আকৌ লকডাউন ?

Share This Article

পুনৰ লকডাউনৰ কবলত এখন দেশ।এক সংক্ৰামক ৰোগ প্ৰতিহত কৰাৰ বাবে এই পদক্ষেপ।এটা মাহত মৃত্যু হৈছে ১৯ জনৰ । হয়,এখন ৰাষ্ট্ৰই পুনৰ লকডাউন ঘোষণা কৰিছে। ক’ভিডৰ বাবে নহয়,ইবলাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এনে পদক্ষেপ লৈছে দেশখনে। উগাণ্ডাৰ ৰাষ্ট্ৰপতি য়’ৱেৰী মুছেভেনীয়ে দেশখনত লকডাউন ঘোষণা কৰিছে শনিবাৰে।দেশখনত জাৰি কৰা হৈছে সান্ধ্যআইন। সকলোবোৰ ধৰ্মীয় উপাসনাস্থলী,আমোদ প্ৰমোদৰ কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতিয়ে । উল্লেখ্য যে উগাণ্ডাৰ দুখন জিলাত ইবলাৰ ক্ষীপ্ৰ সংক্ৰমণ হৈছে।সেই দুখন জিলালৈ সকলো ধৰণৰ যাতায়ত অহা ২১দিনলৈ বন্ধ কৰি দিয়া হৈছে।ৰাষ্ট্ৰপতিগৰাকীয়ে টেলিভিছনৰ জৰিয়তে দিয়া এক ভাষণত মুবেন্দা আৰু কাছান্দা জিলাক ইবলাৰ হটস্পট আখ্যা দিছে।“ এইবোৰ ইবলা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা কেইটামান অস্থায়ী পদক্ষেপ ।আমি সকলোৱে এইক্ষেত্ৰত সহযোগিতা কৰা উচিত। তেতিয়াহে আমি এই মাৰাত্মক সংক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰিম”- এনেদৰে কয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

বিগত ২০ ছেপ্তেম্বৰত আফ্ৰিকা মহাদেশৰ অন্তৰ্গত এই দেশখনত ইবলাৰ সংক্ৰমণ হোৱাৰ কথা ঘোষণা কৰিছিল।ৰাষ্ট্ৰপতিগৰাকীয়ে দিয়া তথ্য অনুসৰি বিগত ২০ ছেপ্তেম্বৰৰ পৰা ৰাষ্ট্ৰখনত মুঠ ১৯ জন লোকে প্ৰাণ হেৰুৱাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.