Investigative reporting with dedication.

কৰ্মচাৰী চাটাই কৰিব টুইটাৰে ।ৱাশ্বিংটন প’ষ্টৰ বাতৰিক লৈ উদ্বিগ্ন সকলো । টুইটাৰৰ ৭৫% লোকেই হেৰুৱাব চাকৰি । টুইটাৰ ক্ৰয় কৰাৰ পিছত এতিয়াও টুইটাৰ অধিগ্ৰহণ কৰা নাই ইলন মাস্কে। কিন্তু টুইটাৰ কেনেকৈ চলাব,তাৰ সিন্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে মাস্কে। ৱাশ্বিংটন প’ষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ যে মালিকীস্বত্ত্ব যাৰ হাততেই নাথাকক খুব সোনকালেই কোম্পানীটোৱে কৰ্মচাৰী চাটাই কৰাটো নিশ্চিত । এই সিন্ধান্ত ৰাজহুৱা কৰাৰ পিছতে শংকিত হৈছে টুইটাৰৰ কৰ্মচাৰী সকল। চলিত মাহৰ শেষত মুঠ ৪,৪০০ কোটি ডলাৰৰ চুক্তি সম্পাদন কৰি টুইটাৰৰ মালিকীস্বত্ব গ্ৰহণ কৰিব ইলন মাস্কে।আমেৰিকাৰ হাই কৰ্টে টুইটাৰ ক্ৰয়ৰ বাবে ইলন মাস্কক ২৮ অক্টোবৰ শেষ সীমা ধাৰ্য কৰি দিছে।টুইটাৰ ক্ৰয় কৰাটো চূড়ান্ত কৰিও ইলন মাস্কে কিন্তু তেওঁৰ সুগন্ধিৰ ব্যৱসায়টোতো সমানেই মনোনিৱেশ কৰিছে। অলপতে তেওঁ লিখিছে “ আমাৰ সুগন্ধি ব্যৱহাৰ কৰক,যাতে আমি টুইটাৰ ক্ৰয় কৰিব পাৰোঁ।”
উল্লেখযোগ্য যে বিগত আগষ্ট মাহতেই টুইটাৰ ক্ৰয়ৰ সিন্ধান্ত চূড়ান্ত কৰিছিল ইলন মাস্কে।বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত বেংকে ঋণ প্ৰদান কৰিছিল মাস্কক।তাৰপিছত আকস্মিকভাৱে তেওঁ সেই সিন্ধান্ত সলনি কৰাত বৃহৎ লোকচানৰ সন্মুখীন হৈছিল বেংক বিলাক।



