ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ

Share This Article

ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ , অপৰাধ সাম্ৰাজ্যত এতিয়াও অবিসম্বাদী ডাউদ | ডাউদৰ সহযোগীয়ে পিলপিলাই ফুৰিছে ভাৰতত | মুম্বাই অপৰাধ শাখাই মঙলবাৰে ডাউদ ইব্ৰাহিমৰ ৫ গৰাকী সহযোগীক আটক কৰে  ৷    গেংষ্টাৰ চোটা চাকিলৰ সহযোগী চেলিম ফ্ৰুইটক মুম্বাই আৰক্ষীয়ে যোৱা ১ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল ৷ চেলিম ফ্ৰুইটৰ বিৰুদ্ধে ৬২ লাখ টকা ধনদাবীৰ অভিযোগ আছে । ন্যায়ালয়ে অপৰাধ শাখাৰ জিম্মাত ৬ অক্টোবৰলৈকে ৰাখিছিল চেলিম ফ্ৰুইটক ৷ ডাউদৰ ঘনিষ্ঠ সহযোগী শ্বাকীলক নিয়াই বিগত আগষ্ট মাহতেই গ্ৰেপ্তাৰ কৰিছিল সেই শ্বাকীলৰে খুলশালি এই চেলিম ফ্ৰুইট ৷  বিগত ২৬ ছেপ্তেম্বৰত ডাউদৰ সহযোগী ৰিয়াজ ভাটিৰক মুম্বাইৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছিল ৷ কুখ্যাত ডাউদ ইব্ৰাহিমৰ ৫ জন ঘনিষ্ঠ সহযোগীক একেদিনাই গ্ৰেপ্তাৰ কৰাৰ পিছত ডাউদৰ অপৰাধৰ হাতোঁৰা যে অব্যাহত আছে,সেয়া স্পষ্ট হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.