জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩

Share This Article

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩

এসাঁজ খালে আনসাঁজৰ বাবে চিন্তা হ’ব অহা বৰ্ষত | উন্নয়নৰ হাৰ হ্ৰাস হোৱাৰ
বিপৰীতে বাঢ়িব মুদ্ৰাস্ফীতি | ২০২৩ চনত মুদ্ৰাস্ফীতিৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাব ৷

এই সতৰ্কবাণী আমাৰ নহয়,আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰহে ৷ ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি মানে চমুকৈ আইএমএফৰ মতে হ’ব অৰ্থনীতিৰ বাবে এক জটিল বৰ্ষ ৷ তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে এক ভয়ংকৰ আগজাননী দিছে আইএমএফে ৷ অৰ্থনৈতিক স্থবিৰতা আহিব আৰু উন্নয়নৰ হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হ’ব বুলি ৱৰ্ল্ড ইক’নমিক আউটলুকৰ ৰিপৰ্টেও প্ৰকাশ কৰিছে ৷
“ইমানৰ পিছতো কিন্তু ইয়াতকৈও বেয়া দিন আহিবলৈ বাকী আছে”-ৱৰ্ল্ড ইক’নমিক আউটলুকৰ ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য ৷

“২০২৩ চনটোত বহুতেই মুদ্ৰাস্ফীতি হোৱা যেন অনুভৱ কৰিব ”-এনেদৰে প্ৰকাশ পাইছে ৰিপৰ্টটোত ৷ আগন্তুক বৰ্ষৰ বাবে এই উন্নয়নৰ হাৰ ২.৭ % হ’ব বুলি আশা কৰা হৈছে৷বিগত বৰ্ষতকৈ এই হাৰ ৬% কম ৷
২০০১ চনৰ পৰা আজিলৈকে অৰ্থাৎ বিগত ২২বছৰৰ ‘ সকলোতকৈ দুৰ্বল উন্নয়নৰ হাৰ’ হ’ব ২০২৩ বৰ্ষটো | অৱশ্যে ক’ভিড -19 আৰু বিশ্ব অৰ্থনীতিৰ মন্দাৱস্থাৰ বৰ্ষ দুটাক এই তালিকাৰ পৰা বাদ দিয়া হৈছে ৷ আমেৰিকাৰ দৰে সবল অৰ্থনীতিৰ দেশৰ ঘৰুৱা উৎপাদন হ্ৰাস,ক’ভিড,লকডাউন আদিয়েও অৰ্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট জটিলতাৰ সৃষ্টি কৰিছে ৷ “সমগ্ৰ বিশ্বই এতিয়া এক ভয়ংকৰ অস্থিৰতাত আছে৷অৰ্থনৈতিক,ৰাজনৈতিক,পৰিৱেশ তথা বায়ুমণ্ডলৰ প্ৰভাৱে সমগ্ৰ বিশ্ব অৰ্থনীতিতেই প্ৰভাৱ পেলাইছে”-এনেদৰে তথ্য দিছে আইএমএফে ৷ বিশ্বৰ এক তৃতীয়াংশ দেশেই একেলেথাৰিয়ে দুটা বৰ্ষ নিগেটিভ গ্ৰউথ অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰখনত ঋণাত্মক উন্নয়নৰ সন্মুখীন হ’বলগীয়া হ’ল বুলিও তথ্যটোৱে প্ৰকাশ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.