ছইবৰৰ পত্নী , এ আই ইউ ডি এফ প্ৰাৰ্থী মিনাক্ষী ৰহমানে কিমান সম্পত্তিৰ তথ্য লুকুৱালে ?

ছইবৰ ৰহমানৰ ১০৬ কোটি টকাৰ সম্পত্তি৷তাৰে ১০০ কোটি টকাৰেই মাটি৷কিন্তু পত্নী মিনাক্ষী ৰহমানৰ কিমান আছে সম্পত্তি?মিনাক্ষী ৰহমানে নির্বাচন আয়োগৰ ওচৰত লুকুৱাইছিল নেকি সম্পত্তিৰ তথ্য?

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ধুবুৰী জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানক৷ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হৈ থকাৰ সময়ত নামে-বেনামে সম্পত্তি গঢ়ি তোলাৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰম্ভ কৰিছিল তদন্ত৷অভিযানত ছইবৰ ৰহমানে সর্বমুঠ ৮৯ টা স্থানত ভূ সম্পত্তি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে৷যাৰ বজাৰ মূল্য প্ৰায় ১০০ কোটি টকা৷আনহাতে ৬ কোটিতকৈ অধিক টকাৰ অস্থায়ৰ সম্পত্তিৰ তথ্যও লাভ কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ছইবাৰ ৰহমানৰ বিশাল সম্পত্তি,কিন্তু কিমান সম্পত্তি আছে পত্নী মিনাক্ষী ৰহমানৰ?

বিগত বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰ পৰা সৰুক্ষেত্ৰী সমষ্টিত প্ৰার্থীত্ব আগবঢ়াইছিল ছইবৰ ৰহমানৰ পত্নী মিনাক্ষী ৰহমানে৷মনোনয়ন পত্ৰ দাখিলৰ সময়ত নির্বাচন আয়োগৰ ওচৰত মিনাক্ষী ৰহমানে শপতনামাযোগে প্ৰদান কৰিছিল সম্পত্তিৰ তথ্য৷সেই তথ্য অনুসৰি পতিৰ সৈতে মিনাক্ষী ৰহমানৰ পৰিয়ালৰ সর্বমুঠ অস্থাবৰ সম্পত্তিৰ পৰিমাণ আছিল ১,৮৬,৩১,৬৪২ টকা৷

আনহাতে, স্থাবৰ সম্পত্তিৰ তালিকাত কেইবাটাও স্থানৰ ভূ সম্পত্তি আৰু অট্টালিকা সহিতে সম্পত্তিৰ মূল্য দেখুওৱা হৈছিল ৬,৬৫,৩১,০০০ কোটি টকা৷অর্থাৎ মিনাক্ষী ৰহমানে নির্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্যত পতি সহিতে তেওৰ সর্বমুঠ সম্পত্তিৰ পৰিমাণ ৮,৫১,৬২,৬৪২ টকা বুলি উল্লেখ কৰিছিল৷

কিন্তু মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অনুসন্ধানত মিনাক্ষী ৰহমানৰ স্বামী ছইবৰ ৰহমানৰ ১০৬ কোটি টকাতকৈ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে৷নির্বাচন আয়োগৰ ওচৰত ভুল তথ্য দাঙি ধৰাৰ অপৰাধত এতিয়া মিনাক্ষী ৰহমানো শাস্তিৰ যোগ্য নহয়নে?

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296