পুনৰ ভাল দিন আহিব ইমৰাণ খানৰ?

Share This Article

শাসক দলৰ মুখ ঠেকেঁচা উপনিৰ্বাচনত ।নেশ্যনেল এছেম্বলিত ৬ ,প্ৰভিন্সিয়েল এছেম্বলিত ২খন জয়ী খানৰ দল ।শেহতীয়া উপনিৰ্বাচনত ইমৰাণ খানৰ পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে ৬ খন নেশ্যনেল এছেম্বলি আৰু ২খন প্ৰভিন্সিয়েল এছেম্বলি আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ।পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে মুঠ ৭ টা নেশ্যনেল এছেম্বলিৰ সমষ্টিত অনুষ্ঠিত উপনিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল আৰু ইয়াৰে ৬ খনত জয়লাভ কৰিছে। উল্লেখযোগ্য যে পাকিস্তানত নেশ্যনেল এছেম্বলিৰ সমষ্টি আছে ৮ খন। ইমাৰাণ খানৰ পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে পেছোৱাৰ,মাৰদান,চৰচাদা,ফইচলাবাদ,নানকানা চাহিবত ইতিমধ্যে জয়লাভ কৰিছে।
পাকিস্তানত ৭ খন নেশ্যনেল এছেম্বলিৰ আসনৰ লগতে ৩খন প্ৰভিন্সিয়েল এছেম্বলিৰ আসনৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হৈছিল । পাকিস্তানৰ নিৰ্বাচন আয়োগৰ মতে নিৰ্বাচন শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হয়।নিৰ্বাচনী বিধি ভংগৰ মাত্ৰ ১৫ টা অভিযোগহে লাভ কৰিছে নিৰ্বাচন আয়োগে। এই উপনিৰ্বাচনে ইমৰাণ খানলৈ শুভ সংবাদ কঢ়িয়াই আনিলেও ,বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ বাবে ই এক সকীয়নিহে প্ৰদান কৰিলে।পাকিস্তানত এতিয়াই উপনিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচৰা নাছিল শ্বাহবাজ শ্বৰীফ চৰকাৰে।পাকিস্তানত বিগত মাহত হোৱা ভয়ংকৰ বানপানীত প্ৰায় ৩০ মিলিয়ন লোক ক্ষতিগ্ৰস্ত হৈছিল।দেশখনৰ এক তৃতীয়াংশ অঞ্চলেই বুৰ গৈছিল পানীৰ তলত । ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ পিছত দেশখনৰ জনতা মূল্যবৃদ্ধি আৰু খাদ্য সংকটত জুৰুলা হৈছিল।সেয়ে জনতাই চৰকাৰক সমৰ্থন নকৰিব বুলি সন্দেহ ব্যক্ত কৰি আৰু ৯০ দিন পিছত নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰিছিল চৰকাৰে। নিৰ্বাচন আয়োগলৈ দুখনকৈ পত্ৰ পঠিওৱাৰ পিছতো আয়োগে নিৰ্বাচন পিছুওৱাৰ সিন্ধান্ত মানি নল’লে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.