শ্ৰেণী ৰাজ্য

পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল…

নন্দিতা শইকীয়াৰ মৃত্যুৰ লগতে আন বিষয়ত কি কি সিদ্ধান্ত হ’ল আজিৰ কেবিনেটত ?

কেবিনেট  বৈঠকৰ আৰম্ভণিতে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ দুৰ্ভাগ্যজনক মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে।  চৰকাৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক ইতিমধ্যে গোচৰটোৰ দ্ৰুত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে , যাতে অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা…

উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?

বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে ৰাজহুৱা সম্পত্তি লীজত দিয়া হ’ব দেশৰ কেইগৰাকীমান পুঁজিপতিক৷যাৰ জড়িয়তে উত্তৰ পূর্বৰ…

গো-সুৰক্ষা বিধেয়ক আৰু গো-পালকৰ আৰ্থ-সামাজিক বিপৰ্যয়

যোৱা ১৯ আগষ্ট তাৰিখে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ধেমাজি জিলাৰ জোনাই মহকুমাৰ গো-পালকৰ প্ৰায় এশজনীয়া এটি সঁজাতি দলে সাক্ষাৎ কৰে। গো-ৰক্ষক নজৰদাৰীৰ উপদ্ৰৱ, প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকা তথা শেহতীয়া গো-সুৰক্ষা আইনৰ কাৰচাজিয়ে অসমৰ গৰু, ম’হ আদি পশুধনৰ…

ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিকেইজন হৈছে মৰিগাঁৱৰ খাইৰুল ইছলাম…

WHOৰ বিজ্ঞানীয়ে বেছি কথা কয়ঃ চন্দ্ৰ মোহন পাটোৱাৰী

বিশ্ব স্বাস্থ্য সংস্থাক তুচ্ছ তাচ্ছিল্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। মন্ত্ৰী গৰাকীৰ মতে ক’ভিডৰ ঔষধ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে WHO। বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীসকলে বেছি কথা কয়। ঔষধ তৈয়াৰ কৰাৰ নামত কোটি কোটি টকাৰ লোকচান কৰি আছে সংস্থাটোৱে। WHOই ক’ভিডৰ নামত…

বিজেপিৰ বাবে হাগ্ৰামা মহিলাৰী কিয় অপৰিহাৰ্য হৈ পৰিছে ?

বিজেপি আৰু বিপি এফৰ মাজত আৰম্ভ হৈছে নতুন সমীকৰণ ৷ পৰিষদীয় নিৰ্বাচনৰ পৰা শেহতীয়া বিধানসভা নিৰ্বাচনলৈ অব্যাহত থকা ৰাজনৈতিক শত্ৰুতাৰ অৱসান ঘটাই পুণৰ হাগ্ৰামা মহিলাৰীক আকোৱালি ল’বলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ ওচৰ চপাটো বিপিএফৰ বাবে যিমান…

ছইবৰৰ পত্নী , এ আই ইউ ডি এফ প্ৰাৰ্থী মিনাক্ষী ৰহমানে কিমান সম্পত্তিৰ তথ্য লুকুৱালে ?

ছইবৰ ৰহমানৰ ১০৬ কোটি টকাৰ সম্পত্তি৷তাৰে ১০০ কোটি টকাৰেই মাটি৷কিন্তু পত্নী মিনাক্ষী ৰহমানৰ কিমান আছে সম্পত্তি?মিনাক্ষী ৰহমানে নির্বাচন আয়োগৰ ওচৰত লুকুৱাইছিল নেকি সম্পত্তিৰ তথ্য? মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ধুবুৰী জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানক৷ধুবুৰী…

আৰু কিমান নন্দিতাই প্ৰাণ দিব লাগিব ?

নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই৷ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰিলে৷কেৱল ধেমাজিতেই নহয়,এই ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে৷ সমান্তৰালভাবে নন্দিতা শইকীয়া আক্ৰমণৰ সন্মুখীন হ’ব লগা ঘটনাৰ কাৰণ সন্দর্ভতো চলিছে চর্চা৷বহুতেই ইয়াক…

১০০ কৌটিৰ সম্পত্তি গঢ়া ছইবৰক বচাবলৈ তৎপৰ কোন বিধায়ক ?

নামে – বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল এ চি এছ বিষয়া ছইবৰ ৰহমান ৷ ধুবুৰীৰ প্ৰাক্তণ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে চাকৰি কালত তেওৰ নিজৰ , দুগৰাকী পত্নীৰ নামত ক্ৰয় কৰিছিল ১০০ কৌটিতকৈও অধিক মূল্যৰ ভূ- সম্পত্তি ৷ মুঠ ৮৯…