ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

Share This Article

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷

জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ধৃত ব্যক্তিকেইজন হৈছে মৰিগাঁৱৰ খাইৰুল ইছলাম (৫৫) , ভজন বিশ্বাস (৬৫) আৰু আছিক আলী (২৪)৷

তেওলোকে এটা গঁড়ৰ চোৰাং খৰ্গ বিক্ৰী কৰিবলৈ লওতেই আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷এই অভিযানত দ্বিতীয় অসম বন সংৰক্ষণ বাহিনীয়েও সহযোগ কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.