১০০ কৌটিৰ সম্পত্তি গঢ়া ছইবৰক বচাবলৈ তৎপৰ কোন বিধায়ক ?

Share This Article

নামে – বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল এ চি এছ বিষয়া ছইবৰ ৰহমান ৷ ধুবুৰীৰ প্ৰাক্তণ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে চাকৰি কালত তেওৰ নিজৰ , দুগৰাকী পত্নীৰ নামত ক্ৰয় কৰিছিল ১০০ কৌটিতকৈও অধিক মূল্যৰ ভূ- সম্পত্তি ৷ মুঠ ৮৯ টা স্থানত থকা এই ভূ-সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত ছইবৰ ৰহমানে ব্যয় কৰা ধনৰ কোনো উৎস নাই ৷ স্বাভাৱিকতে এই ধন আহিছিল দুৰ্নীতিৰ বক্ৰ পথেৰে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে মঙলবাৰে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ বৰপেটাৰ কয়াকুছিৰ পৰা অহা বিষয়াগৰাকীৰ সম্পত্তি দেখি এতিয়া তদন্তকাৰী আৰক্ষীৰ চকু কপালত উঠিছে ৷ প্ৰশ্ন উঠিছে – কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ নোহোৱাকৈ ইমান বিশাল সম্পত্তি এজন সাধাৰণ এ চি এছ বিষয়াই গঢ়িব পাৰেনে ?

এই প্ৰশ্নৰ উত্তৰ বিচাৰোতেই কেচুঁ খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হৈছে ৷ বৰপেটা আৰু ধুবুৰীৰ পৰা পোৱা খবৰ অনুসৰি , ধৃত এ চি এছ বিষয়া ছইবৰ ৰহমানৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ ভিতৰচ’ৰাত ব্যাপক প্ৰভাৱ আছিল ৷ পশ্চিম অসমৰ এগৰাকী বিধায়কৰ জড়িয়তেই তেও দলটোৰ ভিতৰৰ মানুহ হৈ পৰাৰ উপৰি এগৰাকী অন্যতম পৃষ্ঠপোষকো আছিল ৷  অসমৰ  সীমামূৰীয়া সমষ্টিটোৰ বিধয়কগৰাকীৰ হাতত ধৰিয়েই তেও ইমান প্ৰভাৱশালী হৈ উঠিছিল ৷ যাৰ বাবে ছইবৰ ৰহমানৰ পত্নী মিণাক্ষী ৰহমানক সৰুক্ষেত্ৰীত টিকট দিবলৈ বাধ্য হৈছিল এ আই ইউ ডি এফ দল ৷ অথচ এই সমষ্টিটোৰ বিধায়ক আছিল কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰ ৷ কংগ্ৰেছৰ সৈতে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা সম্পন্ন হোৱাৰ পাছতো সৰুক্ষেত্ৰীত কংগ্ৰেছ বিধায়কগৰাকীক বিপদত পেলাব পৰাকৈ মিণাক্ষী ৰহমানক প্ৰাৰ্থিত্ব দিছিল এ আই ইউ ডি এফ দলে ৷ ইয়াৰ মূলতে আছিল ছইবৰ ৰহমানৰ দলটোত থকা প্ৰবল প্ৰভাৱ ৷ ছইবৰ ৰহমানৰ ধনবলৰ বাবেই এ আই ই্উ ডি এফৰ সন্মুখত নিৰ্বাচনী মিত্ৰতাও গৌণ হৈ পৰিছিল বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে ৷

বুধবাৰে ৰাজনীতি – প্ৰশাসনৰ ভিতৰচ’ৰাত আটাইতকৈ বেছি চৰ্চিত খবৰটো হ’ল – মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ছইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওক বচাবলৈ এতিয়া কেবাগৰাকীও বিধায়ক তৎপৰ হৈ উঠিছে ৷এই বিধায়কসকল কোন দলৰ , সেয়া উল্লেখ কৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.