আৰু কিমান নন্দিতাই প্ৰাণ দিব লাগিব ?

Share This Article

নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই৷ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰিলে৷কেৱল ধেমাজিতেই নহয়,এই ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে৷ সমান্তৰালভাবে নন্দিতা শইকীয়া আক্ৰমণৰ সন্মুখীন হ’ব লগা ঘটনাৰ কাৰণ সন্দর্ভতো চলিছে চর্চা৷বহুতেই ইয়াক প্ৰেমজনিত কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে৷আক্ৰমণৰ কাৰণ যিয়েই নহওক কিয়-এয়া অপৰাধ,হত্যাৰ অপৰাধ৷নাৰীৰ বিৰুদ্ধে অপৰাধৰ ৰম্যভূমি এই ৰাজ্যত এই ঘটনাও নাৰীৰ বিৰুদ্ধে অপৰাধৰে এটা উদাহৰণ৷

নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্য অনুসৰি,২০১৯ চনত অসমৰ ২৭ গৰাকী মহিলা ধর্ষণ আৰু হত্যাৰ বলি হৈছিল৷যৌতুকজনিত কাৰণত বছৰটোত হত্যাৰ বলি হৈছিল ১৬৪ গৰাকী মহিলা৷আনহাতে বছৰটোত প্ৰৰোচনামূলক আত্মহত্যাৰ বলি হ’ল ৫৩ গৰাকী মহিলা৷নাৰীৰ বিৰুদ্ধে অপৰাধৰ ৰম্যভূমি অসমত সেইবাবেই নন্দিতা শইকীয়া কেৱল মাথো এটা উদাহৰণহে৷

দেশৰ ভিতৰত সর্বাধিক নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয় অসমত৷২০১৯ চনত অসমত  নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ ১৭৭.৮ ৷দিত্বীয় স্থানৰ দিল্লীত অপৰাধৰ হাৰ ১৪৪৷

২০১৭ চনত অসমত নাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল ২৩০৮২ টা অপৰাধ৷২০১৮ চনত সংঘটিত হল ২৭৬৮৭ টা অপৰাধ আৰু ২০১৯ চনত সংঘটিত হল ৩০০২৫ টা অপৰাধ ৷

সেইবাবেই এতিয়া প্ৰশ্ন উঠিছে – বছৰি আৰু কিমান নন্দিতাই প্ৰাণ দিব লাগিব এইখন অসমত ?

নাৰীৰ বিৰুদ্ধে চলি অহা এই জিঘাংসাৰ অন্ত পৰিবনে ?

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.