কপাল ফুলিব ঋষি ছুনাকৰ !

Share This Article

প্ৰধানমন্ত্ৰীৰ দৌৰত নাই জনছন । হাৰি হাৰিও জিকি গ’ল ছুনাক। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক।ছুনাকে ১৪২ জন সদস্যৰ সমৰ্থন লাভ কৰিছে ।লিজ ট্ৰাছৰ হাতত ৪৪ দিন আগতে পৰাজিত হোৱা ছুনাক সোমবাৰৰ দিনটোতেই প্ৰধানমন্ত্ৰী হোৱাৰ আশা প্ৰৱল। “ মই আমাৰ দেশৰ অৰ্থনীতি এক সঠিক ৰূপ দিব বিচাৰিছোঁ।আমাৰ দলক একত্ৰিত কৰিব বিচাৰিছোঁ আৰু দেশক সেৱা আগবঢ়াব বিচাৰিছোঁ”- এনেদৰে মন্তব্য কৰে ভাৰতীয় মূলৰ ঋষি ছুনাকে।আনহাতে, লিজ ট্ৰাছৰ পদত্যাগৰ পিছত ঋষি ছুনাকৰ প্ৰতিন্দন্দ্বী হিচাপে আগবাঢ়ি আহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন।কিন্তু আশ্চৰ্যজনকভাৱে বৰিছ জনছনে ‘ এটা ঐক্যবদ্ধ দল সংসদত নেতৃত্ব দিয়াত অসুবিধা হ’ব ‘বুলি প্ৰধানমন্ত্ৰীৰ দৌৰৰ পৰা পিছ হোঁহকিছে দেওবাৰে।

“ মই জানো যে মোৰ কৰিবলগীয়া বহুত আছে। কিন্তু এইটো সঠিক সময় নহয়”- এনেদৰে মন্তব্য কৰে ৫৮ বছৰীয়া বৰিছ জনছনে । বৰিছ জনছনৰ এই ঘোষণাৰ পিছতেই বৃটেইনৰ ভাবি প্ৰধানমন্ত্ৰী ঋষি ছুনাকে পূৰ্বৰ প্ৰধানমন্ত্ৰী জনছনক প্ৰশংসা কৰি এক টুইট কৰে য’ত তেওঁ লিখিছে ব্ৰেক্সিট বা ক’ভিডৰ সময়ত তেওঁৰ পূৰ্বসুৰী প্ৰধানমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । “ যদিও জনছনে প্ৰধানমন্ত্ৰী পদবীৰ বাবে প্ৰতিন্দন্দ্বিতা নকৰাৰ সিন্ধান্ত লৈছে ,মোৰ বিশ্বাস তেওঁ বৃটেইনৰ জনজীৱনলৈ যথেষ্ট বৰঙনি আগবঢ়াব”- এনেদৰে কয় ছুনাকে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.