নাও দুৰ্ঘটনাত মৃত্যু ৮ কিশোৰৰ

Share This Article

ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ গ’ল ৮ টি কিশোৰৰ,সন্ধান নাই ৩ জনৰ | কম্বোডিয়াৰ মেকং নদীত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা | নদীৰ পাৰ পাবলৈ আৰু মাত্ৰ ৫০ মিটাৰ থাকোতেই জোখতকৈ অধিক যাত্ৰী কঢ়িওৱা নাওখন ডুব যায় ৷কম্বোডিয়াৰ কন্দল প্ৰভিন্সৰ মেকং নদীত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰে নিশা ৷ দুৰ্ভগীয়া নাওযাত্ৰী সকলৰ বয়স ১২ ৰ পৰা ১৫ বছৰ ৷ বিদ্যালয়ৰ এক ইংৰাজী বিষয়ৰ শ্ৰেণীৰ পাঠ গ্ৰহণৰ বাবে যোৱাৰ সময়ত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ সময়ত নাওখনত মুঠ ১১টি কিশোৰ আছিল ৷ ইয়াৰে ৮ টি কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু বাকী ৩ টি কিশোৰ সন্ধানহীন হৈ আছে ৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও নদীত পানীৰ পৰিমাণ বেছি হোৱাৰ লগতে প্ৰবল সোঁতৰ বাবে উদ্ধাৰ কাৰ্যত ব্যাঘাত জন্মিছে ৷

দেশখনৰ প্ৰধানমন্ত্ৰী হোন চেনে এই দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনোৱাৰ লগতে বাৰিষাৰ সময়ত সকলোকে সাৱধানে নদীত যাতায়ত কৰিবলৈ আহ্বান জনাইছে ৷ দক্ষিণ পূব এছিয়াৰ দেশবোৰত এনেধৰণৰ নাও দুৰ্ঘটনা নিত্যনৈমিত্তিক ঘটনাৰ দৰে |

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.