সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১০০ কৌটিৰ সম্পত্তি গঢ়া ছইবৰক বচাবলৈ তৎপৰ কোন বিধায়ক ?

নামে – বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল এ চি এছ বিষয়া ছইবৰ ৰহমান ৷ ধুবুৰীৰ প্ৰাক্তণ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে চাকৰি কালত তেওৰ নিজৰ , দুগৰাকী পত্নীৰ নামত ক্ৰয় কৰিছিল ১০০ কৌটিতকৈও অধিক মূল্যৰ ভূ- সম্পত্তি ৷ মুঠ ৮৯ টা স্থানত থকা এই ভূ-সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত ছইবৰ ৰহমানে ব্যয় কৰা ধনৰ কোনো উৎস নাই ৷ স্বাভাৱিকতে এই ধন আহিছিল দুৰ্নীতিৰ বক্ৰ পথেৰে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে মঙলবাৰে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ বৰপেটাৰ কয়াকুছিৰ পৰা অহা বিষয়াগৰাকীৰ সম্পত্তি দেখি এতিয়া তদন্তকাৰী আৰক্ষীৰ চকু কপালত উঠিছে ৷ প্ৰশ্ন উঠিছে – কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ নোহোৱাকৈ ইমান বিশাল সম্পত্তি এজন সাধাৰণ এ চি এছ বিষয়াই গঢ়িব পাৰেনে ?

এই প্ৰশ্নৰ উত্তৰ বিচাৰোতেই কেচুঁ খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হৈছে ৷ বৰপেটা আৰু ধুবুৰীৰ পৰা পোৱা খবৰ অনুসৰি , ধৃত এ চি এছ বিষয়া ছইবৰ ৰহমানৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ ভিতৰচ’ৰাত ব্যাপক প্ৰভাৱ আছিল ৷ পশ্চিম অসমৰ এগৰাকী বিধায়কৰ জড়িয়তেই তেও দলটোৰ ভিতৰৰ মানুহ হৈ পৰাৰ উপৰি এগৰাকী অন্যতম পৃষ্ঠপোষকো আছিল ৷  অসমৰ  সীমামূৰীয়া সমষ্টিটোৰ বিধয়কগৰাকীৰ হাতত ধৰিয়েই তেও ইমান প্ৰভাৱশালী হৈ উঠিছিল ৷ যাৰ বাবে ছইবৰ ৰহমানৰ পত্নী মিণাক্ষী ৰহমানক সৰুক্ষেত্ৰীত টিকট দিবলৈ বাধ্য হৈছিল এ আই ইউ ডি এফ দল ৷ অথচ এই সমষ্টিটোৰ বিধায়ক আছিল কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰ ৷ কংগ্ৰেছৰ সৈতে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা সম্পন্ন হোৱাৰ পাছতো সৰুক্ষেত্ৰীত কংগ্ৰেছ বিধায়কগৰাকীক বিপদত পেলাব পৰাকৈ মিণাক্ষী ৰহমানক প্ৰাৰ্থিত্ব দিছিল এ আই ইউ ডি এফ দলে ৷ ইয়াৰ মূলতে আছিল ছইবৰ ৰহমানৰ দলটোত থকা প্ৰবল প্ৰভাৱ ৷ ছইবৰ ৰহমানৰ ধনবলৰ বাবেই এ আই ই্উ ডি এফৰ সন্মুখত নিৰ্বাচনী মিত্ৰতাও গৌণ হৈ পৰিছিল বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে ৷

- Donation -

বুধবাৰে ৰাজনীতি – প্ৰশাসনৰ ভিতৰচ’ৰাত আটাইতকৈ বেছি চৰ্চিত খবৰটো হ’ল – মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ছইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওক বচাবলৈ এতিয়া কেবাগৰাকীও বিধায়ক তৎপৰ হৈ উঠিছে ৷এই বিধায়কসকল কোন দলৰ , সেয়া উল্লেখ কৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷

 

Leave A Reply

Your email address will not be published.