১০ বছৰ বিৰতিত পাকিস্তানত মালালা

Share This Article

১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী – জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত |  সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে |
জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও পাহৰিব নোৱাৰি  ৷ সেয়ে হয়তো নিজ দেশ পাকিস্তানৰ বিপদৰ সময়ত সহায়ৰ বাবে পাকিস্তানত উপস্থিত হৈছেগৈ মালালা  ৷  নোবেল বঁটা বিজয়ী মালালাই পাকিস্তানৰ বানত ক্ষতিগ্ৰস্ত সকলক সাহাৰ্য আগবঢ়োৱাৰ উদ্দেশ্যে মঙলবাৰে দেশখনত উপস্থিত হয় ৷ তেওঁ এনেকুৱা এটা সময়ত পাকিস্তানত উপস্থিত হৈছে,যিটো সময়ত তেওঁৰ নিজৰ চহৰ মিনগোৰাত তালিবানৰ অত্যাচাৰে পুনৰ গা কৰি উঠিছে |  তালিবানৰ এই অত্যাচাৰৰ বিৰোধিতাৰে প্ৰতিবাদত নামিছে মালালাৰ প্ৰাক্তন সতীৰ্থ ৷ মালালাক আজিৰ পৰা ১০ বছৰ আগতে পাকিস্তানী তালিবানে নাৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত সৰৱ হোৱা বাবে গুলীয়াইছিল ৷ তালিবানে নাৰী শিক্ষা সেই সময়ত নিষিদ্ধ কৰাটো বিচাৰিছিল ৷

তাৰ বিপৰীতে নাৰী শিক্ষাৰ হৈ মাত মতাৰ বাবে মালালাক হত্যাৰ পৰিকল্পনা কৰিছিল তালিবানে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মালালাক চিকিৎসাৰ বাবে ব্ৰিটেইনলৈ লৈ যোৱা হৈছিল ৷ সেই গুলীচালনাৰ ঘটনাৰ পিছতেই পাকিস্তান এৰা মালালাই ১০ বছৰ ২টা দিনৰ অন্তত মঙলবাৰে কৰাছীত উপস্থিত হয় ৷

শেহতীয়া বানত বিধ্বস্ত পাকিস্তানৰ এক তৃতীয়াংশ লোক৷বহু হাজাৰ লোকে এই বানতে মৃত্যুক সাৱটিলে৷
সেয়ে মালালা ফাউণ্ডেচনৰ হৈ সাহাৰ্য আগবঢ়াবলৈ কৰাছীত উপস্থিত হৈছে মালালা ৷ আফগানিস্থানত তালিবানে শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা পাকিস্তানত একপ্ৰকাৰ নিৰ্মূল হোৱা তালিবানে পুনৰ মূৰ দাঙি উঠে ৷

সোমবাৰে তালিবানে এখন স্কুল বাছক লক্ষ্য কৰি গুলীচালনা কৰে ৷ গুলীচালনাত বাছ চালকজনৰ মৃত্যু হয়৷তাৰ প্ৰতিবাদতেই মালালাৰ সহপাঠীয়ে আৰম্ভ কৰিছে প্ৰতিবাদ ৷

এই সময়ত দেশখনৰ ৰাজধানী কৰাছীত মালালাৰ উপস্থিতিয়ে যথেষ্ট সকাহ দিছে তেওঁৰ সহপাঠীসকলক ৷

অৱশ্যে শান্তিৰ নবেল বিজয়ী মালালাৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈকে আহি পৰা নাই৷
উল্লেখযোগ্য যে মালালাই আজিলৈকে নবেল বঁটা লাভ কৰা সৰ্বকণিষ্ঠ ব্যক্তি৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.