জীয়াই থকাৰ অধিকাৰ হেৰাইছে ভাৰতীয়ৰ ?

Share This Article

‘অসহিষ্ণুতা’ৰ মনোভাৱ শেহতীয়াকৈ ভয়ানক হাৰত বৃদ্ধি ভাৰতত। দেশত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘনৰ ঘটনাও বৃদ্ধি পাইছে । ভাৰতীয়ৰ অসহিষ্ণু চিন্তাধাৰাক লৈ শংকিত ৰাষ্ট্ৰসংঘ। দুদিনীয়া ভ্ৰমণলৈ আহি ভাৰতক এই বিষয়ে সকীয়াই দিলে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে।“অনৈক্যৰ মাজত ঐক্য -এই বৈশিষ্ট্যৰ বাবেই আপোনালোকৰ দেশখন  শক্তিশালী। প্ৰতি দিনেই ইয়াত গান্ধীৰ মূল্যবোধৰ চৰ্চা হোৱা উচিত। ইয়াত সকলোৰে অধিকাৰ আৰু মৰ্যাদা অক্ষুণ্ণ থকা উচিত।সকলোৰে সংস্কৃতি,সকলোৰে ধৰ্মক সন্মান কৰা উচিত। ঘৃণাসূচক মন্তব্য ইয়াত কোনো কাৰণতেই উৎসাহিত হোৱা অনুচিত”-ভাৰত ভ্ৰমণলৈ অহা এণ্টনিঅ’ গুটাৰছে এনেদৰেই মন্তব্য দিয়ে।

উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিছে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকী। সচিবপ্ৰধানগৰাকীয়ে নিজৰ ভাষণত ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱৰ বিষয়টোও টানি আনে।এই প্ৰসংগ উত্থাপন কৰি তেওঁ কয় “ মই ভাৰতক শান্তিৰ বাৰ্তা বিলাবলৈ আহ্বান জনাইছোঁ। আত্মনিৰ্ভৰশীলতাৰ বাবে বৈদেশিক নীতি তৈয়াৰ কৰাৰ বাবে অনুৰোধ জনাইছোঁ।”গান্ধীজীৰ অহিংস নীতিক সমৰ্থন কৰি তেওঁ কৈছিল “ ভাৰত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পোৱাৰ দিনাৰ পৰাই ভাৰতে বিশ্ব মানচিত্ৰত এক সুকীয়া স্থিতি দখল কৰি আহিছে।গতিকে ই ইয়াৰ স্থিতি অটুত ৰখা উচিত । ”

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগলৈ বিগত ১৩ অক্টোবৰত পুনৰ নিৰ্বাচিত হয় ভাৰত।ভাৰতত শেহতীয়াকৈ মানৱ অধিকাৰ খৰ্বৰ ঘটনা বৃদ্ধি পোৱা বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত। আনকি ৰাষ্ট্ৰসংঘৰ কেইবাগৰাকীও বিশেষজ্ঞই নতুন দিল্লীক মানৱ অধিকাৰ কৰ্মী,সাংবাদিক আৰু ছাত্ৰ নেতা ক্ৰমে তিস্তা চেতলভদ,ৰাণা আয়ুৱ,ছিদ্দিক কাপ্পান,ওমৰ খালিদ আদিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও আহ্বান জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.