সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷

জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

- Donation -

ধৃত ব্যক্তিকেইজন হৈছে মৰিগাঁৱৰ খাইৰুল ইছলাম (৫৫) , ভজন বিশ্বাস (৬৫) আৰু আছিক আলী (২৪)৷

তেওলোকে এটা গঁড়ৰ চোৰাং খৰ্গ বিক্ৰী কৰিবলৈ লওতেই আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷এই অভিযানত দ্বিতীয় অসম বন সংৰক্ষণ বাহিনীয়েও সহযোগ কৰে ৷

 

Leave A Reply

Your email address will not be published.