গো-সুৰক্ষা বিধেয়ক আৰু গো-পালকৰ আৰ্থ-সামাজিক বিপৰ্যয়

Share This Article

যোৱা ১৯ আগষ্ট তাৰিখে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ধেমাজি জিলাৰ জোনাই মহকুমাৰ গো-পালকৰ প্ৰায় এশজনীয়া এটি সঁজাতি দলে সাক্ষাৎ কৰে। গো-ৰক্ষক নজৰদাৰীৰ উপদ্ৰৱ, প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকা তথা শেহতীয়া গো-সুৰক্ষা আইনৰ কাৰচাজিয়ে অসমৰ গৰু, ম’হ আদি পশুধনৰ ব্যৱসায়ীলৈ কঢ়িয়াই অনা আৰ্থিক আৰু নিৰাপত্তাজনিত বিপৰ্যয়ৰ ছবি এখন তেওঁলোকে গগৈৰ সমুখত দাঙি ধৰে। সঁজাতি দলটোৰ সৈতে বাৰ্তালাপৰ এটি লাইভ ভিডিঅ’ অখিল গগৈৰ ফেইচবুক পেইজত আমি লাইভ কৰিছোঁ। এই সঁজাতি দলটোৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ থলুৱা, অসমীয়া সমাজখনৰ নানান ভাষিক, নৃগোষ্ঠীয়, জনগোষ্ঠীয় পৰিচয়ৰ প্ৰতিনিধিত্ব কৰিছে। মিচিং, বড়ো, নেপালী, ভাষিক অসমীয়া আদি নানানজনৰ কথা-বাৰ্তাৰ পৰা আমি পশুপালন, নৈৰ চৰ-চাপৰি আৰু গ্ৰাম্য অৰ্থনীতিৰ নিবিড় সম্পৰ্কৰ বিষয়ে উমান পাওঁ। বৃটিছ ঔপনিৱেশিকতাবাদৰ সময়ৰে পৰা এনে এক অৱধাৰণা গঢ়ি তোলা হয় যে অসমৰ চৰ-চাপৰিৰ মাটিবোৰ হৈছে চন পৰা মাটি। তাৰ ভিত্তিতেই পুঁজিবাদী ‘প্ৰগতি’ৰ স্বাৰ্থত ঔপনিৱেশিক সময়ত চলোৱা হৈছিল প্ৰব্ৰজন; চৰকাৰী ভূমি অধিগ্ৰহণ বা উদ্যোগ নিৰ্মাণেৰে বিকাশৰ ফেন্টাছীৰ সৈতেও ওত:প্ৰোত:ভাৱে জড়িত হৈ আছে এই চন পৰি থকা অদৰকাৰী মাটিৰ ধাৰণা।  কিন্তু, দৰাচলতে পাম কৰি খেতি কৰাৰ পৰা গৰু-ম’হৰ খুঁটি, চৰণীয়া পথাৰ আদি নানান ধৰণে ব্যৱহৃত হৈ আহিছে এই অঞ্চলবোৰ। চন পৰা মাটিৰ অৱধাৰণাই যিদৰে এই আৰ্থ-সামাজিক কাজ-কৰ্মক আওকাণ কৰে, তাৰেই ইতিহাস কঢ়িয়াই বৰ্তমানৰ হিন্দুত্ববাদী শাসকে অসমৰ থলুৱা সমাজখনক পেটে-ভাতে মৰাৰ আয়োজন চলাইছে। হিন্দুত্ববাদী মহলে সৃষ্টি কৰিব খোজা ধৰ্মীয় বিদ্বেষমূলক বাতাৱৰণৰ বাবেই পণবন্দী কৰা হৈছে গাওঁ-ভুই, চৰ-চাপৰিত বৰ্তি থকা  অসমৰ জনসাধাৰণৰ জীৱন-জীৱিকাৰ ব্যৱস্থা এটাক। অসমৰ বিপুল সংখ্যক গো-পালক আৰু ব্যৱসায়ীক নিজস্ব সংস্থাপনৰ পৰা উচ্ছেদিত কৰি জীৱিকাৰ সন্ধানত বিপৰ্যস্ত কৰাৰ যোজা চলাইছে চৰকাৰী পক্ষক। তদুপৰি গো-সুৰক্ষাৰ নামত বিশেষ এক বণিয়া শ্ৰেণীৰ একাধিপত্য আৰোপ কৰাৰ প্ৰক্ৰিয়া চলিছে নেকি পশুধনৰ ব্যৱসায়ত –গো-ৰক্ষকবাহিনীৰ কুচ-কাৱাজ আৰু প্ৰশাসনিক ভূমিকালৈ লক্ষ্য কৰিলে এই প্ৰশ্নও আহি পৰে। ৰামদিয়াৰ দৈ, সৰভোগৰ গাখীৰ আদিৰ খ্যাতিৰ প্ৰসংগ সততেই চহৰীয়া মধ্যবিত্তৰ ৰাতিপুৱাৰ জলপানৰ টেবুলৰ পৰা থলুৱাৰ অৰ্থনীতিৰ আলোচনালৈকে উত্থাপিত হয়। কিন্তু, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্যাপ্ত দুগ্ধজাত সামগ্ৰীৰ অৰ্থনীতি, গৰু-ম’হ কিনা-বেচাৰ বজাৰ, গ্ৰাম্য তথা কৃষি অৰ্থনীতিৰ কাঠামো তথা এইবোৰৰ আন্ত:সম্পৰ্ককেই বৰ্তমান নষ্ট কৰাৰ উপক্ৰম কৰা হৈছে। অসমৰ সচেতন বৌদ্ধিক, ৰাজনৈতিক মহলে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে গো-পালক, পশুধন ব্যৱসায়ী, কৃষক সমাজৰ কাষত থিয় দিয়াটো সময়ৰ দাবী। ‘কেপিটেল ৰিডিং চাৰ্কল, অসম’ৰ তৰফৰ পৰা আমি বিশ্বাস কৰোঁ যে গো-ৰক্ষণাবেক্ষণৰ নামত চলোৱা আতিশয্য, শেহতীয়া আইনী কাণ্ড-কাৰখানাৰ ফলত জীৱিকা, ব্যৱসায়লৈ নামি অহা সংকটৰ বিষয়ে জনসাধাৰণে স্থানীয় পৰ্যায়ৰ খবৰ-বাতৰি ব্যাপকভাৱে প্ৰচাৰ কৰা প্ৰয়োজন। এই সম্পৰ্কীয় খবৰ, তথ্য-পাতি, ভিডিঅ’ বাৰ্তা আদি ‘কেপিটেল ৰিডিং চাৰ্কল’ৰ ফেইচবুক পেইজ  (https://www.facebook.com/Capital-Reading-CircleAssam-104799691613884) লৈ আপোনালোকে প্ৰেৰণ কৰিব পাৰে।

গো-পালক আৰু অখিল গগৈৰ বাৰ্তালপৰ লিখিত ৰূপ

 

গো পালক — কোৰবাণী যোৱাৰ পিছতহে গৰু ঘূৰাই দিছে। ফ’ৰ্মেলি, নীতি-নিয়মত কোৰবাণী যোৱাৰ পিছত গৰু  বিক্ৰী কৰিব দিছে। এনেকুৱা অৱস্থা হৈছে।

গো পালক – এটা দুটা নহয়, সব গৰুৱেই লৈ গ’ল গাঁৱৰ পৰা। পুলিছে উঠাই লৈ গৈছে।

অখিল গগৈ — অ’ উঠাই লৈ গ’ল ন ?

গো পালক — লখিমপুৰত তেনেকুৱা বহুত গৰু লৈ গ’ল।

গো পালক — কবিতা জৈন বুলি এজনী ছোৱালী পঠাইছে, মাৰোৱাৰী ছোৱালী। সেইজনীয়ে বজাৰত, বজাৰত গৈ গৰু কিনা-বেচা কৰিব দিয়া নাই।

অখিল গগৈ– কোন? কোন?

গো পালক — কবিতা জৈন বুলি,

অখিল গগৈ — কোন হয় তেওঁ?

গো পালক — কবিতাজৈন, সবিতাজৈন, আপোনাৰ সেই গো-সুৰক্ষা মঞ্চ, আৰএছএছৰ, জ্ঞান ফাউণ্ডেচনৰ ।

অখিল গগৈ — কি ফাউণ্ডেচন?

গো পালক –জ্ঞান ফাউণ্ডেচন।

অখিল গগৈ — সবিতা জৈন নে কবিতা জৈন?

গো পালক — জ্ঞান ফাউণ্ডেচন, মানে সবিতা জৈন আৰু কবিতা জৈন। দুজনী।

গো পালক — এই দুয়োজনীয়ে, অসমৰ কিছুমান আমাৰ থলুৱা ল’ৰা লগত লৈ, মানে, (আৰএছএছৰ ল’ৰাবোৰ) মানে ধৰক, গাঁৱলীয়া মানুহে গৰুখিনি বিকিলে, কোনোবা বেপাৰীক বাকীকে বিকিলে, সি উঠাই পেলাই ধৰক, নগাঁৱত দিবলৈ নিছে বা ক’ৰবাত দিবলৈ নিছে, ৰাস্তাত এই গাড়ীখনে আগচি ধৰি কি কৰে, এই মানে অপোনাৰ গো-শালাত ভৰাই দিয়ে। গো-শালাত ভৰাই দি সিহঁতে বিলটো ইমান বেছি দেখাই দিয়ে (৩ লাখ, ৪ লাখ), ধৰক এই মানুহজনৰ ( কাষৰ মানুহজনক দেখুৱাই) গৰু উলিওৱা, উকীল ধৰি পেলাই নীতি-নিয়ম কৰি থকা সময়তে, সিহঁতে এনেকুৱাকে আকৌ কেছ আৰম্ভ কৰি দিয়ে নহয়, সিহঁতে ওপৰতে আকৌ কেছ দি দিয়ে। কেছ দি কৈ দিয়ে যে, গৰুখিনি অলপ আঘাত প্ৰাপ্ত, এই গৰুখিনি দিব নোৱাৰি। দিব নোৱাৰি বুলি সিহঁতে আৰু দীঘল কৰি দিয়ে, দীঘল কৰি দিয়াৰ লগে লগে, যিজন ব্যৱসায়ীয়ে গৰু বাকীকে লৈ আনিছিল, আমাৰ থলুৱা, গাঁৱলীয়া সমাজৰ পৰা গৰুখিনি আনিছিলে- সেই গৰুখিনি কি হয়, বিলটো ইমান বেছি দেখুৱাই দিয়ে যে লাষ্টত গৈ সেই গৰুখিনি এৰি দিব লগীয়া হয়। এনেকৈ আমাৰ গোটেই গাঁৱলীয়া মানুহবোৰ মানে আৰ্থিকভাৱে ভাঙি পৰিছে।

অখিল গগৈ – ( সমুখত বহি কান্ধত বেগ লৈ থকাজনলৈ ইংগিত কৰি ) আপুনি কওকচোন।

গো পালক– মই মানে আমাৰ গো-পালকৰ যিটো আমাৰ অসুবিধা হৈছে, যিটো মানে এই আইনখন গৃহীত হোৱাৰ লগে লগেই, আমাৰ যি বিলাক গৰু-গোৱাল সেইবিলাক মানে আমাৰ খুঁটিৰ পৰা আঁতৰিব বিচাৰিছে।

অখিল গগৈ — মানে গোৱাল বিলাকে নিজে ভয় খাইছে?

গো পালক — সেইটোৱে—দৰমহা বিলাক দিব নোৱাৰিব।

অখিল গগৈ – প্ৰথম এফেক্ট, মানে যি বিলাক গৰখীয়া, গৰখীয়া বিলাকে লাহে লাহে খুঁটিৰ পৰা আঁতৰি গৈছে, যে এতিয়া এইবিলাক কৰিলেতো আমি পইছা নাপাম ! নহয়জানো ?

গো পালক — যিটো আমাৰ পুঁজিবিলাক, যিটো পশুধনৰ পৰা আহিছিল, সেইবিলাক নোহোৱাৰ কাৰণে আমাৰ মানে খুঁটিৱালা সকলৰ যদি বেমাৰ-আজাৰ হয়, বেমাৰ-আজাৰখিনি চাবলগীয়া হৈছে। এতিয়া, as for example, আমাৰ ওচৰতেই এজন ব্যক্তিয়ে খেতি কৰিছিল, খেতিখিনি বেছি দিবলগীয়া হৈছে।

অখিল গগৈ — আপুনি মোক এটা কথা বুজাই দিয়কচোন যে, কেতিয়াৰ পৰা সিহঁতে মোটামুটি গৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত আপোনালোকক বাধা দিছে?

গো পালকসকল — ( তিনিমাহ মানৰ বেছি হ’ল ন ? )

অখিল গগৈ — আন্দাজ-মাহটো?

গো পালকসকল — চাৰিমাহ মান হৈ গ’ল।

অখিল গগৈ — ফেব্ৰুৱাৰী, মাৰ্চ?

গো পালক — মাৰ্চ মাহৰ পৰাই বিক্ৰী বাধা আৰম্ভ কৰি দিছে।

গো পালক — মাৰ্চ মাহৰ তেৰ তাৰিখৰ পৰা ইহঁতে বিক্ৰী পুৰা বন্ধ কৰি দিছে।

অখিল গগৈ — তেৰ মাৰ্চৰ পৰা ? তেৰ মাৰ্চৰ পৰা বন্ধ কৰি কি কি কৈছে সিহঁতে?

গো পালক — ফাৰ্ষ্টতটো সিহঁতে কৈছে মানে লক্‌ডাউনৰ কিবা দেখাইছে। লক্‌ডাউনৰ কাৰণে বজাৰ বন্ধ বুলি, এই লক্‌ডাউনৰ ভিতৰতে কিবা এই গো-আইন পাছ কৰালে, তেতিয়াৰ পৰা পুলিচে মানে-দুই-চাৰিটা গৰু যদি একজন মানুহে বান্ধিবলৈয়ো লয় নহয়, ডাউট কৰি কয় মানে, তহঁত গৰু বেপাৰী নেকি ? এইটো বেপাৰ কৰিছ নেকি? এইটো এনেকে ধৰে মানে।

অখিল গগৈ — তাৰপিছত এক নম্বৰ সেইটো আৰম্ভ কৰিলে, দুই নম্বৰ ?—সেইটো আৰম্ভ কৰাৰ লগে লগে আপোনালোকৰ আগতে ধৰক মাহেকত কেইটামান গৰু বিক্ৰী কৰে ? বা কেনেকুৱা ধৰণৰ অৰ্থনীতি চলি থাকে ? আৰু তাৰ ফলত কি ক্ষতি হ’ল ?

সেইটো মাহেকত বুলি ক’বলৈ মানে ?

—————————————

অখিল গগৈ — এটা বস্তু মোক বুজাই দিয়ক যে, অৰ্থনৈতিকভাৱে কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে, মই যেতিয়া ক’ব লাগিব ন, ক’বলৈ হ’লে মই এইটো বুজি উঠিব লাগিব যে আগতে মানুহবিলাকে এনেকে গৰু মাহেকত পাঁচটা-দহটা, এটা-দুটা কেতিয়াবা বিক্ৰী কৰিছিলে, ঘৰখন চলিছিলে, এতিয়া এটাও বিক্ৰী কৰিব নোৱাৰা হ’ল। সেইটো মই বুজাবৰ কাৰণে কি কি ক’ব লাগিব ? বস্তুটো, কেনেকৈ ক্ষতিগ্ৰস্ত হ’ল ?

গো পালক — আমাৰ আজিৰ যিটো গো-পালক আগৰ নিচিনাকে গো-পালক হৈ থকা নাই, আজিকালি গৰু মাত্ৰ ঘৰত এহাল বা দুহাল বিক্ৰী হয়, পোহে গৰু, এই দুহাল গৰু পোহাৰ পিছত এনেকে চিষ্টেমটো কৰে যে গৰুটো ওখ হোৱাৰ পিছত বা ডাঙৰ হোৱাৰ পিছত, যিহেতু আজিকালি গৰুৰ দামটো বহুত বেছি, যদি আপুনি মাজুলীৰ চাইডত যাব, মাজুলীৰ গৰু এক লাখ, ডেৰ লাখ গৰু হয়, আঢ়ৈ লাখলৈ গৰু বিক্ৰী হয়, কিন্তু, (৫:২৬ মিনিটৰপৰা ৫:৩৮ মিনিটলৈ কথাখিনি স্পষ্ট নহয়)

অখিল গগৈ — নহয় মানে, কোনোৱে পোৱালী কিনি ল’লে সি ডাঙৰ কৰিলে আৰু বিক্ৰী কৰি, বেছি দিলে ?

গো পালক — প্ৰায়ভাগতে এই চিষ্টেমটোৱেই চলি আছে।

অখিল গগৈ — ক’ৰ পৰা কিনে এইটো ?

গো পালক — এইটো আমাৰ বজাৰ বিলাকৰ পৰা কিনে।

গো পালক — শদিয়াৰ পৰা প্ৰায় ভাগ।

গো পালক — খুটিৱালাই দিয়ে।

অখিল গগৈ — মানে ধেমাজীৰ মানুহে শদিয়াৰ পৰা পোৱালীকেইটা কিনি আনেগৈ, দামুৰি কিনি আনে, কিনি ল’লে, সেইটো আকৌ ডাঙৰ কৰি অলপ বেছি দামত বিক্ৰী কৰি দিলে। ৪০ হাজাৰত কিনিলে আৰু ৮০ হাজাৰত বিক্ৰী কৰি দিলে।

গো পালক — আমাৰ জোনাই সমষ্টিত প্ৰায়ভাগ মানুহ গৰুৰ ওপৰত, অকল গৰুৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে।

অখিল গগৈ — মানে কিমান মানুহ ?

গো পালক — আপুনি প্ৰতিটো পৰিয়ালতে পাব, কোনো এটা ঘৰ নাই।

অখিল গগৈ — সবৰে ঘৰতে?

গো পালক — সবৰে ঘৰতে।

অখিল গগৈ — তাৰ মানে যদি খেতি কৰিবলৈ গৰু ৰখাও নাই, গৰু ডাঙৰ কৰি বিক্ৰী কৰিবলৈ ৰাখিছে। সেইটোৱেই নহয় জানো ?

গো পালক — আমাৰ তাত এনেকুৱা হৈছে যে,আমাৰ যিকেইটা নিবনুৱা ল’ৰা আছে আজি তাত এনেকা গৰুৰ কাৰবাৰত জড়িত আছে, সৰু পোৱালী এহাল কিনিলে, তাৰপৰা কেইটামান খৰচ কৰিলে, ৰাখিলে, কিন্তু তাৰপিছত যেতিয়াই গৰু ডাঙৰ হ’ব, সেইবোৰ এক লাখ, ডেৰ লাখত বিক্ৰী কৰিম কাৰণ মোৰ কিবা এটা ইন্‌কাম হ’ব। এনেকা আমাৰ তাৰ পৰা চেন্নাই যোৱা মানুহ গৰুৰ ওপৰত নিৰ্ভৰ কৰি আছে।

গো পালক — এতিয়া ১২০ টা মান গ’লেই চেন্নাই-এই কেৰেলা।

অখিল গগৈ — মানে গৰু বিক্ৰি বন্ধ কৰাৰ পিছত চেন্নাইলৈ যোৱা বাঢ়ি গ’ল ?

গো পালক — এইটো ছাৰ আচলতে সৰু সৰু কিছুমান বেপাৰী, আমাৰ গাঁৱৰ বেপাৰী বিলাকে, গাঁৱৰ পৰাই ধৰক, চৰ-চাপৰি ক’ৰবাত য’ত গৰু পোহে তাৰ পৰা গৰুখিনি কিনি আনে, কিনি আনি তেওঁলোকে আকৌ সেই দূৰৰ দূৰৰ বেপাৰী বিলাক আমাৰ গাঁৱলৈ আহে, সিহঁতক বিক্ৰী কৰি দিয়ে, গাঁৱৰ পৰা কিন্তু বাকীকে আনে, নি পেলাই আকৌ সিহঁতে এই গৰুখিনি বিক্ৰী কৰি দুই পইচা মাজত পায়, সিহঁতেও চলে, সেই যি গৰু পুহিছে তেওঁলোকেও চলে আৰু তেওঁলোকেও নি পেলাই কিবা এটা পায়।সেইটো ধুনীয়াকে চিষ্টেমটো চলি আছিলে, যেতিয়াই এই গো-আইনটো কট্‌কটীয়া কৰি দিলে–আমাৰ গাঁৱৰ গোটেই ডেকা ল’ৰাবোৰ–নতুন নতুন বিয়া পতা, সব গুচি গ’ল-আপোনাৰ কেৰেলা এই একেবাৰে গোটেই গুচি গ’ল।

অখিল গগৈ — হয় নেকি? একেবাৰে হয়নে?

গো পালক — হয় হয়, এক্কেবাৰে হাণ্ড্ৰেদ পাৰ্চেণ্ট।

অখিল গগৈ — নেক্সট আপুনি কওঁকচোন।

গো পালক — এই আইনটো গ্ৰহণ হোৱাৰ পিছত আমাৰ চৰ অঞ্চলত বেদখলৰ দপ্‌দপ্‌নি বৃদ্ধি পাইছে, একেবাৰে নি:শেষ অৱস্থালৈ আহিছে।

অখিল গগৈ — হয় নেকি?

গো পালক — যিটো চৰকাৰে মাটি দিছে, চৰ অঞ্চলত গৰু-খুঁটি থাকিবলৈ, সেইখিনি এতিয়া গো-আইন বনোৱাৰ লগে লগে দখল কৰিবলৈ গৈছে। গৰু আৰু এতিয়া চৰাবলৈ জেগা নাই, খুঁটি ৰাখি লাভ নাই।

অখিল গগৈ — মানে এতিয়া তাত সেইবিলাকত কি কৰিব খুজিছে ?

গো পালক — ৰাইজে ঘৰ বনাইছে, খেতি-পথাৰ কৰিছে–গৰু চৰোৱা জেগা বিলাক।

অখিল গগৈ — মানে চৰণীয়া পথাৰ বিলাক মানুহে দখল কৰা আৰম্ভ কৰি দিছে, তেনেকুৱা চৰ কি কি আছে?

গো পালক — বহুত ধৰণৰ চৰ আছে।

অখিল গগৈ – কি কি ?

গো পালক – বহুত ডাঙৰ ডাঙৰ চাপৰি আছে।

গো পালক — মেচাগি চাপৰি, মুনমুনি, ঘগু চাপৰি, ভেৰা-চাপৰি, বগৰি খুঁটি।

গো পালক — বিশেষকে ছাৰ আমাৰ ফালে এনেকা হৈছে, যিটো নেকি আমাৰ সমষ্টি, তাৰ এমএলএ -কি হৈছে, কি হোৱা নাই, এক্কো খবৰ নাৰাখে। একো পাত্তাই নিদিয়ে।

গো পালক — তেখেতে চাৰিমাহ আগত , চাৰিমাহ আগত তেখেতে কৈছিল, এদিন এনেকুৱা আলোচনা এটা হৈছিলে এই গৰু বিষয়ত ( এতিয়াও আমি ভাবোঁ নিউজ এটা পাম এই বিষয়ত )। তেতিয়া আমাৰ এমএলএ ভূৱন ছাৰে কৈছিল, মোৰ সমষ্টিটো হ’ল চৰ-চাপৰি সমষ্টি, ইয়াত গৰু পোহা মানুহ বেছি আছে, গৰু পোহে, তহঁতে পুলিচ বিলাকে কেলেই ডিষ্টাৰ্ব কৰিব লাগে হা! এনেকে বুলি পুলিচক তেতিয়া কৈছিলে, (উত্তেজিত হৈ) কিন্তু, এতিয়া বিজেপিত যোৱাৰ লগে লগে তেখেতে শুনিও নাপায়, দেখিও নাপায় ছাৰ। মেইন কথাটো এইটোৱেই। এক নম্বৰ কথাটো।

গো পালক — মোৰ দুইশ মান গৰু আছে ছাৰ।

অখিল গগৈ—দুশ ?

গো পালক—হয় ছাৰ।

অখিল গগৈ — কি নাম আপোনাৰ?

গো পালক — পোৱালি বৰ্মন। মানুহ ৰাখিছো চাৰিটা, মই এতিয়া দৰমহা দিম না, নিজৰ গৰু বিক্ৰী কৰিম? গৰুটো বিক্ৰী কৰিব নোৱাৰো ছাৰ, গৰুটো আছে দুশ, মানুহটো আপোনাক চাৰিটা লাগে, গৰুখিনি এতিয়া এৰি দিলে, ধান খালে মানুহে মাৰে, অসুবিধাত পৰি গৈছো।

অখিল গগৈ — বিৰাট ডাঙৰ প্ৰ’ব্লেম হ’ব গৈ আছে দেখোন!

পোৱালি বৰ্মন –গৰু আছে ২০০ ছাৰ, মানুহ পুহিছো চাৰিটা, খোৱা বোৱা সব দিব লাগে, সিহঁতেও ঘৰখনো চলাব লাগে। দৰমহা দি ৰাখি আছো, এতিয়াটো চাৰি মাহৰ পৰা একো কোনো আমাৰ সুবিধাই নাই, আৰুটো এক্‌টা গৰু বিক্ৰী কৰি দিলেই আমাৰ দুইজনৰ-তিনিজনৰ দৰমহাটো হৈ যায়, এতিয়াটো বেচিব পৰা নাই, এতিয়াটো সমস্যাটো বহুত ডাঙৰ হৈ গৈছে, এতিয়া যেতিয়া আমি গৰুখিনি এৰি দিম, এৰি দিলেও কাৰোবাৰ ধান খালে আমাকে আহি ধৰিব, তহঁতে গৰু পুহিছ, আমাৰ ধান খাইছে, পইচা দে-গৰু লৈ যা – এনকৈ কয়।

অখিল গগৈ — আপুনি কি ভাবিছে এতিয়া, এই যে দুশ গৰু আছে আৰু তাৰ পৰা এতিয়া ইন্‌কাম নাইকিয়া হৈ গ’ল, এতিয়া আপুনি কি কৰিম বুলি ভাবিছে?

পোৱালি বৰ্মন — আমি এতিয়া ভাবিছো- আমাৰ আইনটো খুলি দিলে ভাল হ’ব, তেতিয়া আমি গৰু বেচিব পাৰিলে অলপ শান্তি লাগিব, আমাৰ লগত আৰু চাৰিটা মানুহ বাচি আছে, পৰিয়াল বাচি আছে, আমি এইটো কৰি সৰুৰে পৰা খাই আছো।

গো পালক — মোৰ জেগাটো হ’ল ছাৰ, আমি সবেই একে জেগাৰে মানুহ। একে জেগাৰ পৰা আহিছো। কিছুমান চৰ-চাপৰি অঞ্চলৰ, কিছুমান পানী অঞ্চলৰ, কিছুমান তিনি-আলি, চাৰি-আলি অঞ্চলৰ হয়, কিন্তু সবৰে অত্যন্ত জেগা মানে পানী জেগা—-মোৰ ১৬ হাল গৰু আছে, মোৰটো সব ডাঙৰ গৰু, মোৰো এক্‌জন গোৱাল আছে, গৰু চৰোৱা, পালন কৰা——তাৰপিছত আমি গাইগৰু ইমান পোৱালীকে পুহিব নোৱাৰো ছাৰ, বা এইবাৰ বিশেষকে গাই গৰু আমি নাপালো, কেলেই বুলি ক’লে বিশেষকে—আমাৰ বজাৰটো, চিমেন চাপৰি বজাৰটো দেওবাৰ দিনাখন হয়, আমি, এতিয়া ধৰি লওঁক, ভাদ-আহিন-কাতি মাহ আহিছে, এই টাইমত আমি বুঢ়া-বুঢ়া গৰু বিলাক কিনো, তাৰপিছত সেই বুঢ়া-বুঢ়া গৰুবিলাক কিনি পেলাই-যেনেকা ২০ হাজাৰ, ৩৫ হাজাৰ, তাৰপিছত এইটো আমি আঘোণ-পুহ-মাঘ-ফাগুন-চ’ত, ব’হাগলৈকে আমি পোহো। সেইটো পাঁচমাহ-ছয়মাহ। আমি ৭০ হাজাৰ, ৮০ হাজাৰ, ৯০ হাজাৰ টকাত বিক্ৰী কৰো। এতিয়া এইটো সুবিধা আমাৰ মৰি গৈছে। এতিয়া সেই আগতে, সেই কৈছিলে নহয়, লক্‌ডাউনৰ কেইমাহমান আগতে আমাক বহুত বেমেজালি কৰি দিছিল, বিক্ৰী বাৰ্তা কৰিব পৰা নাই, সেইখিনি টাইমতে মোৰ গৰু বিলাক থাকি গ’ল ছাৰ, এইফালে মোৰ একদম flood area, থাকিবলৈ জেগা নাই, মানুহ বহিবলৈ জেগা নাই। মই ভিডিঅ’টো আনিছিলো, মই ডিলিট কৰি পালো, অত্যন্ত জেগা বেয়া। ব্ৰহ্মপুত্ৰৰ এইফালে, আকৌ ইফালে, ডিকাৰী নদী আহে, আকৌ এই ফালে চিমেন চাপৰিত নদীটো প্লাছ হয়, এনেকে মানে অত্যন্ত যন্ত্ৰণাত আমি চলি আছো। আমাৰ বহুত কেইটা আছে ইয়াত, কিছুমান অন্য অন্য জেগাৰ পৰা আহিছে, কিন্তু District একে, সমষ্টি একে-আপোনাৰ পৰা ভাল এটা পৰামৰ্শ বিচাৰিছোঁ ছাৰ।

অখিল গগৈ – এতিয়া মই কি কৰিব পাৰোঁ । আপোনালোকৰ মতে মই কি কি কৰিব পাৰোঁ

গো পালকসকল – ছাৰ আপুনি কিবা কৰিম বুলি কৈছিল। ছাৰ আপুনি বিধানসভাত কিবা…

অখিল গগৈ – চাওক মই এটা কাম কৰিব পাৰোঁ। মই এনেকৈ ভাবি আছোঁ, আপোনালোক আহিব বুলি মোক কালিয়ে কলে। মই এনেকৈ ভাবি আছোঁ, মোৰ এটাই সুবিধা আছে, সেইটো হল যে—rules বনোৱা কমিটিখন, সেই কমিটিখন মই চাব পাৰিম। আৰু সেই Rules বনোৱা কমিটি, কি আছিল কমিটিখন , যিখন Lesiglature কমিটি, Committee on Subordinate legislation এই যিখন কমিটি, সেইখনৰ মই যিহেতু মেম্বাৰ আৰু তাৰ চেয়াৰমেন হল ৰেণুকুমাৰ ৰাজকোঁৱৰ। মই তাত আপোনালোকে মোক এনেকুৱা বুদ্ধি দিব লাগে, এনেকুৱা কিছুমান কথা কব লাগে, যত আইন এখন কাৰ্যকৰী হয়, Rules ৰ জৰিয়তে, তাৰ পিছফালে যিটো Rules বনায়, সেইটোৰ জৰিয়তেহে আইনখন কেনেকৈ প্ৰযোজ্য হব সেইটো ঠিক হব Rulesত।  সেই Rules বনোৱা কামত যিহেতু মই দায়িত্বটো পাইছোঁ, যিহেতু মই তাৰ মেম্বাৰ, গতিকে মই চেষ্টা কৰিম যে আপোনালোকক, যদিও ইহঁতে খুব সাম্প্ৰদায়িক ধৰণেৰে চৰকাৰে এই গোটেই গো-আইনখন বনাই মানুহবিলাকৰ গোটেই গো-ব্যৱসায়টোকেই বন্ধ কৰি দিব খুজিছে, কিন্তু তাত ৰেহাইৰ কথা আছে, এটা আছে—ইখন জিলাৰ পৰা সিখন জিলালৈ যাব পাৰিব, যদিহে পশুধনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, হাল বাবৰ কাৰেণ বা পুহিবৰ কাৰণে নিয়ে, তেনেকুৱা কিবা মই মানে ৰাস্তা এটা বনাব পাৰোঁ নেকি।

(বি:দ্ৰ: গো –সুৰক্ষা আইন গৃহীত হোৱাৰ পাছত অসমৰ গো-পালকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৷  গো পালকসকলে ১৯ আগষ্টত সাক্ষাৎ কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ৷ এই সাক্ষাতৰ ভিডিও কেপিটেল ৰিডিঙ চাৰ্কোলে ‘দ্য ক্ৰছকাৰেন্ট’লৈ প্ৰকাশৰ বাবে প্ৰেৰণ কৰিছে  ৷ লগতে ভিডিওত হোৱা কথা- বতৰাৰ লিখিত ৰূপো কেপিটেল ৰিডিং চাৰ্কোলে প্ৰস্তুত কৰিছে ৷ ইয়াত কোনো সম্পাদনা কৰা হোৱা নাই ৷)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.