সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ

ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ , অপৰাধ সাম্ৰাজ্যত এতিয়াও অবিসম্বাদী ডাউদ | ডাউদৰ সহযোগীয়ে পিলপিলাই ফুৰিছে ভাৰতত | মুম্বাই অপৰাধ শাখাই মঙলবাৰে ডাউদ ইব্ৰাহিমৰ ৫ গৰাকী সহযোগীক আটক কৰে  ৷    গেংষ্টাৰ চোটা চাকিলৰ সহযোগী চেলিম ফ্ৰুইটক মুম্বাই আৰক্ষীয়ে যোৱা ১ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল ৷ চেলিম ফ্ৰুইটৰ বিৰুদ্ধে ৬২ লাখ টকা ধনদাবীৰ অভিযোগ আছে । ন্যায়ালয়ে অপৰাধ শাখাৰ জিম্মাত ৬ অক্টোবৰলৈকে ৰাখিছিল চেলিম ফ্ৰুইটক ৷ ডাউদৰ ঘনিষ্ঠ সহযোগী শ্বাকীলক নিয়াই বিগত আগষ্ট মাহতেই গ্ৰেপ্তাৰ কৰিছিল সেই শ্বাকীলৰে খুলশালি এই চেলিম ফ্ৰুইট ৷  বিগত ২৬ ছেপ্তেম্বৰত ডাউদৰ সহযোগী ৰিয়াজ ভাটিৰক মুম্বাইৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছিল ৷ কুখ্যাত ডাউদ ইব্ৰাহিমৰ ৫ জন ঘনিষ্ঠ সহযোগীক একেদিনাই গ্ৰেপ্তাৰ কৰাৰ পিছত ডাউদৰ অপৰাধৰ হাতোঁৰা যে অব্যাহত আছে,সেয়া স্পষ্ট হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.