সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩

এসাঁজ খালে আনসাঁজৰ বাবে চিন্তা হ’ব অহা বৰ্ষত | উন্নয়নৰ হাৰ হ্ৰাস হোৱাৰ
বিপৰীতে বাঢ়িব মুদ্ৰাস্ফীতি | ২০২৩ চনত মুদ্ৰাস্ফীতিৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাব ৷

- Donation -

এই সতৰ্কবাণী আমাৰ নহয়,আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰহে ৷ ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি মানে চমুকৈ আইএমএফৰ মতে হ’ব অৰ্থনীতিৰ বাবে এক জটিল বৰ্ষ ৷ তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে এক ভয়ংকৰ আগজাননী দিছে আইএমএফে ৷ অৰ্থনৈতিক স্থবিৰতা আহিব আৰু উন্নয়নৰ হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হ’ব বুলি ৱৰ্ল্ড ইক’নমিক আউটলুকৰ ৰিপৰ্টেও প্ৰকাশ কৰিছে ৷
“ইমানৰ পিছতো কিন্তু ইয়াতকৈও বেয়া দিন আহিবলৈ বাকী আছে”-ৱৰ্ল্ড ইক’নমিক আউটলুকৰ ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য ৷

“২০২৩ চনটোত বহুতেই মুদ্ৰাস্ফীতি হোৱা যেন অনুভৱ কৰিব ”-এনেদৰে প্ৰকাশ পাইছে ৰিপৰ্টটোত ৷ আগন্তুক বৰ্ষৰ বাবে এই উন্নয়নৰ হাৰ ২.৭ % হ’ব বুলি আশা কৰা হৈছে৷বিগত বৰ্ষতকৈ এই হাৰ ৬% কম ৷
২০০১ চনৰ পৰা আজিলৈকে অৰ্থাৎ বিগত ২২বছৰৰ ‘ সকলোতকৈ দুৰ্বল উন্নয়নৰ হাৰ’ হ’ব ২০২৩ বৰ্ষটো | অৱশ্যে ক’ভিড -19 আৰু বিশ্ব অৰ্থনীতিৰ মন্দাৱস্থাৰ বৰ্ষ দুটাক এই তালিকাৰ পৰা বাদ দিয়া হৈছে ৷ আমেৰিকাৰ দৰে সবল অৰ্থনীতিৰ দেশৰ ঘৰুৱা উৎপাদন হ্ৰাস,ক’ভিড,লকডাউন আদিয়েও অৰ্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট জটিলতাৰ সৃষ্টি কৰিছে ৷ “সমগ্ৰ বিশ্বই এতিয়া এক ভয়ংকৰ অস্থিৰতাত আছে৷অৰ্থনৈতিক,ৰাজনৈতিক,পৰিৱেশ তথা বায়ুমণ্ডলৰ প্ৰভাৱে সমগ্ৰ বিশ্ব অৰ্থনীতিতেই প্ৰভাৱ পেলাইছে”-এনেদৰে তথ্য দিছে আইএমএফে ৷ বিশ্বৰ এক তৃতীয়াংশ দেশেই একেলেথাৰিয়ে দুটা বৰ্ষ নিগেটিভ গ্ৰউথ অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰখনত ঋণাত্মক উন্নয়নৰ সন্মুখীন হ’বলগীয়া হ’ল বুলিও তথ্যটোৱে প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.