিটেইনলৈ লৈ যোৱা হৈছিল ৷ সেই গুলীচালনাৰ ঘটনাৰ পিছতেই পাকিস্তান এৰা মালালাই ১০ বছৰ ২টা দিনৰ অন্তত মঙলবাৰে কৰাছীত উপস্থিত হয় ৷

- Donation -

শেহতীয়া বানত বিধ্বস্ত পাকিস্তানৰ এক তৃতীয়াংশ লোক৷বহু হাজাৰ লোকে এই বানতে মৃত্যুক সাৱটিলে৷
সেয়ে মালালা ফাউণ্ডেচনৰ হৈ সাহাৰ্য আগবঢ়াবলৈ কৰাছীত উপস্থিত হৈছে মালালা ৷ আফগানিস্থানত তালিবানে শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা পাকিস্তানত একপ্ৰকাৰ নিৰ্মূল হোৱা তালিবানে পুনৰ মূৰ দাঙি উঠে ৷

সোমবাৰে তালিবানে এখন স্কুল বাছক লক্ষ্য কৰি গুলীচালনা কৰে ৷ গুলীচালনাত বাছ চালকজনৰ মৃত্যু হয়৷তাৰ প্ৰতিবাদতেই মালালাৰ সহপাঠীয়ে আৰম্ভ কৰিছে প্ৰতিবাদ ৷

এই সময়ত দেশখনৰ ৰাজধানী কৰাছীত মালালাৰ উপস্থিতিয়ে যথেষ্ট সকাহ দিছে তেওঁৰ সহপাঠীসকলক ৷

অৱশ্যে শান্তিৰ নবেল বিজয়ী মালালাৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈকে আহি পৰা নাই৷
উল্লেখযোগ্য যে মালালাই আজিলৈকে নবেল বঁটা লাভ কৰা সৰ্বকণিষ্ঠ ব্যক্তি৷

Leave A Reply

Your email address will not be published.